--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত বহুতো ফুলৰ কথা কোৱা হৈছে। ইয়াৰ ভিতৰত আছে ব্ৰহ্মকমলৰ ফুল। ব্ৰহ্মকমল ফুল চাৰি প্ৰকাৰৰ হোৱা দেখা যায়, এই ফুলৰ বিশেষ তাৎপৰ্য্য আছে। মাজনিশা অলপ সময়ৰ বাবেহে এই ফুল ফুলে বুলি জনবিশ্বাস আছে। যদি কোনো লোকে এই ফুল ফুলি থকা দেখা পায়, তেওঁৰ ভাগ্য জিলিকি উঠে বুলিও কোৱা হয়।

 ব্ৰহ্মকমল নিজেই ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ফুল বুলি এটা ধৰ্মীয় বিশ্বাস আছে। কোৱা হয় যে এই ফুলৰ ওপৰত স্বয়ং ব্ৰহ্মাজী বহে আৰু এই ফুলৰ পৰাই ব্ৰহ্মাৰ জন্ম হৈছিল বুলি কোৱা হয়। ব্ৰহ্মফুল বছৰত এবাৰহে কেইঘণ্টামান কাৰণে এই ফুলে। এই ফুলৰ বিষয়ে বিশ্বাস কৰা হয় যে ভগৱান শিৱই ভগৱান গণেশৰ কটা মূৰত ব্ৰহ্মকমলৰ ফুলৰ পানী ছটিয়াই দিছিল। সেইবাবেই এই ফুলৰ বিশেষ গুৰুত্ব আছে বুলিও কোৱা হয়।

 এই ফুল ঘৰত ৰাখিলে ঋণাত্মক শক্তি দূৰ হৈ ধনাত্মক শক্তি সঞ্চাৰিত হয়। এই ফুলে আৰ্থিক অৱস্থা শক্তিশালী কৰে আৰু সুখ-সমৃদ্ধি বৃদ্ধি কৰে। কোৱা হয় যে যদি এই ফুল ভগৱান শিৱক অৰ্পণ কৰা হয়, তেন্তে তেওঁ সোনকালে সন্তুষ্ট হৈ পৰে বুলিও কোৱা হয়। একে সময়তে ঘৰত এই ফুল ৰাখিলে ভগৱান শিৱৰ আশীৰ্বাদ পোৱা যায়। এই ফুল ফুলাৰ লগে লগে ভক্তসকলৰ ভাগ্যও একেদৰেই সলনি হয় বুলি বিশ্বাস কৰা হয়।

 ব্ৰহ্মকমল ফুলে কেৱল ঘৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰাই নহয়, ভাগ্যও জিলিকাই তোলে। এই ফুল ভগৱান শিৱৰ অতি প্ৰিয়। হিমালয়ৰ কিছু অংশত এই ফুল পোৱা যায়। কোৱা হয় যে যিজন ব্যক্তিয়ে এই ফুল ফুলি থকা দেখে, তেওঁৰ সকলো মনোবাঞ্ছা পূৰণ হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু