--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহনীয়া কুকুৰ হৈছে মানুহৰ মনোৰঞ্জনৰ অন্যতম উৎস। কুকুৰৰ মৰমলগা অংগী-ভংগীয়ে সকলোকে আকৰ্ষণ কৰে। সাধাৰণতে দেখা যায় যে কুকুৰে মানুহৰ লগত কথা পাতি থাকোঁতে মূৰটো এটা দিশলৈ হেলনীয়া কৰি ৰাখে। কিয় হেলনীয়াকৈ ৰাখে এইদৰে? হাংগেৰীৰ বিজ্ঞানীসকলে এটা গৱেষণাৰ জৰিয়তে এই কথাৰ ৰহস্য জানিব পাৰিছে।

বুডাপেষ্টৰ ইঅ’টভছ ল’ৰাণ্ড বিশ্ববিদ্যালয়ৰ (বুডাপেষ্ট, হাংগেৰী) বিজ্ঞানীসকলে গম পাইছে যে কুকুৰে মানুহৰ লগত কথা পাতি থকাৰ সময়ত কিয় মূৰটো এফালে হেলনীয়া কৰি লয়। আগতে মানুহে ভাবিছিল যে মানুহজনৰ কথা বুজি নাপালে কুকুৰে এই কাম কৰে। কিন্তু এই গৱেষণাৰ পৰাই গম পোৱা গৈছে যে বাস্তৱত ইয়াৰ বিপৰীতহে।

এই গৱেষণাত কুকুৰকেইটাক মালিকে বিভিন্ন খেলনাৰ নাম ক’বলৈ কৈছিল। এই কাম কৰি থাকোঁতে বিজ্ঞানীসকলে কুকুৰৰ ভংগীমাৰ ওপৰত অধ্যয়ন কৰিছিল। গৱেষকসকলে জানিব পাৰিছে যে জন্তুটোৰ মূৰৰ গতি আৰু মালিকৰ মাতৰ মাজত এক সম্পৰ্ক আছে।

মাতৰ সুৰ অনুযায়ী কুকুৰটোৰ মূৰটো হেলনীয়া হৈ থাকে। মালিকে বুজাব পৰা সুৰত কিবা কথা ক’লে কুকুৰবোৰে মূৰটো হেলনীয়া কৰি মনোযোগেৰে শুনি থাকে। বিজ্ঞানীসকলে দাবী কৰিছে যে কুকুৰে মূৰ হেলনীয়া কৰাৰ ক্ষেত্ৰত ইয়াৰ জাতৰো প্ৰভাৱ পেলায়।

যিবোৰ কুকুৰ অধিক বুদ্ধিমান জাতৰ আৰু সোনকালে মনত পেলাব পাৰে, সিহঁতে মালিকৰ কথা অধিক ভালদৰে শুনি মূৰটো এফালে হেলনীয়া কৰে। গৱেষণাৰ সময়ত এনে জাতৰ ৪০টা কুকুৰৰ ৪৩ শতাংশ সময়ত মূৰটো হেলনীয়া হৈ পৰিছিল। আনহাতে, যিবোৰ জাতৰ কুকুৰৰ বুদ্ধি কম, সেইবোৰে গৱেষণাৰ ২ শতাংশ সময়ৰ বাবেহে মূৰটো এটা দিশলৈ হেলনীয়া কৰি ৰাখিছিল।

গৱেষকসকলে কৈছে যে যেতিয়া জন্তুটোৱে ভালদৰে শুনি থাকে তেতিয়া ই মূৰটো হেলনীয়া কৰে, কিন্তু এই দিশত অধিক গৱেষণাৰ প্ৰয়োজন আছে কিয়নো এইটোও সম্ভৱ যে যেতিয়া কুকুৰটোৱে মূৰটো হেলনীয়া কৰে তেতিয়া ইয়াৰ মনত এটা প্ৰতিচ্ছবি সৃষ্টি কৰি লয়। এই বিষয়ে গৱেষণাৰ পিছতহে গম পোৱা যাব।














FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু