--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমেগা ৩ ফেটি এচিড হৈছে অত্যাৱশ্যকীয় ফেটি এচিড, যি বিধ এচিড শৰীৰে নিজে সৃষ্টি কৰিব নোৱাৰে। আমি সেইবোৰ খাদ্যৰ পৰা লাভ কৰিব লাগিব। অমেগা ৩ ফেটি এচিডৰ বহুতো লাভালাভ আছে। এইবোৰে বেয়া কলেষ্টেৰল হ্ৰাস কৰে, ই আনকি ৰক্তচাপ হ্ৰাস কৰিব পাৰে।আমেৰিকাৰ স্কুল অফ নিউট্ৰিশ্যনৰ জাৰ্ণেলত প্ৰকাশ পোৱা অনুসৰি ৰৌ মাছে উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিপদ হ্ৰাস কৰে । কাৰণ ৰৌ মাছত থকা অমেগা ৩ ফেটি এচিডে উচ্চ ৰক্তচাপ থাকিলে সেয়া হ্ৰাস কৰাত অনুঘটকৰ ভূমিকা পালন কৰে।

নেশ্যনেল চেন্টাৰ ফৰ বায়’লজিকেল ইনফৰ্মেশ্যনৰ তথ্য অনুসৰি,অমেগা ৩ ফেটি এচিডে তেজৰ অনুচক্ৰিকাক গোট মৰাত বাধা দিয়ে ফলত ষ্ট্ৰোক হোৱাৰ আশংকা কমি যায়।

হৃদযন্ত্ৰক সুস্থ-সৱল কৰি ৰাখিবলৈ যি ধৰণৰ প্ৰাকৃতিক উপাদানৰ প্ৰয়োজন সেয়া ৰৌ মাছত প্ৰচুৰ পৰিমাণে পোৱা যায়।ৰৌ মাছৰ তেলত থকা থকা ওমেগা-৩ নামৰ ফেটি এচিডে তেজৰ বাবে ক্ষতিকাৰক কলেষ্ট’ৰেল এলডিএল তথা ভিএলডিএল হ্ৰাস কৰাৰ লগতে উপকাৰী কলেষ্ট’ৰেল এইচডিএলৰ পৰিমাণ বৃদ্ধি কৰে।সাধাৰণতে সাগৰৰ মাছত এই পদাৰ্থ থাকে যদিও ৰৌ মাছতো সেই একে পদাৰ্থই পোৱা যায় ৷

সেয়ে মাছৰ ভিতৰত অন্যতম উপকাৰী মাছ হৈছে এই ৰৌ মাছ। ৰৌ মাছে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে।

ৰৌ মাছত আন বহু মাছৰ তুলনাত কেল’ৰিৰ পৰিমাণ কম থাকে বাবে মেদবহুল লোকসকলেও নিয়মিত এই মাছ খাব পাৰে।

ফলত হৃদযন্ত্ৰত চৰ্বি জমা হোৱাত বাধাৰ সৃষ্টি হয়।ৰৌ মাছত অমেগা ৩ ফেটি এচিড থাকে। 
ৰৌ মাছত উচ্চ প্ৰ’টিন থাকে। সেয়ে এই মাছে দেহৰ বিকাশতো সহায় কৰে।

ৰৌ মাছত ভিটামিন এ, ডি, ই আদি প্ৰচুৰ পৰিমাণে থাকে।

সেইদৰে কেলচিয়াম, জিংক, ছডিয়াম, পটাছিয়াম, আইৰণ তথা খনিজ পদাৰ্থও ৰৌ মাছৰ পৰা পাব পাৰি।

খাদ্য বিশেষজ্ঞসকলৰ মতে ৰৌ মাছত কোলিন নামৰ এবিধ বিশেষ পদাৰ্থ থাকে। এই পদাৰ্থ বিধে শৰীৰত বিভিন্ন প্ৰয়োজনীয় পদাৰ্থ সৃষ্টিত সহায় কৰে।





 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ