--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃইণ্ডিগ'ৰ এখন বিমানে  মাদুৰাইৰ পৰা দিল্লীলৈ উৰা মাৰিছিল। কিন্তু বিমান খনে বহু উচ্চতাতউৰি থকাৰ সময়তে বিমান খনত থকা এজন যাত্ৰীৰ মুখেৰে হোলা-হোলে তেজ ওলাবলৈ ধৰে।  ৬০ বছৰীয়া অতুল গুপ্তা নাংমৰ যাত্ৰীগৰাকীৰ এনে অৱস্থা দেখি আচৰিত হৈ পৰে বিমানকৰ্মীসকল। 

অসুস্থ হৈ পৰা যাত্ৰীগৰাকীক সুস্থ কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা কৰা হ’ল। কিন্তু কোনো চেষ্টাই কাম নিদিলে। লগে লগে তলৰ নিয়ন্ত্ৰণ কক্ষলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰা হ’ল- আমাক জৰুৰী অৱতৰণৰ সুবিধা দিয়ক। ।  ইণ্ডিগ' বিমানখনক লগে লগে জৰুৰী অৱতৰণৰ অনুমতি দিয়া হয়।  ইন্দোৰ বিমানবন্দৰত বিমান খনৰ জৰুৰী অৱতৰণ কৰোৱা হয়।  অসুস্থ যাত্ৰী জনৰ বাবেই বিমান খনে  জৰুৰী অৱতৰণ কৰে যদিও  যাত্ৰীজনক বচাব পৰা নগ'ল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও  চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

ইণ্ডিগ'ৰ বিমান ৬ই-২০৮৮ খনে মাদুৰাইৰ পৰা দিল্লীলৈ উৰা মাৰিছিল। ইন্দোৰৰ দেৱী অহিলিয়াবাই হোলকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰবোধ চন্দ্ৰ শৰ্মাই কয় যে যাত্ৰীজন হঠাতে মাজ আকাশত  অসুস্থ হৈ পৰে। তেওঁৰ মুখৰ পৰা তেজ ওলাই আহিছিল। বিমানখনত তেওঁৰ শাৰীৰিক অৱস্থাৰ অধিক  অৱনতি ঘটিছিল।

বিমানখনে ইন্দোৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছিল। তাৰ পৰা অসুস্থ যাত্ৰীজনক স্থানীয় ব্যক্তিগত চিকিৎসালয় এখনলৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকসকলে কয়  যে তেওঁ ইতিমধ্যে মৃত্যুবৰণ কৰিছে। মৃত যাত্ৰীজনৰ  উচ্চ ৰক্তচাপ আৰু শৰ্কৰাৰ সমস্যা আছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক