--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ জীনমাতা দেৱী মন্দিৰ অতি বিখ্যাত। এই মন্দিৰক লৈ বহুতো অলৌকিক কাহিনী শুনিবলৈ পোৱা যায়। এই মন্দিৰটো ৰাজস্থানৰ ছিকাৰ জিলাৰ দন্তৰামগড় তহচিলৰ ৰালাৱটা গাঁৱৰ আৰৱল্লী পাহাৰৰ মাজত অৱস্থিত। ইয়াত জীনমাতাক অলৌকিকতাৰ দেৱী বুলি কোৱা হয়। জীনমাতা ইমানেই জাগ্ৰত দেৱী যে মোগল সম্ৰাট ঔৰংজেৱো তেওঁৰ ভক্ত হৈ পৰিছিল। 

জীনমাতাৰ বিষয়ে বহু কাহিনী শুনিবলৈ পোৱা যায়। বিশেষকৈ মোগল সম্ৰাট ঔৰংজেবৰ সৈতে জড়িত এটা কাহিনী অতি বিখ্যাত। যেতিয়া মোগল আক্ৰমণকাৰীয়ে ভাৰতৰ হিন্দু মন্দিৰবোৰ আক্ৰমণ কৰি ধ্বংস কৰি আছিল, তেতিয়া কিছুমান মন্দিৰ আছিল যিবোৰ মোগল সম্ৰাটসকলে ভাঙিব পৰা নাছিল আৰু তাৰ পৰিণামৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

ৰাজস্থানৰ ছিকাৰ জিলাত অৱস্থিত জীনমাতা মন্দিৰো তেনে এক মন্দিৰ। যেতিয়া মোগল সম্ৰাট ঔৰংজেবৰ সৈন্যই ইয়াত উপস্থিত হৈ এই দেৱী মন্দিৰ ভাঙিবলৈ চেষ্টা কৰিছিল তেতিয়া জীনমাতাই এক অলৌকিকতা দেখুৱাইছিল। হঠাতে অগণন মৌমাখিয়ে ঔৰংজেবৰ সৈন্যৰ ওপৰত আক্ৰমণ কৰি তেওঁলোকক সেই স্থান ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। পাছতো মন্দিৰটো ভাঙিবলৈ চেষ্টা কৰোতে এনে ঘটনাৰ পুনৰাবৃত্তি হ’ল।

মৌমাখিৰ আক্ৰমণ বাৰে বাৰে হৈ থকাত মোগল সম্ৰাট ঔৰংজেৱে নিজৰ ভুল বুজি জীনমাতাৰ ওচৰত ক্ষমা খুজিছিল। কেৱল এয়াই নহয়, ইয়াৰ পিছত সম্ৰাট ঔৰংজেৱে নিজৰ দৰবাৰৰ পৰা জীনমাতা মন্দিৰলৈ প্ৰতিমাহে খাটি সৰিয়হৰ তেল পঠিয়াবলৈ আৰম্ভ কৰিলে। এই পৰম্পৰা বহুদিন ধৰি চলি থাকিল।

উল্লেখ্য যে চৈত্ৰা নৱৰাত্ৰি উপলক্ষে শক্তিপীঠ জীনধামত ৯ দিনীয়া জীন মেলাৰ আয়োজন কৰা হয়। য'ত দেশ আৰু বিশ্বৰ লাখ লাখ ভক্তই অংশগ্ৰহণ কৰিবলৈ ঢপলিয়াই আহে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ