--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ জীনমাতা দেৱী মন্দিৰ অতি বিখ্যাত। এই মন্দিৰক লৈ বহুতো অলৌকিক কাহিনী শুনিবলৈ পোৱা যায়। এই মন্দিৰটো ৰাজস্থানৰ ছিকাৰ জিলাৰ দন্তৰামগড় তহচিলৰ ৰালাৱটা গাঁৱৰ আৰৱল্লী পাহাৰৰ মাজত অৱস্থিত। ইয়াত জীনমাতাক অলৌকিকতাৰ দেৱী বুলি কোৱা হয়। জীনমাতা ইমানেই জাগ্ৰত দেৱী যে মোগল সম্ৰাট ঔৰংজেৱো তেওঁৰ ভক্ত হৈ পৰিছিল। 

জীনমাতাৰ বিষয়ে বহু কাহিনী শুনিবলৈ পোৱা যায়। বিশেষকৈ মোগল সম্ৰাট ঔৰংজেবৰ সৈতে জড়িত এটা কাহিনী অতি বিখ্যাত। যেতিয়া মোগল আক্ৰমণকাৰীয়ে ভাৰতৰ হিন্দু মন্দিৰবোৰ আক্ৰমণ কৰি ধ্বংস কৰি আছিল, তেতিয়া কিছুমান মন্দিৰ আছিল যিবোৰ মোগল সম্ৰাটসকলে ভাঙিব পৰা নাছিল আৰু তাৰ পৰিণামৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

ৰাজস্থানৰ ছিকাৰ জিলাত অৱস্থিত জীনমাতা মন্দিৰো তেনে এক মন্দিৰ। যেতিয়া মোগল সম্ৰাট ঔৰংজেবৰ সৈন্যই ইয়াত উপস্থিত হৈ এই দেৱী মন্দিৰ ভাঙিবলৈ চেষ্টা কৰিছিল তেতিয়া জীনমাতাই এক অলৌকিকতা দেখুৱাইছিল। হঠাতে অগণন মৌমাখিয়ে ঔৰংজেবৰ সৈন্যৰ ওপৰত আক্ৰমণ কৰি তেওঁলোকক সেই স্থান ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। পাছতো মন্দিৰটো ভাঙিবলৈ চেষ্টা কৰোতে এনে ঘটনাৰ পুনৰাবৃত্তি হ’ল।

মৌমাখিৰ আক্ৰমণ বাৰে বাৰে হৈ থকাত মোগল সম্ৰাট ঔৰংজেৱে নিজৰ ভুল বুজি জীনমাতাৰ ওচৰত ক্ষমা খুজিছিল। কেৱল এয়াই নহয়, ইয়াৰ পিছত সম্ৰাট ঔৰংজেৱে নিজৰ দৰবাৰৰ পৰা জীনমাতা মন্দিৰলৈ প্ৰতিমাহে খাটি সৰিয়হৰ তেল পঠিয়াবলৈ আৰম্ভ কৰিলে। এই পৰম্পৰা বহুদিন ধৰি চলি থাকিল।

উল্লেখ্য যে চৈত্ৰা নৱৰাত্ৰি উপলক্ষে শক্তিপীঠ জীনধামত ৯ দিনীয়া জীন মেলাৰ আয়োজন কৰা হয়। য'ত দেশ আৰু বিশ্বৰ লাখ লাখ ভক্তই অংশগ্ৰহণ কৰিবলৈ ঢপলিয়াই আহে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব