--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ঘৰৰ ছাঁদত শুই থকা অৱস্থাতে ঝাৰখণ্ডৰ এটি চাৰিজনীয়া পৰিয়ালৰ সদস্যসকলৰ দেহত আহি পৰিলহি ১১০০০ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ। ফলত থিতাতে নিহত হয় পৰিয়ালটোৰ এগৰাকী সদস্য। গুৰুতৰভাৱে আহত হয় অইন তিনিগৰাকী লোক।


যোৱানিশা এই শোকাৱহ ঘটনাটো সংঘটিত হয় ধানবাদৰ পান্দপৰ্লা অঞ্চলত। শোকাৱহ ঘটনাটোত প্ৰাণ হেৰুওৱা লোকজনক চোহেল আনছাৰী বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ মাতৃ শ্বামিদা খাতুন,ভ্ৰাতৃদ্বয় শ্বাহনৱাজ আৰু শ্বাহৱাজ গুৰুতৰভাৱে আহত হয়। দেহৰ অৰ্ধেক অংশ জ্বলি যোৱা এই তিনি সদস্যক ভৰ্তি কৰোৱা হৈছে শ্বহীদ নিৰ্মল মাহটো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত।ইতিমধ্যেই চোহেল আনছাৰীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।


আনহাতে সমগ্ৰ ঘটনাৰ বাবে স্থানীয় লোকসকলে দায়ী কৰিছে ৰাজ্যখনৰ বিদ্যুৎ বিভাগক। তেওঁলোকে কয় যে কেইবাটাও ঘৰৰ ওপৰেৰে পাৰ হৈ যোৱা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ বিষয়ে তেওঁলোকে বাৰম্বাৰ বিদ্যুৎ বিভাগৰ ওচৰত অভিযোগ দাখিল কৰি অহা সত্বেও বিভাগটোৱে তেওঁলোকৰ কথাত কোনো গুৰুত্ব নিদিলে বাবেই সেই শোকাৱহ ঘটনা সংঘটিত হ’বলৈ পালে।ইফালে ঝাৰখণ্ড বিজুলী বিতৰণ নিগম লিমিটেডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ঘৰৰ ওপৰেৰে পাৰ হৈ যোৱা তাঁৰসমূহৰ স্থানান্তৰৰ কাম চলি আছে আৰু সকলো কাম সোনকালেই সম্পূৰ্ণ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক