--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান যুগৰ ব্যস্ততাপূৰ্ণ জীৱন, পাৰিবাৰিক দায়িত্ব, পঢ়া-শুনাৰ বোজা, আৰ্থিক সমস্যা আৰু হাৰ্ট ব্ৰেকৰ দৰে সমস্যাৰ বাবে আজিকালি প্ৰায় মানুহ মানসিক চাপত থাকে। মানুহ মানসিক চাপত থাকিলে আমাৰ শৰীৰে বেলেগ বেলেগ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মানসিক চাপৰ বাবে আমাৰ শৰীৰত বহুতো হৰম’ন নিঃসৰণ হ’বলৈ ধৰে আৰু আমি অস্থিৰতা অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। মানসিক চাপ থাকিলে আমাৰ শৰীৰো অসুস্থ হৈ পৰে আৰু মানসিক চাপ লৈ থাকিলে বুলিয়েই সমস্যাৰো সমাধান নহয়, গতিকে ইয়াৰ কিছুমান লক্ষণ চিনাক্ত কৰি ইয়াক দূৰ কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগে।

টেনচনত শৰীৰে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

পৰিৱৰ্তিত সময়ৰ লগে লগে মানুহৰ মানসিক চাপ নিয়ন্ত্ৰণৰ ক্ষমতা কমি আহিছে আৰু মানুহৰ খং বাঢ়িছে। আহকচোন যেতিয়া টেনচন বাঢ়ি যায় তেতিয়া শৰীৰৰ পৰা কেনেকৈ সংকেত আহিবলৈ আৰম্ভ কৰে সেই কথা জানো।

- কামৰ প্ৰতি অনাগ্ৰহ।
- পেটত অসুবিধা হোৱা।
- যৌন ইচ্ছা কমি যোৱা।
- সঘনাই মূৰৰ বিষ।
- কঁকালৰ বিষ হোৱা।
- দ্ৰুত উশাহ লোৱা।
- স্মৃতিশক্তি দুৰ্বল হোৱা।

টেনচন ফ্ৰী হৈ থকাৰ সহজ উপায়

১)প্ৰথমে আপোনাৰ টেনচনৰ কাৰণ বিচাৰি উলিয়াওক।

২)সমস্যাতকৈ সমাধানৰ ওপৰত বেছি মনোনিৱেশ কৰক।

৩)কিছুদিন কামৰ পৰা বিৰতি লোৱাটো উচিত হ’ব।

৪)ছুটীত ওলাই যাওক।

৫)নিজকে বুজিবলৈ সময় উলিয়াওক।

৬)যিটোৱে আপোনাক সুখী কৰে, সেইটো কৰক।

৭)ধ্যানৰ সহায় লওক।

৮)আপোনজনৰ লগত সময় কটাওক।

৯)জীৱনক বহুমূলীয়া বুলি ধৰি লওক আৰু বিশ্বাস কৰক যে জীৱনতকৈ বেছি গুৰুত্বপূৰ্ণ একোৱেই নহয়।

১০)টেঙা আৰু তেলীযুক্ত খাদ্য কমকৈ খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ