--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন এম এছ ধোনী মেন ইন ব্লুৰ অন্যতম সফল অধিনায়ক, তেওঁ দলটোক নেতৃত্ব দি আই চি চি ক্ৰিকেট বিশ্বকাপ ২০১১, আই চি চি টি-২০ বিশ্বকাপ ২০০৭ আৰু আই চি চি চেম্পিয়নছ ট্ৰফী ২০১৩ ট্ৰফী জয়ী কৰিছে।

শেহতীয়াকৈ ৱাচিম জাফৰে ভাৰতীয় ক্ৰিকেট দলৰ সদস্য হিচাপে এম এছ ধোনিৰ আৰম্ভণিৰ জীৱনৰ বিষয়ে এক মনোমোহা কাহিনী শ্বেয়াৰ কৰিছিল। প্ৰাক্তন ভাৰতীয় অ’পেনাৰগৰাকীয়ে জনোৱা মতে, ধোনীয়ে জাফৰৰ পত্নীক কৈছিল  যে টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি ৩০ লাখ টকা উপাৰ্জন কৰাটোৱে তেওঁৰ শেষ আকাংক্ষা।

তেওঁৰ অভিষেক এদিনীয়া চিৰিজটোত ১২ ৰান, অপৰাজিত ৭ আৰু তিনিটা ৰানৰ সামান্য স্ক’ৰ কৰিছিল। ২০০৫ চনৰ ডিচেম্বৰ মাহত টেষ্ট ক্ৰিকেটলৈ পৰিৱৰ্তিত হৈ শ্ৰীলংকাৰ বিৰুদ্ধে অভিষেক মেচৰ সময়ত উইকেটকীপাৰ-বেটছমেনগৰাকীয়ে ৩০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অৱশ্যে দিল্লীত তেওঁৰ দ্বিতীয় টেষ্ট ইনিংছত ৫ ৰান সংগ্ৰহ কৰি আউট হয়।

আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰাৰ সময়তে ধোনীয়ে জাফৰৰ পত্নীৰ সৈতে স্পষ্টভাৱে শ্বেয়াৰ কৰিছিল যে যদিহে তেওঁ ৩০ লাখ টকাৰ ধন সংগ্ৰহ কৰিব পাৰে তেন্তে তেওঁ শান্তিপূৰ্ণভাৱে অৱসৰ গ্ৰহণ কৰি গৃহচহৰ ৰাঁচিত বাস কৰিব।

জাফৰে কয়- “মোৰ মনত আছে তেওঁ মোৰ পত্নীক এই কথা উল্লেখ কৰিছিল, ‘নবৌ, মই ৩০ লাখ টকা উপাৰ্জন কৰিব লাগিব। যদি মই ৩০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হওঁ, তেন্তে মই জানো যে মই অতি শান্তিৰে জীয়াই থাকিব পাৰিম।’

তাৰপাছত সকলো ইতিহাস। ধোনীৰ কেৰিয়াৰ আৰু টীম ইণ্ডিয়াৰ সফলতা একাকাৰ হৈ পৰিছিল। ধোনীয়েও নিজকে বিশ্বৰ অন্যতম ধনী ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু