--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন এম এছ ধোনী মেন ইন ব্লুৰ অন্যতম সফল অধিনায়ক, তেওঁ দলটোক নেতৃত্ব দি আই চি চি ক্ৰিকেট বিশ্বকাপ ২০১১, আই চি চি টি-২০ বিশ্বকাপ ২০০৭ আৰু আই চি চি চেম্পিয়নছ ট্ৰফী ২০১৩ ট্ৰফী জয়ী কৰিছে।

শেহতীয়াকৈ ৱাচিম জাফৰে ভাৰতীয় ক্ৰিকেট দলৰ সদস্য হিচাপে এম এছ ধোনিৰ আৰম্ভণিৰ জীৱনৰ বিষয়ে এক মনোমোহা কাহিনী শ্বেয়াৰ কৰিছিল। প্ৰাক্তন ভাৰতীয় অ’পেনাৰগৰাকীয়ে জনোৱা মতে, ধোনীয়ে জাফৰৰ পত্নীক কৈছিল  যে টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি ৩০ লাখ টকা উপাৰ্জন কৰাটোৱে তেওঁৰ শেষ আকাংক্ষা।

তেওঁৰ অভিষেক এদিনীয়া চিৰিজটোত ১২ ৰান, অপৰাজিত ৭ আৰু তিনিটা ৰানৰ সামান্য স্ক’ৰ কৰিছিল। ২০০৫ চনৰ ডিচেম্বৰ মাহত টেষ্ট ক্ৰিকেটলৈ পৰিৱৰ্তিত হৈ শ্ৰীলংকাৰ বিৰুদ্ধে অভিষেক মেচৰ সময়ত উইকেটকীপাৰ-বেটছমেনগৰাকীয়ে ৩০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অৱশ্যে দিল্লীত তেওঁৰ দ্বিতীয় টেষ্ট ইনিংছত ৫ ৰান সংগ্ৰহ কৰি আউট হয়।

আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰাৰ সময়তে ধোনীয়ে জাফৰৰ পত্নীৰ সৈতে স্পষ্টভাৱে শ্বেয়াৰ কৰিছিল যে যদিহে তেওঁ ৩০ লাখ টকাৰ ধন সংগ্ৰহ কৰিব পাৰে তেন্তে তেওঁ শান্তিপূৰ্ণভাৱে অৱসৰ গ্ৰহণ কৰি গৃহচহৰ ৰাঁচিত বাস কৰিব।

জাফৰে কয়- “মোৰ মনত আছে তেওঁ মোৰ পত্নীক এই কথা উল্লেখ কৰিছিল, ‘নবৌ, মই ৩০ লাখ টকা উপাৰ্জন কৰিব লাগিব। যদি মই ৩০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হওঁ, তেন্তে মই জানো যে মই অতি শান্তিৰে জীয়াই থাকিব পাৰিম।’

তাৰপাছত সকলো ইতিহাস। ধোনীৰ কেৰিয়াৰ আৰু টীম ইণ্ডিয়াৰ সফলতা একাকাৰ হৈ পৰিছিল। ধোনীয়েও নিজকে বিশ্বৰ অন্যতম ধনী ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক