--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মিনতি বৰুৱা নামৰ ধৃত মাকুমকিল্লাৰ মহিলাগৰাকীয়ে পুৰ্বেও দুটাকৈ বেংকৰ জৰিয়তে জনতাৰ ঋণ উলিয়াই আত্মসাৎ কৰাৰ উদাহৰণ আছে ।

ডিজিটেল ডেস্কঃ  মাৰ্ঘেৰিটাত বেংক মিত্ৰৰ জৰিয়তে ভয়ংকৰ জালিয়াতি।  ঋণ লোৱা ব্যক্তিৰ মনোনীত পাঁচ যুৱকক প্ৰৱঞ্চনা ৷


তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বেংকৰ জৰিয়তে এজেণ্টসকলে দৰিদ্ৰ যুৱকৰ নামত ঋণ আত্মসাতৰ ঘটনা পোহৰলৈ আহিছে।


জানিব পৰা মতে মাৰ্ঘেৰিটাৰ মাকুমকিল্লাৰ মিনতি বৰুৱা নামৰ এগৰাকী মহিলাই সাধাৰণ গাঁৱলীয়া যুৱকৰ সতে পাহাৰসদৃশ ভয়ংকৰ জালিয়াতি কৰাৰ অভিযোগ পাঁচ যুৱকৰ।


মিনতি বৰুৱা নামৰ ধৃত মাকুমকিল্লাৰ মহিলাগৰাকীয়ে পুৰ্বেও দুটাকৈ বেংকৰ জৰিয়তে জনতাৰ ঋণ উলিয়াই আত্মসাৎ কৰাৰ উদাহৰণ আছে ।


কিছুদিনপুৰ্বে মিনতি বৰুৱাই মাৰ্ঘেৰিটাৰ চেগুনবাৰীস্থিত 'অসম গ্ৰামীণ বিকাশ বেংক'ৰ বেংক মিত্ৰ উপাধি লৈ কেইজনমান যুৱকক ঋণ উলিয়াই দিছিল ।


আনহাতে তেওঁলোকৰ নমিনি হোৱা অৰ্থাৎ মনোনীত যুৱক পাঁচজনৰ স্বাক্ষৰ কৰোৱা ফৰ্মৰ জৰিয়তে মিনতি বৰুৱাই ঋণ উলিয়াই বিলাসী জীৱন যাপন কৰি আহিছিল।


অৱশেষত গ্ৰামীণ বিকাশ বেংকে ঋণ পৰিশোধ নকৰা বুলি পাঁচজনকৈ যুৱকৰ নামত জাননী প্ৰেৰণ কৰাত উলায় উৰহী গছৰ ওৰ।


অৱশেষত ন্যায় বিছাৰি মাকুমকিল্লাৰ পাঁচ যুৱকে আজি মাৰ্ঘেৰিটাৰ আৰক্ষী থানাত মিনতি বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷


এনে জালিয়াতি কৰা মিনতি বৰুৱাৰ বিৰুদ্ধে এতিয়া আইনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষ্যণীয়।


তদুপৰি মাৰ্ঘেৰিটাৰ সচেতন মহলে এই ঘটনাত গ্ৰামীণ বিকাশ বেংকৰ কৰ্তৃপক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আইনৰ আওঁতালৈ বেংক কৰ্তৃপক্ষকো আনিবলৈ দাবী জনায় ৰাইজে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ