--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ৰাজনৈতিক নেতাই মাছখোৱাক লৈও আৰম্ভ হ’ল কুটিল ৰাজনীতি। আৰজেডি নেতা তেজস্বী যাদৱে মাছ খোৱাক কেন্দ্ৰ কৰি উত্তাল বিহাৰৰ ৰাজনীতি। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত এতিয়া তীব্ৰ ৰূপত বলিছে ৰাজনীতিৰ বতাহ। তাৰ মাজতে অব্যাহত আছে ৰাজনৈতিক নেতাৰ মাজত বাকযুদ্ধ। গুৰুত্ব পাব নলগীয়া বিষয়ো এতিয়া হৈ পৰিছে ৰাজনৈতিক বিতৰ্কৰ অভিকেন্দ্ৰ। নৱৰাত্ৰিৰ মাজতেই তেজস্বী যাদৱে মাছ খোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিহাৰৰ ৰাজনীতিত।

আৰজেডি নেতাগৰাকীয়ে প্ৰচাৰৰ মাজতেই সোমবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল এটা ভিডিঅ’। নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতেই হেলিকপ্টাৰত মাছৰ সৈতে খাদ্য গ্ৰহণ কৰিছিল তেজস্বী যাদৱে। যোৱা ৮ এপ্ৰিলত সামাজিক সেই ভিডিঅ’টো পোষ্ট কৰিছিল নেতাগৰাকীয়ে। নেতাগৰাকীৰ সেই ভিডিঅ’ক অস্ত্ৰ হিচাপে লৈ ৰাজ্যখনত বিজেপিয়ে আৰম্ভ কৰিছে কুটিল ৰাজনীতি। বিজেপিৰ শীৰ্ষ নেতৃত্বই সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেজস্বী যাদৱক আখ্যা দিছে ঋতুভিত্তিক সনাতনী হিচাপে। নৱৰাত্ৰিত আমিষ ভোজন কৰাৰ বাবে তেজস্বী যাদৱক হিন্দুবিৰোধী আখ্যা দিছে বিজেপিয়ে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গিৰিৰাজ সিঙৰ দৰে জ্যেষ্ঠ বিজেপি নেতাই। 

বিহাৰৰ উপ–মুখ্যমন্ত্ৰীয়ে যাদৱৰ এনে কাৰ্যক তুষ্টিকৰণৰ ৰাজনীতি আখ্যা দিছে। আমিষ ভোজন কৰাক লৈ বিৰ্তকৰ সূচনা হোৱাৰ পাছত বিজেপিক উভতি ধৰিছে আৰজেডি নেতাগৰাকীয়ে। এয়া বিজেপিক লৈ কৰা এক IQ টেষ্ট আছিল , য’ত চূড়ান্তভাৱে বিফল হ’ল দলটো। ছ’চিয়েল মিডিয়া পোষ্টটোত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল ৮ এপ্ৰিল দিনটো। ৯ এপ্ৰিলৰ পৰাহে আৰম্ভ হৈছে নৱৰাত্ৰি। কিন্তু বিজেপিয়ে যে নিবনুৱা, মূল্যবৃদ্ধি আদি প্ৰসংগ তল পেলাবলৈ এনে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় ল’ব তাৰেই IQ টেষ্ট আছিল এয়া। বিজেপিৰ সমালোচনাক প্ৰত্যুত্তৰ দি এই মন্তব্য আৰজেডি নেতাগৰাকীৰ। এনেদৰেই এতিয়া মাছ খোৱাক লৈও উত্তাল হৈছে এখন ৰাজ্যৰ ৰাজনীতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু