--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কঠিন সময়ৰ মাজেৰে দিন কটাইছে অভিনেত্ৰী ৰাখী সাৱন্তে। ভেলেণ্টাইন ডে'ৰ আগৰ দিনাখন ইনষ্টাগ‌্ৰামত ৰীতেশৰ সৈতে বিবাহ বিচ্ছেদৰ বিষয়ে পোষ্ট কৰিছিল ৰাখীয়ে। তাৰপাছত যেন একপ্ৰকাৰে ভাঙি পৰিছিল অভিনেত্ৰীগৰাকী। এটি মনটো ভাল লগাবলৈ ৰাখীয়ে এখন বিবাহ লৈ গমন কৰিব। ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ পুৱাৰ ভাগত আফছানা-চাজৰ বিয়ালৈ ৰাওনা হ'ব ৰাখী।স্বামী ৰীতেশ সিঙৰ পৰা হঠাতে পৃথক হোৱাৰ বাবে ৰাখী সাৱন্তে কঠিন সময়ৰ মাজেৰে দিন কটাইছে। অৱশ্যে, তেওঁ নিশ্চিত কৰিছে যে তেওঁৰ ব্যক্তিগত জীৱনে তেওঁৰ বিগ বছ ১৫ৰ বন্ধু আফছানা খানৰ বিয়াত প্ৰভাৱ পেলাব নোৱাৰে। সংবাদ মাধ্যমৰ সৈতে শেহতীয়াকৈ হোৱা বাৰ্তালাপত ৰাখী সাৱন্তে তেওঁৰ ফিয়াংক চাজৰ সৈতে আফছানাৰ বিয়াৰ প্ৰস্তুতিৰ বিষয়ে স্পষ্টভাৱে অৱগত কৰিছিল। তেওঁ প্ৰকাশ কৰিছিল যে, বিবাহৰ প্ৰতিটো উৎসৱৰ বাবে তেওঁৰ পোছাক সাজু । বিবাহ ঘৰত নৃত্য কৰি অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰিবলৈ ও সাজু আছে তেওঁ । 'ধাৰাৱী' আৰু 'গণপতি' নৃত্য কৰি সকলোৰে মন মুহিবলৈ সাজু হৈছে নৃত্য শিল্পীগৰাকী। এই নৃত্যৰ সম্পৰ্কত তেওঁ কয়, 'মুঝে পাচান্দ হে, আপনা মাষ্ট ফ্ৰিক-আউট নৃত্য,।' লগতে অতিথিৰ তালিকাত চেলিব্ৰেটীসকলৰ ভিতৰত কোন আছে সেই সন্দৰ্ভত ৰাখীয়ে প্ৰকাশ কৰে যে বলীউডৰ অভিনেত্ৰী জৰিন খানৰ পৰা বিগ বছ ১৫ ৰ উমাৰ ৰিয়াজলৈকে সকলোকে আফছানা আৰু চাজৰ বিয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। ৰাখীয়ে আৰু প্ৰকাশ কৰিছিল যে, সকলোৱে ১৮ ফেব্ৰুৱাৰীৰ পুৱা আফছানা-চাজৰ বিয়ালৈ ৰাওনা হ'ব। সময় আৰু অন্যান্য বিৱৰণ ভাগ বতৰা কৰি, ইপিনে ৰাখীক আদৰিবলৈ পাপাৰাজিক বিমানবন্দৰত উপস্থিত হ'ব বুলিও মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু