--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মিনতি বৰুৱা নামৰ ধৃত মাকুমকিল্লাৰ মহিলাগৰাকীয়ে পুৰ্বেও দুটাকৈ বেংকৰ জৰিয়তে জনতাৰ ঋণ উলিয়াই আত্মসাৎ কৰাৰ উদাহৰণ আছে ।

ডিজিটেল ডেস্কঃ  মাৰ্ঘেৰিটাত বেংক মিত্ৰৰ জৰিয়তে ভয়ংকৰ জালিয়াতি।  ঋণ লোৱা ব্যক্তিৰ মনোনীত পাঁচ যুৱকক প্ৰৱঞ্চনা ৷


তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বেংকৰ জৰিয়তে এজেণ্টসকলে দৰিদ্ৰ যুৱকৰ নামত ঋণ আত্মসাতৰ ঘটনা পোহৰলৈ আহিছে।


জানিব পৰা মতে মাৰ্ঘেৰিটাৰ মাকুমকিল্লাৰ মিনতি বৰুৱা নামৰ এগৰাকী মহিলাই সাধাৰণ গাঁৱলীয়া যুৱকৰ সতে পাহাৰসদৃশ ভয়ংকৰ জালিয়াতি কৰাৰ অভিযোগ পাঁচ যুৱকৰ।


মিনতি বৰুৱা নামৰ ধৃত মাকুমকিল্লাৰ মহিলাগৰাকীয়ে পুৰ্বেও দুটাকৈ বেংকৰ জৰিয়তে জনতাৰ ঋণ উলিয়াই আত্মসাৎ কৰাৰ উদাহৰণ আছে ।


কিছুদিনপুৰ্বে মিনতি বৰুৱাই মাৰ্ঘেৰিটাৰ চেগুনবাৰীস্থিত 'অসম গ্ৰামীণ বিকাশ বেংক'ৰ বেংক মিত্ৰ উপাধি লৈ কেইজনমান যুৱকক ঋণ উলিয়াই দিছিল ।


আনহাতে তেওঁলোকৰ নমিনি হোৱা অৰ্থাৎ মনোনীত যুৱক পাঁচজনৰ স্বাক্ষৰ কৰোৱা ফৰ্মৰ জৰিয়তে মিনতি বৰুৱাই ঋণ উলিয়াই বিলাসী জীৱন যাপন কৰি আহিছিল।


অৱশেষত গ্ৰামীণ বিকাশ বেংকে ঋণ পৰিশোধ নকৰা বুলি পাঁচজনকৈ যুৱকৰ নামত জাননী প্ৰেৰণ কৰাত উলায় উৰহী গছৰ ওৰ।


অৱশেষত ন্যায় বিছাৰি মাকুমকিল্লাৰ পাঁচ যুৱকে আজি মাৰ্ঘেৰিটাৰ আৰক্ষী থানাত মিনতি বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷


এনে জালিয়াতি কৰা মিনতি বৰুৱাৰ বিৰুদ্ধে এতিয়া আইনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষ্যণীয়।


তদুপৰি মাৰ্ঘেৰিটাৰ সচেতন মহলে এই ঘটনাত গ্ৰামীণ বিকাশ বেংকৰ কৰ্তৃপক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আইনৰ আওঁতালৈ বেংক কৰ্তৃপক্ষকো আনিবলৈ দাবী জনায় ৰাইজে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
কি কি বাস্তুদোষ থাকিলে টোপনি ব্যাহত হয়?
৭৭ বছৰত নদীত বিলীন ৰাজ্যৰ ৪৩২ গাঁও
বাৰ্ষিক টোল পাছৰ বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?
৩৪ বিলিয়ন ডলাৰ বৃদ্ধি হ'ব দুয়ো ৰাষ্ট্ৰৰ ব্যৱসায়! বৃহত্তম বাণিজ্য চুক্তিত স্বাক্ষৰ ভাৰত-ব্রিটেইনৰ
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট