--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ গুজৰাটৰ ছুৰাট জিলা আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ২০১৯ চনত দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড বিহে। আজি অৰ্থাৎ ২৩মাৰ্চত ছুৰাট জিলা আদালতে ৰাহুল গান্ধীৰ জামিনো মঞ্জুৰ কৰে, আৰু আদালতে ৩০দিনৰ বাবে নিজৰ আদেশ স্থগিত ৰাখে যাতে কংগ্ৰেছ নেতাগৰাকীয়ে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰে।

 ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত লোকসভা নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে মোডী উপাধিক লৈ দিয়া বিতৰ্কিত মন্তব্যক লৈ বিজেপিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে দিয়া অভিযোগৰ ভিত্তিত ৰাহুল গান্ধীৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছিল।উক্ত সভাখনত ৰাহুল গান্ধীয়ে ‘নীৰৱ মোডী হওক, ললিত মোডী হওক বা নৰেন্দ্ৰ মোডী হওক সকলো চোৰৰ নামত মোডী কিয় আছে,’ বুলি বিতৰ্কিত মন্তব্য কৰিছিল৷

 বৃহস্পতিবাৰে সংসদৰ বাহিৰত আদালতৰ নিৰ্দেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ৰাহুল গান্ধীৰ এই “মনোভাৱ”ৰ বাবেই কংগ্ৰেছ “দুখ"ত ভুগিছে। সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰিজিজুৱে কয় যে "ৰাহুল গান্ধীয়ে যি কয়, কংগ্ৰেছ দল আৰু সমগ্ৰ জাতিটোক সদায় নেতিবাচকভাৱে প্ৰভাৱিত কৰে৷"

 বৃহস্পতিবাৰে সংসদৰ বাহিৰত আদালতৰ নিৰ্দেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে,"এই ৰায় আশা কৰা ধৰণেৰে দিয়া হৈছে। ৰাহুল গান্ধীয়ে এই গোচৰত জামিন লাভ কৰিছে। আমি আৰম্ভণিৰে পৰাই জানিছিলোঁ কাৰণ বিজেপিয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰা বিচাৰক বাৰম্বাৰ সলনি কৰি থাকিল। আমি আইন, ন্যায়পালিকাত বিশ্বাস কৰোঁ আৰু আইন অনুসৰি ইয়াৰ বিৰুদ্ধে যুঁজ দিম।’’

 ১৭ মাৰ্চ অৰ্থাৎ শুকুৰবাৰে এই মানহানিৰ অভিযোগ গোচৰৰ ওপৰত মুখ্য ন্যায়িক দণ্ডাধীশ এইচ এইচ বাৰ্মাই দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰে। ৰাহুল গান্ধীৰ অধিবক্তাৰ অনুৰোধৰ ভিত্তিত ৰায়দানৰ দিন ২৩মাৰ্চলৈ বৃদ্ধি কৰিছিল৷উল্লেখযোগ্য যে ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাত দাখিল কৰা মানহানিৰ গোচৰত ৰাহুল গান্ধীয়ে শেষবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰ মাহত নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ চুৰাট আদালতত হাজিৰ হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ