--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত ৰাজনৈতিক নেতাই মাছখোৱাক লৈও আৰম্ভ হ’ল কুটিল ৰাজনীতি। আৰজেডি নেতা তেজস্বী যাদৱে মাছ খোৱাক কেন্দ্ৰ কৰি উত্তাল বিহাৰৰ ৰাজনীতি। লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত এতিয়া তীব্ৰ ৰূপত বলিছে ৰাজনীতিৰ বতাহ। তাৰ মাজতে অব্যাহত আছে ৰাজনৈতিক নেতাৰ মাজত বাকযুদ্ধ। গুৰুত্ব পাব নলগীয়া বিষয়ো এতিয়া হৈ পৰিছে ৰাজনৈতিক বিতৰ্কৰ অভিকেন্দ্ৰ। নৱৰাত্ৰিৰ মাজতেই তেজস্বী যাদৱে মাছ খোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিহাৰৰ ৰাজনীতিত।

আৰজেডি নেতাগৰাকীয়ে প্ৰচাৰৰ মাজতেই সোমবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল এটা ভিডিঅ’। নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতেই হেলিকপ্টাৰত মাছৰ সৈতে খাদ্য গ্ৰহণ কৰিছিল তেজস্বী যাদৱে। যোৱা ৮ এপ্ৰিলত সামাজিক সেই ভিডিঅ’টো পোষ্ট কৰিছিল নেতাগৰাকীয়ে। নেতাগৰাকীৰ সেই ভিডিঅ’ক অস্ত্ৰ হিচাপে লৈ ৰাজ্যখনত বিজেপিয়ে আৰম্ভ কৰিছে কুটিল ৰাজনীতি। বিজেপিৰ শীৰ্ষ নেতৃত্বই সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেজস্বী যাদৱক আখ্যা দিছে ঋতুভিত্তিক সনাতনী হিচাপে। নৱৰাত্ৰিত আমিষ ভোজন কৰাৰ বাবে তেজস্বী যাদৱক হিন্দুবিৰোধী আখ্যা দিছে বিজেপিয়ে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গিৰিৰাজ সিঙৰ দৰে জ্যেষ্ঠ বিজেপি নেতাই। 

বিহাৰৰ উপ–মুখ্যমন্ত্ৰীয়ে যাদৱৰ এনে কাৰ্যক তুষ্টিকৰণৰ ৰাজনীতি আখ্যা দিছে। আমিষ ভোজন কৰাক লৈ বিৰ্তকৰ সূচনা হোৱাৰ পাছত বিজেপিক উভতি ধৰিছে আৰজেডি নেতাগৰাকীয়ে। এয়া বিজেপিক লৈ কৰা এক IQ টেষ্ট আছিল , য’ত চূড়ান্তভাৱে বিফল হ’ল দলটো। ছ’চিয়েল মিডিয়া পোষ্টটোত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল ৮ এপ্ৰিল দিনটো। ৯ এপ্ৰিলৰ পৰাহে আৰম্ভ হৈছে নৱৰাত্ৰি। কিন্তু বিজেপিয়ে যে নিবনুৱা, মূল্যবৃদ্ধি আদি প্ৰসংগ তল পেলাবলৈ এনে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় ল’ব তাৰেই IQ টেষ্ট আছিল এয়া। বিজেপিৰ সমালোচনাক প্ৰত্যুত্তৰ দি এই মন্তব্য আৰজেডি নেতাগৰাকীৰ। এনেদৰেই এতিয়া মাছ খোৱাক লৈও উত্তাল হৈছে এখন ৰাজ্যৰ ৰাজনীতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ