--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ গুজৰাটৰ ছুৰাট জিলা আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ২০১৯ চনত দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড বিহে। আজি অৰ্থাৎ ২৩মাৰ্চত ছুৰাট জিলা আদালতে ৰাহুল গান্ধীৰ জামিনো মঞ্জুৰ কৰে, আৰু আদালতে ৩০দিনৰ বাবে নিজৰ আদেশ স্থগিত ৰাখে যাতে কংগ্ৰেছ নেতাগৰাকীয়ে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰে।

 ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত লোকসভা নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে মোডী উপাধিক লৈ দিয়া বিতৰ্কিত মন্তব্যক লৈ বিজেপিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে দিয়া অভিযোগৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছিল।উক্ত সভাখনত ৰাহুল গান্ধীয়ে ‘নীৰৱ মোডী হওক, ললিত মোডী হওক বা নৰেন্দ্ৰ মোডী হওক সকলো চোৰৰ নামত মোডী কিয় আছে,’ বুলি বিতৰ্কিত মন্তব্য কৰিছিল৷

 বৃহস্পতিবাৰে সংসদৰ বাহিৰত আদালতৰ নিৰ্দেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ৰাহুল গান্ধীৰ এই “মনোভাৱ”ৰ বাবেই কংগ্ৰেছ “দুখ"ত ভুগিছে। সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰিজিজুৱে কয় যে "ৰাহুল গান্ধীয়ে যি কয়, কংগ্ৰেছ দল আৰু সমগ্ৰ জাতিটোক সদায় নেতিবাচকভাৱে প্ৰভাৱিত কৰে৷"

 বৃহস্পতিবাৰে সংসদৰ বাহিৰত আদালতৰ নিৰ্দেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে,"এই ৰায় আশা কৰা ধৰণেৰে দিয়া হৈছে। ৰাহুল গান্ধীয়ে এই গোচৰত জামিন লাভ কৰিছে। আমি আৰম্ভণিৰে পৰাই জানিছিলোঁ কাৰণ বিজেপিয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰা বিচাৰক বাৰম্বাৰ সলনি কৰি থাকিল। আমি আইন, ন্যায়পালিকাত বিশ্বাস কৰোঁ আৰু আইন অনুসৰি ইয়াৰ বিৰুদ্ধে যুঁজ দিম।’’

 ১৭ মাৰ্চ অৰ্থাৎ শুকুৰবাৰে এই মানহানিৰ অভিযোগ গোচৰৰ ওপৰত মুখ্য ন্যায়িক দণ্ডাধীশ এইচ এইচ বাৰ্মাই দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰে। ৰাহুল গান্ধীৰ অধিবক্তাৰ অনুৰোধৰ ভিত্তিত ৰায়দানৰ দিন ২৩মাৰ্চলৈ বৃদ্ধি কৰিছিল৷উল্লেখযোগ্য যে ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাত দাখিল কৰা মানহানিৰ গোচৰত ৰাহুল গান্ধীয়ে শেষবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰ মাহত নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ চুৰাট আদালতত হাজিৰ হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে