--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড এৰিনাত একাধিক অভিনেত্ৰীৰ লাস্যময়ী ৰূপত ক্লীন ব’ল্ড হৈ যায় লাখ লাখ অনুৰাগী। কিন্তু নিজৰ হটনেছেৰে অনুৰাগীক বলিয়া কৰি তোলাৰ ক্ষমতা ৰাখে অভিনেত্ৰী মালাইকা অৰোৰাই। বয়স বাঢ়িলেও সাইলাখ ২০বছৰীয়া যুৱতীৰ দৰে নিজকে টঙাই ৰাখিছে মালাইকাই। ফিটনেছেৰে ৰূপৱতী হৈ পৰা অভিনেত্ৰীগৰাকীৰ শৰীৰৰ ভাঁজে মন হৰিছে অনুৰাগীৰ। ইয়াৰোপৰি মালাইকাতকৈ ১০বছৰ সৰু অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্কৰ বাবে প্ৰায়ে ছ'চিয়েল মিডিয়াৰ লাইম লাইটত থাকে তেওঁ। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ এটা ইনষ্টাগ্ৰাম পোষ্ট ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। অভিনেত্ৰী মালাইকা অৰোৰা বৰ্তমান চান ফ্ৰান্সিস্কোত আছে। তাৰ পৰাই এটা ভিডিঅ' পোষ্ট কৰিছে মালাইকাই আৰু এই ভিডিঅ’টোৱে এতিয়া টোপনি হৰিছে অনুৰাগীৰ। ভিডিঅ'টো শোৱনি কোঠাত নিৰ্মাণ কৰিছিল মালাইকাই নিজে। ভাইৰেল ভিডিঅ'টোত, অভিনেত্ৰীগৰাকীক পাতল গাউন পিন্ধা দেখা গৈছে। তাৰ পাছত তেওঁ চকীখনত উঠি আগলৈ আউজী দিয়ে আৰু লাস্যময়ী ভংগীত লিৰিকি বিদাৰি বান্ধিছে চুলিৰ খোপা। পাতল দীপ কাট গাউনত স্পষ্ট হৈ পৰিছে মালাইকাৰ বক্ষযুগলৰ একাংশ। এই ব’ল্ড ভিডিঅ'টো অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ পাছতে ব্যাপকভাবে ভাইৰেল হৈ পৰিছে। ইয়াৰোপৰি, সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে এখন মেগাজিনৰ বাবে ফটোশ্বুট কৰিছে।মেগাজিনৰ ক’ভাৰ ফটোখন অলপতে তেওঁ শ্বেয়াৰ কৰিছিল। হেলো মেগাজিনৰ বাবে ফটোশ্বুট কৰিছে মালাইকাই।ফটোখন ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পাছতে লাইক,কমেণ্টৰ বন্যা বৈ গৈছে। উল্লেখ্য যে, মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰে ২০১৮চনৰ পৰাই প্ৰেমৰ সম্পৰ্কত আছে। ইয়াৰপূৰ্বে আৰবাজ খানৰ সৈতে ১৯বছৰীয়া বিবাহিত জীৱনো কটোৱা মালাইকাৰ আছে ১৮বছৰীয়া পুত্ৰ সন্তান। সম্প্ৰতি, তেওঁ অভিনেত্ৰীগৰাকীয়ে বিখ্যাত ৰিয়েলিটী শ্ব ‘ইণ্ডিয়ান বেষ্ট ডান্সাৰ’ৰ বিচাৰক হিচাপে কাম কৰি আছে।   PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু