--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোৱাটচাপে আনিছে এবিধ নতুন ব্যৱস্থা- Chatlock, কিন্তু কি এই চাটলক। এই নতুন ফিচাৰে আপুনি কৰা বাৰ্তালাপসমূহ গোপনে ৰাখিব। মেটাই লৈ আহিছে হোৱাটছএপৰ এই নতুন ফিচাৰ।

এই নতুন ফিচাৰ অনুসৰি WhatsApp ত ব্যক্তিগত বাৰ্তালাপসমূহ এটা বিশেষ ফোল্ডাৰত সংৰক্ষণ কৰা হব। কোনে তাত কথা পাতিছে, তাৰ নাম লুকাই থাকিব। লগতে মেছেজৰ নটিফিকেচনো নাহিব।

পিন কোড: – সমগ্ৰ হোৱাটছএপটো লক কৰিবলৈ বায়’মেট্ৰিক বা পিন ক’ডেৰে লক কৰাৰ সুবিধা আছে। ই এণ্ড্ৰইড ফোন আৰু আই অ’ এছ দুয়োটাতে উপলব্ধ। ই যিকোনো গোপন বাৰ্তালাপক সুৰক্ষিত কৰি ৰাখে। কোনোবাই আপোনাৰ ফোনত তথ্যৰ অনু সন্ধান কৰিলেও পিন ক’ড বা বায়’মেট্ৰিক্স অবিহনে তেওঁ এই বাৰ্তালাপবোৰ বিচাৰি নাপাব।

কেনেদৰে ইয়াক ইনষ্টল কৰিব:- WhatsApp ৰ প্ৰাইভেচি চেটিঙত ইতিমধ্যে কেইবাটাও বস্তু যোগ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ডিছএপিয়াৰিং মেচেজ, স্ক্ৰীণশ্বট ব্লকিং, ষ্টেটাছ মেচেজ কোনে চাব নিয়ন্ত্ৰণ কৰা, লাষ্ট চিন বন্ধ কৰা। নতুনটো হৈছে Chatblock। ইয়াৰ বাবে WhatsApp ৰ শেহতীয়া ভাৰ্ছন ডাউনলোড কৰক। তাৰ পিছত আপুনি যিজন ব্যক্তিৰ লগত চাট লক কৰিব বিচাৰে তেওঁৰ প্ৰফাইল পিকচাৰলৈ যাওক। তাত আপুনি নতুন অপশ্যন Chatlock পাব। আপুনি disappearing message ৰ তলতে পাব অপশ্যনটো। ইয়াক সক্ষম (enable) কৰক। তাৰ পিছত আপোনাৰ ফোনটোৰ পাছৱৰ্ড আৰু বায়’মেট্ৰিক্সৰ সহায়ত অথেন্টিকেট কৰক। মেচেজ এডিট কৰাৰ ফিচাৰৰ লগতে হোৱাটছএপে চলি থকা কিছু সমস্যাও সমাধান কৰিব। ইয়াৰ ফলত গ্ৰাহকৰ অভিজ্ঞতা আৰু আনন্দদায়ক হ’ব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে