--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহনীয়া কুকুৰ হৈছে মানুহৰ মনোৰঞ্জনৰ অন্যতম উৎস। কুকুৰৰ মৰমলগা অংগী-ভংগীয়ে সকলোকে আকৰ্ষণ কৰে। সাধাৰণতে দেখা যায় যে কুকুৰে মানুহৰ লগত কথা পাতি থাকোঁতে মূৰটো এটা দিশলৈ হেলনীয়া কৰি ৰাখে। কিয় হেলনীয়াকৈ ৰাখে এইদৰে? হাংগেৰীৰ বিজ্ঞানীসকলে এটা গৱেষণাৰ জৰিয়তে এই কথাৰ ৰহস্য জানিব পাৰিছে।

বুডাপেষ্টৰ ইঅ’টভছ ল’ৰাণ্ড বিশ্ববিদ্যালয়ৰ (বুডাপেষ্ট, হাংগেৰী) বিজ্ঞানীসকলে গম পাইছে যে কুকুৰে মানুহৰ লগত কথা পাতি থকাৰ সময়ত কিয় মূৰটো এফালে হেলনীয়া কৰি লয়। আগতে মানুহে ভাবিছিল যে মানুহজনৰ কথা বুজি নাপালে কুকুৰে এই কাম কৰে। কিন্তু এই গৱেষণাৰ পৰাই গম পোৱা গৈছে যে বাস্তৱত ইয়াৰ বিপৰীতহে।

এই গৱেষণাত কুকুৰকেইটাক মালিকে বিভিন্ন খেলনাৰ নাম ক’বলৈ কৈছিল। এই কাম কৰি থাকোঁতে বিজ্ঞানীসকলে কুকুৰৰ ভংগীমাৰ ওপৰত অধ্যয়ন কৰিছিল। গৱেষকসকলে জানিব পাৰিছে যে জন্তুটোৰ মূৰৰ গতি আৰু মালিকৰ মাতৰ মাজত এক সম্পৰ্ক আছে।

মাতৰ সুৰ অনুযায়ী কুকুৰটোৰ মূৰটো হেলনীয়া হৈ থাকে। মালিকে বুজাব পৰা সুৰত কিবা কথা ক’লে কুকুৰবোৰে মূৰটো হেলনীয়া কৰি মনোযোগেৰে শুনি থাকে। বিজ্ঞানীসকলে দাবী কৰিছে যে কুকুৰে মূৰ হেলনীয়া কৰাৰ ক্ষেত্ৰত ইয়াৰ জাতৰো প্ৰভাৱ পেলায়।

যিবোৰ কুকুৰ অধিক বুদ্ধিমান জাতৰ আৰু সোনকালে মনত পেলাব পাৰে, সিহঁতে মালিকৰ কথা অধিক ভালদৰে শুনি মূৰটো এফালে হেলনীয়া কৰে। গৱেষণাৰ সময়ত এনে জাতৰ ৪০টা কুকুৰৰ ৪৩ শতাংশ সময়ত মূৰটো হেলনীয়া হৈ পৰিছিল। আনহাতে, যিবোৰ জাতৰ কুকুৰৰ বুদ্ধি কম, সেইবোৰে গৱেষণাৰ ২ শতাংশ সময়ৰ বাবেহে মূৰটো এটা দিশলৈ হেলনীয়া কৰি ৰাখিছিল।

গৱেষকসকলে কৈছে যে যেতিয়া জন্তুটোৱে ভালদৰে শুনি থাকে তেতিয়া ই মূৰটো হেলনীয়া কৰে, কিন্তু এই দিশত অধিক গৱেষণাৰ প্ৰয়োজন আছে কিয়নো এইটোও সম্ভৱ যে যেতিয়া কুকুৰটোৱে মূৰটো হেলনীয়া কৰে তেতিয়া ইয়াৰ মনত এটা প্ৰতিচ্ছবি সৃষ্টি কৰি লয়। এই বিষয়ে গৱেষণাৰ পিছতহে গম পোৱা যাব।














FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে