--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যশস্বী সংগীতশিল্পী বাপ্পী লাহিড়িয়ে বুধবাৰে পুৱা মুম্বাইৰ এখন চিকিৎসালয়ত ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। কেৱল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে নাম ৰৈ বৈ গৈছিল ‘ডিস্কো কিঙ’ৰ খ্যাতি। শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পাছতে প্ৰকাশ পাইছে নানা স্মৃতিকথা। বাপ্পী লাহিড়িৰ গীতৰ হেনো অনুৰাগী আছিল 'পপ সম্ৰাট' মাইকেল জেকছন। বাপ্পী লাহিড়িয়ে নিজেই এবাৰ এটা সাক্ষাত্‍কাৰত এই কথা প্ৰকাশ কৰিছিল। বাপ্পীদাৰ ডিঙিত থকা সোণালী গণেশৰ নেকলেছডাল পছন্দ কৰিছিল 'পপ সম্ৰাট' মাইকেল জেকছনে। বাপ্পীয়ে কৈছিল, ‘১৯৯৬ চনৰ কথা। মাইকেল জেকচন ভাৰতলৈ আহিছিল। তেতিয়াই প’প ষ্টাৰজনে মোক লগ পাইছিল। মোক মাতিছিল আৰু সোণৰ গণেশ খোদিত লকেটটোৰ প্ৰশংসা কৰিছিল।’ তাৰ পাছত মাইকেল জেকছনে মোৰ নাম কি সুধিছিল। মই ক’লো – বাপ্পী লাহিড়ি। মোৰ নাম শুনি প’প সম্ৰাটজনে সুধিলে, আপুনি সংগীত পৰিচালক নেকি? মই কৈছিলো- হয়, মই ‘ডিস্কো ডান্সাৰ’ ছবিখনৰ গীতবোৰ পৰিচালনা কৰিছো। উত্তৰত পপ সম্ৰাটজনে ক’লে, ‘মই আপোনাৰ 'জিমি জিমি' গীতটো বৰ ভাল পাওঁ।’ স্মৰ্তব্য যে, ১৯৮২ চনত 'ডিস্কো ডান্সাৰ' ছবিখনৰ সংগীত পৰিচালনা কৰিছিল বাপ্পী লাহিড়িয়ে। মিথুন চক্ৰৱৰ্তী অভিনীত সেই ছবিখনৰে এটি জনপ্ৰিয় গীত আছিল ‘জিমি জিমি’। দেশ-বিদেশৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছিল এই গীতটো। মধ্য আৰু দক্ষিণ এছিয়া, পূব আৰু পশ্চিম আফ্ৰিকা, মধ্য-প্ৰাচ্য, পূব এছিয়াৰ লগতে ৰাছিয়াতো ব্যাপকভাৱে প্ৰশংসিত হৈছিল এই গীতটো। কেৱল সেয়াই নহয়,সংগীতৰ সমান্তৰালকৈ ক্ৰীড়াৰ প্ৰতিও বাপ্পীদাৰ আছিল প্ৰবল অনুৰাগ। ডিয়েগো মাৰাডোনাৰ বাবে গীত লিখিছিল বাপ্পী লাহিড়িয়ে। ‘লাভ ফ’ৰ ফুটবল’ নামেৰে এটি গীতত কন্ঠ নিগৰাইছিল যশস্বী সংগীত শিল্পীগৰাকীয়ে। গীতটিৰ ৰচনা তেওঁৰ নিজৰে। উল্লেখ্য যে, আৰ্জেণ্টিনাৰ কিংবদন্তী ফুটবলাৰ মাৰাডোনা আছিল বাপ্পীদাৰ ফেভাৰিট। ২০০৬ চনত মাৰাডোনাৰ বাবে লিখা আৰু কন্ঠ নিগৰোৱা গীতটো ডুবাইত আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী অধিনায়ক জনক উপহাৰ দিছিল বাপ্পী লাহিড়িয়ে। মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰেও যশস্বী শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ছ'চিয়েল মিডিয়াত এক শোক বাৰ্তাত শচীনে এটা গীতৰ কথা উল্লেখ কৰি কয়, ‘ খেলৰ মাজত নিজকে চাপমুক্ত কৰি ৰাখিবলৈ ড্ৰেছিং ৰূমত আমি বাপ্পীদাৰ গীত শুনিছিলো। ড্ৰেছিং ৰূমত 'ডিস্কো ডান্সাৰ' ছবিখনৰ 'য়াদ আ ৰহা হ্যে' গীতটো শুনিছিলো।’ কেৱল শচীন তেণ্ডুলকাৰে নহয় বিৰাট কোহলী, যুৱৰাজ সিং, হৰভজন সিং আৰু মহম্মদ আজহাৰুদ্দিনকে ধৰি বহু ভাৰতীয় ক্ৰিকেটাৰে সংগীতজ্ঞ জনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু