--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সাধাৰণতে এজন ব্যক্তিয়ে প্ৰতিদিনে আধা কিলোগ্ৰাম আৱৰ্জনা বাহিৰ কৰে। অৰ্থাৎ এবছৰত প্ৰায় ১৮০ কিলোগ্ৰাম। যদি পৰিয়ালত ৫ জন থাকে তেন্তে বছৰি ৯০০ কিলোগ্ৰাম। কিন্তু যোৱা ৫০ বছৰত মংগল গ্ৰহত মানুহে ৭১১৯ কিলোগ্ৰাম জাবৰ-জোঁথৰ এৰি থৈ আহিছে। মানুহে ঘৰৰ আৱৰ্জনা চফা কৰে কিন্তু মংগল গ্ৰহৰ জাবৰ কোনে চফা কৰিব।

ৰাষ্ট্ৰসংঘৰ বহিঃ মহাকাশ পৰিক্ৰমা কাৰ্যালয় (UNOOSA)ৰ তথ্য অনুসৰি বিশ্বৰ ১৮খন দেশে মংগল গ্ৰহলৈ মানৱসৃষ্ট ১৮টা বস্তু প্ৰেৰণ কৰিছে। এই সকলোবোৰ ১৮টা বস্তু ১৪টা বেলেগ বেলগ মিছনত পঠিওৱা হৈছে। এনে বহুতো মিছনে এতিয়াও কাম কৰি আছে। দশক দশক ধৰি মংগল গ্ৰহৰ অন্বেষণ চলি আহিছে। কিন্তু এই বৈজ্ঞানিক অভিযানবোৰত মানুহে ৰঙা গ্ৰহটোৰ পৃষ্ঠত বহু আৱৰ্জনা এৰি থৈ গৈছে।

এই আৱৰ্জনাবোৰত ইমানবোৰ প্ৰকাৰৰ বস্তু আছে যে আপুনি জানি আচৰিত হ’ব। ডাঙৰ ডাঙৰ ধাতুৰ টুকুৰা, জাল, বিশেষ কাপোৰ, জিলিকি থকা কাঁচৰ টুকুৰা, কভাৰ, ফিলামেণ্ট, স্প্ৰিং, নট-বল্ট আদি। এয়া প্ৰথমবাৰৰ বাবে নহয় যে মংগল গ্ৰহত বিজ্ঞানীসকলে জাবৰ-জোঁথৰৰ সন্ধান লাভ কৰিছে। প্ৰতিটো মিছনৰ পিছত তেওঁলোকে চিন্তা কৰে যে মংগল গ্ৰহত জাবৰ-জোঁথৰ জমা হৈছে। এতিয়া মানুহে ভাবিব যে মংগল গ্ৰহত কোনো বাস নকৰে তেন্তে ক’ৰ পৰা আহে এই আৱৰ্জনা?

মংগল গ্ৰহত জাবৰ জমা হোৱাৰ মূল কাৰণ তিনিটা - জীৰ্ণ হাৰ্ডৱেৰ, অব্যৱহৃত মহাকাশযান বা যিবোৰ মহাকাশযান প্ৰদক্ষিণ কৰি মংগল গ্ৰহৰ লগত কিবা কাৰণত সংঘৰ্ষ হৈছে। মংগল গ্ৰহলৈ যোৱা প্ৰতিটো অভিযানৰ ওপৰত এটা মডিউল থাকে যিয়ে বায়ুমণ্ডললৈ নামি অহাৰ সময়ত ইয়াক সুৰক্ষিত কৰি ৰাখে। এই মডিউলটোও আৱৰ্জনা হৈ পৰে। ইয়াত হিট শ্বিল্ড, পেৰাচুট আৰু লেণ্ডিং ক্ৰাফ্ট আছে। যিয়ে মহাকাশযানখনক মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজেৰে লৈ যায়। প্ৰতিটো মিছনৰ পিছত তিনিওটা অংশ তাতেই ৰৈ যায় আৰু ফলত জাবৰৰ সৃষ্টি হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক