--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত বহুতো ফুলৰ কথা কোৱা হৈছে। ইয়াৰ ভিতৰত আছে ব্ৰহ্মকমলৰ ফুল। ব্ৰহ্মকমল ফুল চাৰি প্ৰকাৰৰ হোৱা দেখা যায়, এই ফুলৰ বিশেষ তাৎপৰ্য্য আছে। মাজনিশা অলপ সময়ৰ বাবেহে এই ফুল ফুলে বুলি জনবিশ্বাস আছে। যদি কোনো লোকে এই ফুল ফুলি থকা দেখা পায়, তেওঁৰ ভাগ্য জিলিকি উঠে বুলিও কোৱা হয়।

 ব্ৰহ্মকমল নিজেই ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ফুল বুলি এটা ধৰ্মীয় বিশ্বাস আছে। কোৱা হয় যে এই ফুলৰ ওপৰত স্বয়ং ব্ৰহ্মাজী বহে আৰু এই ফুলৰ পৰাই ব্ৰহ্মাৰ জন্ম হৈছিল বুলি কোৱা হয়। ব্ৰহ্মফুল বছৰত এবাৰহে কেইঘণ্টামান কাৰণে এই ফুলে। এই ফুলৰ বিষয়ে বিশ্বাস কৰা হয় যে ভগৱান শিৱই ভগৱান গণেশৰ কটা মূৰত ব্ৰহ্মকমলৰ ফুলৰ পানী ছটিয়াই দিছিল। সেইবাবেই এই ফুলৰ বিশেষ গুৰুত্ব আছে বুলিও কোৱা হয়।

 এই ফুল ঘৰত ৰাখিলে ঋণাত্মক শক্তি দূৰ হৈ ধনাত্মক শক্তি সঞ্চাৰিত হয়। এই ফুলে আৰ্থিক অৱস্থা শক্তিশালী কৰে আৰু সুখ-সমৃদ্ধি বৃদ্ধি কৰে। কোৱা হয় যে যদি এই ফুল ভগৱান শিৱক অৰ্পণ কৰা হয়, তেন্তে তেওঁ সোনকালে সন্তুষ্ট হৈ পৰে বুলিও কোৱা হয়। একে সময়তে ঘৰত এই ফুল ৰাখিলে ভগৱান শিৱৰ আশীৰ্বাদ পোৱা যায়। এই ফুল ফুলাৰ লগে লগে ভক্তসকলৰ ভাগ্যও একেদৰেই সলনি হয় বুলি বিশ্বাস কৰা হয়।

 ব্ৰহ্মকমল ফুলে কেৱল ঘৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰাই নহয়, ভাগ্যও জিলিকাই তোলে। এই ফুল ভগৱান শিৱৰ অতি প্ৰিয়। হিমালয়ৰ কিছু অংশত এই ফুল পোৱা যায়। কোৱা হয় যে যিজন ব্যক্তিয়ে এই ফুল ফুলি থকা দেখে, তেওঁৰ সকলো মনোবাঞ্ছা পূৰণ হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক