--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ৰবিনা টেণ্ডনৰ এটা ভিডিঅ’। দেখা গৈছে যে  ৰবিনাৰ বিৰুদ্ধে তেওঁৰ গাড়ীয়ে পথচাৰীক খুন্দা মৰাৰ অভিযোগত বহুতো মানুহে ঘেৰি ধৰিছে। কেৱল সেয়াই নহয়, ৰবিনাৰ বিৰুদ্ধেও মাৰপিটৰ এজাহাৰ দাখিল কৰা হয়। অভিযোগ অনুসৰি, মদ্যপানৰ অৱস্থাতেই অভিনেত্ৰীগৰাকীয়ে পথচাৰীৰ সৈতে কাজিয়া কৰে।

এজন এক্স হেণ্ডেল ব্যৱহাৰকাৰীয়ে এই ঘটনাৰ ভিডিঅ’ পোষ্ট কৰে। এইবাৰ তেওঁৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে অভিনেত্ৰীগৰাকীয়ে।

ভিডিঅ’টো বনাইছিল মহচিন শ্বেখ নামৰ এজন ব্যক্তিয়ে। তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে ৰবিনা। অভিনেত্ৰীগৰাকীৰ অধিবক্তা বিগ বছৰ খ্যাতি সানা ৰায়ছ খানে কয় যে কিছুদিন পূৰ্বে ৰবিনাৰ বিৰুদ্ধে কেইবাটাও মিছা অভিযোগ উত্থাপন হৈছিল। অৱশ্যে সমগ্ৰ ঘটনা অঞ্চলটোৰ চিচিটিভি ফুটেজত স্পষ্ট হৈ পৰিছে। X হেণ্ডেলত শ্বেয়াৰ কৰা ভিডিঅ’টো বিভ্ৰান্তিকৰ আৰু অসত্য।

এই ঘটনাৰ ভিডিঅ’ ফুটেজ ইণ্টাৰনেটত বিয়পি পৰে। পথচাৰীসকলে ৰবিনাৰ বিৰুদ্ধেও থানাত এজাহাৰ দাখিল কৰে। অৱশ্যে মুম্বাই আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে, ৰবিনাৰ গাড়ীখনে কাকো একেবাৰেই খুন্দা মৰা নাছিল। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত এজন ব্যক্তিয়ে দাবী কৰিছে যে ৰবিনাৰ গাড়ীৰ চালকে তেওঁৰ মাতৃক খুন্দা মাৰে। প্ৰতিবাদ কৰিলে ৰবিনাই সিহঁতক মাৰপিট কৰিবলৈ ধৰিলে। অৱশ্যে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে ৰবিনাক ক্লিয়াৰেন্স দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ