--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰয়োজনাধিক উপাৰ্জন কৰিলেও বহুলোকে জমা কৰিব নোৱাৰে আৰ্জিত ধন৷ আয়-ব্যয়ৰ ভাৰসাম্যহীনতাৰ বাবে এজন ব্যক্তি আৰ্থিকভাৱে স্বচ্ছল নোহোৱাকৈয়ে থাকি যায়। 

বাস্তু শাস্ত্ৰৰ মতে ইয়াৰ আঁৰত থাকিব পাৰে কেইবাটাও কাৰক। বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ তিনিটা স্থানত দৰিদ্ৰতাই থিতাপি লয় বুলি বিশ্বাস কৰা হয়৷ আৰু এনে দৰিদ্ৰতাৰ পৰা ঘৰ এখনক উদ্ধাৰ কৰিবলৈ বাস্তু শাস্ত্ৰত আছে কিছুমান বিধি৷  

সেই বিধি অনুসৰি ঘৰখনৰ এইকেইটা বস্তুৰ স্থান সলনি কৰিলে আপোনাৰ ঘৰতো ধন জমা হ’বলৈ আৰম্ভ কৰিব।

জ্যোতিষ আৰু বাস্তু শাস্ত্ৰত ঘৰৰ তিনিটা প্ৰধান স্থানত মানুহৰ দৰিদ্ৰতাৰ সৈতে সংযোগ কৰা দেখা যায়। ইয়াৰ ভিতৰত- পানীৰ টেংকি, শৌচাগাৰ, ঘৰটোৰ উত্তৰ দিশ।

পানী যোগানৰ সুবিধাৰ বাবে আজিকালি সকলোৱে ঘৰত পানীৰ টেংকি বনাই লয়। কিন্তু আপোনাৰ ঘৰত স্থাপন কৰা পানীৰ টেংকিটো যদি দক্ষিণ-পূব দিশত থাকে তেন্তে ই ঘৰখনৰ অনিষ্ট কৰিব পাৰে। দক্ষিণ-পূব জুইৰ স্থান আৰু যেতিয়া জুইৰ ঠাইত পানী ৰখা হয় তেতিয়া জীৱনলৈ ঋণাত্মক শক্তি আহে। ইয়াৰ ফলত ঘৰত কাজিয়া, মাৰপিট, বিবাদ বাঢ়ি যায়। ইয়াৰ পৰিণতি হিচাপে এজন ব্যক্তিৰ অৰ্থনৈতিক অগ্ৰগতিত বাধা আহি পৰে।

বাস্তু শাস্ত্ৰৰ বিধিমৰ্মে যদি ঘৰৰ শৌচাগাৰটো ঘৰটোৰ উত্তৰ-পূব দিশত নিৰ্মাণ কৰা হয়, তেন্তে সেইঘৰৰ মুখিয়ালজনে আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। অৰ্থনৈতিক অৱক্ষয়ৰ বাহিৰেও ই স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰিব পাৰে। গতিকে ঘৰৰ উত্তৰ-পূব দিশত কেতিয়াও শৌচাগাৰ নিৰ্মাণ নকৰিব৷

আনহাতে, সদায় গোটেই ঘৰখন পৰিষ্কাৰ হৈ থাকিব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঘৰখনলৈ ইতিবাচক শক্তি কঢ়িয়াই আনে। বাস্তু শাস্ত্ৰ অনুসৰি, যদি ঘৰৰ উত্তৰ দিশত জাবৰ থাকে বা সামগ্ৰীবোৰ বিশৃংখল হৈ থাকে, তেন্তে এইবোৰো দৰিদ্ৰতাৰ একোটা কাৰণ হৈ পৰিব পাৰে। এই দিশটো ভগৱান কুবেৰৰ বুলি বিশ্বাস কৰা হয়। সেয়ে এই দিশৰ পৰা অহা শক্তিয়েই আপোনাৰ জীৱনৰ অৱস্থা নিৰ্ণয় কৰে। সেয়ে এই দিশত কেতিয়াও জাবৰ-জোঁথৰ নাৰাখিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ