--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মাইগ্ৰেইনৰ সমস্যা বাঢ়িছে, যাৰ বাবে মূৰত তীব্ৰ বিষ হয়, তাৰ পিছত যেন মগজুৱে কাম কৰা নাই, তেনে অনুভৱ হয়। এনে পৰিস্থিতিত দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাটো কঠিন হৈ পৰে। ইয়াৰ উপৰিও ৰোগীৰ বমি আৰু মূৰ ঘূৰোৱাৰ সমস্যাও হয়। মাইগ্ৰেইনৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপুনি কেনেধৰণৰ জীৱনশৈলী গ্ৰহণ কৰিব লাগে জানো আহক।

মাইগ্ৰেইনৰ পৰা হাত সাৰিবলৈ উপায়

১/ মানসিক চাপৰ পৰা আঁতৰি থাককঃ বৰ্তমানৰ ৰান-অফ-দ্য-মিল জীৱনৰ হেঁচা আৰু দায়িত্বৰ বাবে মানসিক চাপ হোৱাটো নিশ্চিত। ইয়াৰ আঁৰত পৰিয়ালৰ সমস্যা, প্ৰেম বা বন্ধুত্বত প্ৰতাৰণা, টকাৰ অভাৱ আদি কাৰণ থাকিব পাৰে। কিন্তু যিকোনো পৰিস্থিতিত সুখী হোৱাটো প্ৰয়োজন, অন্যথা মাইগ্ৰেইনৰ আশংকা বৃদ্ধি পাব পাৰে।

২/ পৰ্যাপ্ত পৰিমাণে টোপনি লোৱাঃ বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এজন সুস্থ মানুহে গোটেই দিনটো প্ৰায় ৭ৰ পৰা ৮ ঘণ্টা টোপনি ল’ব লাগে। যদি আপুনি এই ঘন্টাতকৈ কম সময় শোৱে তেন্তে আপুনি নিজে মাইগ্ৰেইনক নিমন্ত্ৰণ জনাই আছে। গতিকে যিমান পাৰি দৈনিক টোপনি সম্পূৰ্ণ কৰক।

৩/ ছাতিৰ ব্যৱহাৰঃ আপুনি নিশ্চয় প্ৰায়ে লক্ষ্য কৰিছে যে গ্ৰীষ্মকালত মাইগ্ৰেইনৰ সমস্যা অলপ বাঢ়ি যায়। সাধাৰণতে যেতিয়া আমি গৰম ৰ’দত থাকোঁ, তেতিয়া মূৰৰ তীব্ৰ বিষ হয়। ৰ’দত কমকৈ ওলাই যোৱা ভাল, যদিহে বাহিৰলৈ ওলোৱা বাধ্যবাধকতা হয়, তেন্তে ছাতি এটা লওক আৰু কপাহী কাপোৰেৰে মূৰটো ঢাকিব লাগে।

৪/ হজম শক্তি সুস্থ কৰি ৰাখকঃ পেটৰ বিকাৰক বহু ৰোগৰ মূল বুলি গণ্য কৰা হয়, মাইগ্ৰেইনো তাৰ ভিতৰত অন্যতম। স্বাস্থ্যসন্মত আৰু আঁহযুক্ত খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰক আৰু তেলীযুক্ত খাদ্য পৰিহাৰ কৰক, কাৰণ এচিডিটি আৰু গেছৰ ফলত মাইগ্ৰেইনৰ আশংকা হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement