--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে কৰোনাৰ আধিপত্যৰ মাজতে নতুন আতংকৰ সৃষ্টি কৰিছে মাংকি পক্সেষ। মাৰাত্মক ৰোগবিধে  আফ্ৰিকাৰ পৰা আহি ভাৰততো প্ৰৱেশ কৰিছে। এতিয়ালৈকে দেশত মাংকি পক্সত আঠজন লোকআক্ৰান্ত হৈছে। মৃত্যু হৈছে এজন লোকৰ। আক্ৰান্তসকলৰ মাজৰে পাঁচজন কেৰালাৰ আৰু তিনিজন দিল্লীৰ। কেলিফ’ৰ্নিয়াকে ধৰি বিশ্বৰ বহু ঠাইত মাংকি পক্সৰ সংক্ৰমণৰ বাবেই স্বাস্থ্য  সম্পৰ্কীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। এনে পৰিস্থিতিত ৰোগ বিধকলৈ সতৰ্ক হৈ পৰিছে ভাৰত চৰকাৰো। স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে মাংকিপক্স সন্দৰ্ভত   বিশেষ নিৰ্দেশনা প্ৰকাশ কৰি সাধাৰণ ৰাইজক সতৰ্ক কৰি দিছে। মাংকি পক্সৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই বিষয়ত কেন্দ্ৰৰ  নিৰ্দেশনাত কোৱা হৈছে।

কি কৰিব?
১. মাংকি পক্সত  আক্ৰান্ত ব্যক্তিজনক  লগে লগে আনৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰক। যাতে তেওঁৰ পৰা আন কোনো লোক সংক্ৰমিত হ’ব নোৱাৰে।
২. নিজৰ লগত হেণ্ড চেনিটাইজাৰ  ৰাখিব। যদি আপুনি ঘৰত আছে চাবোনেৰে আপোনাৰ হাত ধুই থাকিব।
৩.যদি আপুনি ৰোগীৰ ওচৰলৈ যাব লগা হয় তেন্তে  মাস্ক আৰু  হাতমোজা পিন্ধিব । ব্যৱহাৰৰ পিছত সেইবোৰ পেলাই দিব। 
৪.আপোনাৰ চৌদিশ  পৰিষ্কাৰ কৰি ৰাখিবলৈ বীজাণুনাশক স্প্ৰে  কৰিব।

কি কৰিব নালাগে?
১, ৰোগীৰ বিচনা, কাপোৰ, টাৱেল, বাচন-বৰ্তন আনে ব্যৱহাৰ নকৰিব।

২.যদি কাৰোৱাৰ মাংকি পক্সৰ  লক্ষণ থাকে তেন্তে তেওঁ ঘৰৰ বাহিৰলৈ ওলাই নোযোৱাই ভাল। ই সংক্ৰমণ বিয়পাৰ আশংকা বৃদ্ধি কৰে।
৩.সংক্ৰমিত বা লক্ষণ থকা লোকৰ চিকিৎসাত অৱহেলা  নকৰিব। সামাজিক মাধ্যমত প্ৰকাশিত  ভুৱা বাতৰি বোৰ বিশ্বাস নকৰিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ