--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যশস্বী সংগীতশিল্পী বাপ্পী লাহিড়িয়ে বুধবাৰে পুৱা মুম্বাইৰ এখন চিকিৎসালয়ত ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। কেৱল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে নাম ৰৈ বৈ গৈছিল ‘ডিস্কো কিঙ’ৰ খ্যাতি। শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পাছতে প্ৰকাশ পাইছে নানা স্মৃতিকথা। বাপ্পী লাহিড়িৰ গীতৰ হেনো অনুৰাগী আছিল 'পপ সম্ৰাট' মাইকেল জেকছন। বাপ্পী লাহিড়িয়ে নিজেই এবাৰ এটা সাক্ষাত্‍কাৰত এই কথা প্ৰকাশ কৰিছিল। বাপ্পীদাৰ ডিঙিত থকা সোণালী গণেশৰ নেকলেছডাল পছন্দ কৰিছিল 'পপ সম্ৰাট' মাইকেল জেকছনে। বাপ্পীয়ে কৈছিল, ‘১৯৯৬ চনৰ কথা। মাইকেল জেকচন ভাৰতলৈ আহিছিল। তেতিয়াই প’প ষ্টাৰজনে মোক লগ পাইছিল। মোক মাতিছিল আৰু সোণৰ গণেশ খোদিত লকেটটোৰ প্ৰশংসা কৰিছিল।’ তাৰ পাছত মাইকেল জেকছনে মোৰ নাম কি সুধিছিল। মই ক’লো – বাপ্পী লাহিড়ি। মোৰ নাম শুনি প’প সম্ৰাটজনে সুধিলে, আপুনি সংগীত পৰিচালক নেকি? মই কৈছিলো- হয়, মই ‘ডিস্কো ডান্সাৰ’ ছবিখনৰ গীতবোৰ পৰিচালনা কৰিছো। উত্তৰত পপ সম্ৰাটজনে ক’লে, ‘মই আপোনাৰ 'জিমি জিমি' গীতটো বৰ ভাল পাওঁ।’ স্মৰ্তব্য যে, ১৯৮২ চনত 'ডিস্কো ডান্সাৰ' ছবিখনৰ সংগীত পৰিচালনা কৰিছিল বাপ্পী লাহিড়িয়ে। মিথুন চক্ৰৱৰ্তী অভিনীত সেই ছবিখনৰে এটি জনপ্ৰিয় গীত আছিল ‘জিমি জিমি’। দেশ-বিদেশৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰিছিল এই গীতটো। মধ্য আৰু দক্ষিণ এছিয়া, পূব আৰু পশ্চিম আফ্ৰিকা, মধ্য-প্ৰাচ্য, পূব এছিয়াৰ লগতে ৰাছিয়াতো ব্যাপকভাৱে প্ৰশংসিত হৈছিল এই গীতটো। কেৱল সেয়াই নহয়,সংগীতৰ সমান্তৰালকৈ ক্ৰীড়াৰ প্ৰতিও বাপ্পীদাৰ আছিল প্ৰবল অনুৰাগ। ডিয়েগো মাৰাডোনাৰ বাবে গীত লিখিছিল বাপ্পী লাহিড়িয়ে। ‘লাভ ফ’ৰ ফুটবল’ নামেৰে এটি গীতত কন্ঠ নিগৰাইছিল যশস্বী সংগীত শিল্পীগৰাকীয়ে। গীতটিৰ ৰচনা তেওঁৰ নিজৰে। উল্লেখ্য যে, আৰ্জেণ্টিনাৰ কিংবদন্তী ফুটবলাৰ মাৰাডোনা আছিল বাপ্পীদাৰ ফেভাৰিট। ২০০৬ চনত মাৰাডোনাৰ বাবে লিখা আৰু কন্ঠ নিগৰোৱা গীতটো ডুবাইত আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী অধিনায়ক জনক উপহাৰ দিছিল বাপ্পী লাহিড়িয়ে। মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰেও যশস্বী শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ছ'চিয়েল মিডিয়াত এক শোক বাৰ্তাত শচীনে এটা গীতৰ কথা উল্লেখ কৰি কয়, ‘ খেলৰ মাজত নিজকে চাপমুক্ত কৰি ৰাখিবলৈ ড্ৰেছিং ৰূমত আমি বাপ্পীদাৰ গীত শুনিছিলো। ড্ৰেছিং ৰূমত 'ডিস্কো ডান্সাৰ' ছবিখনৰ 'য়াদ আ ৰহা হ্যে' গীতটো শুনিছিলো।’ কেৱল শচীন তেণ্ডুলকাৰে নহয় বিৰাট কোহলী, যুৱৰাজ সিং, হৰভজন সিং আৰু মহম্মদ আজহাৰুদ্দিনকে ধৰি বহু ভাৰতীয় ক্ৰিকেটাৰে সংগীতজ্ঞ জনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু