--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ গ্লেমাৰ জগত আৰু বিভিন্ন ধৰণৰ সম্পৰ্কৰ বিতৰ্ক একেটা মুদ্ৰাৰে যেন ইপিঠি-সিপিঠি। ইয়াৰ মাজতে কেতিয়াবা বিভিন্ন সম্পৰ্কৰ গুঞ্জন সামাজিক মাধ্যমত ট্ৰেণ্ডিং হৈ পৰা দেখা যায়। কেতিয়াবা আকৌ বিভিন্ন তাৰকাৰ ফটো ভাইৰেল হয় ছ’চিয়েল মিডিয়াত। বলীউডৰ তেনে এগৰাকী অভিনেত্ৰী সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁ আন কোন নহয়, অমিতাভ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন। অভিনয় দক্ষতাৰ দিশৰ পৰাই হওক, তাৰকা পৰিয়ালৰ কাহিনীৰ ফালৰ পৰাই হওক, সমগ্ৰ ভাৰততে জনপ্ৰিয় বচ্চন পৰিয়াল। অৱশ্যে, ঐশ্বৰ্য ৰায় বচ্চনৰ এখন ছবি এতিয়া ব্যাপকভাবে ভাইৰেল হৈ পৰিছে।ছবিখনে আচৰিত কৰি তুলিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক। জানিবলৈ পোৱা মতে, অজয় দেৱগন আৰু অভিষেক বচ্চন পৰিবাৰৰ সৈতে অলপতে এটা অনুষ্ঠানলৈ গৈছিল। চাৰিওজনে গল্পত মছগুল আছিল। কিন্তু হঠাত্‍ অজয় দেৱগন আৰু ঐশ্বৰ্য ৰায় বচ্চনে এনে এটা কাম কৰিলে যিটো কামে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। প্ৰকৃততে কি ঘটিছিল? দৰাচলতে, প্ৰথমে এখন ছবিত অজয় দেৱগনক তেওঁৰ পত্নী কাজল আৰু অভিষেক বচ্চনৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে থিয় হৈ কথা পাতি থকা দেখা গৈছে। কিন্তু পৰৱৰ্তী ছবিত অভিষেক বচ্চনৰ সন্মুখতে অজয় দেৱগনৰ ওঁঠত ওঁঠ থৈ গভীৰ চুম্বনত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে ঐশ্বৰ্যক। শুনিবলৈ আশ্চৰ্যকৰ যেন লাগিলেও সাম্প্ৰতিক ছবিখনত এয়াই স্পষ্ট হৈ পৰিছে। অভিনেত্ৰীগৰাকীৰ এনে কথোপকথন দেখি সকলোৱে আচৰিত হৈছে। পৰৱৰ্তী সময়ত জানিবলৈ পোৱা গৈ যে, অজয় দেৱগন আৰু ঐশ্বৰ্য ৰায় বচ্চনে গল্প পাতি থকা সময়ত সৌজন্যতাৰ খাতিৰত শব্দ কৰিছিল দুয়ো। কিন্তু কেমেৰামেনে গৈ এনে সময়ত ফটোখন তুলিছিল যে চাওতে এনে লাগে যেন দুয়োজন তাৰকাই ৰোমান্টিক চুম্বনত লিপ্ত হৈ আছে। সম্প্ৰ‌তি তাকে লৈ চৰ্চিত হৈ পৰিছে বচ্চন পৰিয়াল। অভিনেত্ৰীগৰাকীক অনুৰাগীয়ে কৰিছে ট্ৰ’ল। অভিষেকলৈ উঠিছে প্ৰশ্ন!   আকৌ এবাৰ মেট্ৰিক পৰীক্ষাত বহিব অভিষেক বচ্চনে! জুনিয়ৰ বচ্চনক লৈ গৰ্বিত অমিতাভ - Dasvi movie ইফালে, পুনৰ দশম শ্ৰেণীৰ পৰীক্ষাত বহিবলৈও সাজু অভিষেক বচ্চন। পৰীক্ষাৰ বাবে প্ৰস্তুতিও একেবাৰে অন্তিম পৰ্যায়ত। জুনিয়ৰ বচ্চনৰ এনে কাৰ্যত গৌৰৱান্বিত পিতৃ অমিতাভ বচ্চন। আপোনালেকে নিশ্চয় ভাবিছে যে, এই বয়সত অভিষেকে কিয় দশম শ্ৰেণীৰ পৰীক্ষাত বহিবলৈ লৈছে? কথাটো একেবাৰে মিছা নহয়। অভিষেকে পৰীক্ষা দিব, দশম শ্ৰেণীৰ পৰীক্ষা। পাছে বাস্তৱত নহয়। অভিষেকে পৰীক্ষা দিব ৰূপালী পৰ্দাত। অলপতে ‘দছৱী’ ছবিখনৰ ট্ৰিজাৰ মুকলিৰ সময়ত এই কথা প্ৰকাশ কৰিছে অভিষেকে।   PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু