--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃইণ্ডিগ'ৰ এখন বিমানে  মাদুৰাইৰ পৰা দিল্লীলৈ উৰা মাৰিছিল। কিন্তু বিমান খনে বহু উচ্চতাতউৰি থকাৰ সময়তে বিমান খনত থকা এজন যাত্ৰীৰ মুখেৰে হোলা-হোলে তেজ ওলাবলৈ ধৰে।  ৬০ বছৰীয়া অতুল গুপ্তা নাংমৰ যাত্ৰীগৰাকীৰ এনে অৱস্থা দেখি আচৰিত হৈ পৰে বিমানকৰ্মীসকল। 

অসুস্থ হৈ পৰা যাত্ৰীগৰাকীক সুস্থ কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা কৰা হ’ল। কিন্তু কোনো চেষ্টাই কাম নিদিলে। লগে লগে তলৰ নিয়ন্ত্ৰণ কক্ষলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰা হ’ল- আমাক জৰুৰী অৱতৰণৰ সুবিধা দিয়ক। ।  ইণ্ডিগ' বিমানখনক লগে লগে জৰুৰী অৱতৰণৰ অনুমতি দিয়া হয়।  ইন্দোৰ বিমানবন্দৰত বিমান খনৰ জৰুৰী অৱতৰণ কৰোৱা হয়।  অসুস্থ যাত্ৰী জনৰ বাবেই বিমান খনে  জৰুৰী অৱতৰণ কৰে যদিও  যাত্ৰীজনক বচাব পৰা নগ'ল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

ইণ্ডিগ'ৰ বিমান ৬ই-২০৮৮ খনে মাদুৰাইৰ পৰা দিল্লীলৈ উৰা মাৰিছিল। ইন্দোৰৰ দেৱী অহিলিয়াবাই হোলকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰবোধ চন্দ্ৰ শৰ্মাই কয় যে যাত্ৰীজন হঠাতে মাজ আকাশত  অসুস্থ হৈ পৰে। তেওঁৰ মুখৰ পৰা তেজ ওলাই আহিছিল। বিমানখনত তেওঁৰ শাৰীৰিক অৱস্থাৰ অধিক  অৱনতি ঘটিছিল।

বিমানখনে ইন্দোৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছিল। তাৰ পৰা অসুস্থ যাত্ৰীজনক স্থানীয় ব্যক্তিগত চিকিৎসালয় এখনলৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকসকলে কয়  যে তেওঁ ইতিমধ্যে মৃত্যুবৰণ কৰিছে। মৃত যাত্ৰীজনৰ  উচ্চ ৰক্তচাপ আৰু শৰ্কৰাৰ সমস্যা আছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ