--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্ট বা টি-২০ ক্ৰিকেট নহয়। বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটক বেছি পছন্দ কৰে। এক সাক্ষাৎকাৰত ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে নিজৰ পছন্দৰ কাৰণ বুজাই দিয়ে। কোহলীৰ মতে, ৫০ অভাৰৰ ক্ৰিকেট এজন বেটছমেনৰ শ্ৰেষ্ঠ পৰীক্ষা।

৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। ইয়াৰ পিছত ৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপ। একেৰাহে দুখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ এটা অংশই কোহলীকে ভৰসা কৰিছে। যদি তেওঁৰ বেটে ছন্দ ৰাখে তেন্তে ভাৰতীয় দলটোৱে জিলিকি উঠিব পাৰে। কোহলীৰ এই বক্তব্যই হয়তো তেওঁলোকৰ আশা আৰু অধিক বৃদ্ধি কৰিব।

তিনিবিধ ক্ৰিকেটৰ ভিতৰত কোনটো ক্ৰিকেট কোহলীৰ প্ৰিয়? এই প্ৰশ্নৰ উত্তৰত কোহলীয়ে কয়- ''এদিনীয়া ক্ৰিকেট খেলি ভাল পাওঁ। মোৰ পছন্দ। এদিনীয়া ক্ৰিকেটেই হয়তো একমাত্ৰ ফৰ্মেট যিয়ে এজন খেলুৱৈক সম্পূৰ্ণৰূপে পৰীক্ষা কৰে। কৌশল, একাগ্ৰতা, ধৈৰ্য্য, পৰিস্থিতি সচেতনতা, খেলৰ বিভিন্ন সময়ত খেলৰ শৈলী সলনি কৰা — এই সকলোবোৰ এদিনীয়া ক্ৰিকেটত থাকে। সেইবাবেই মই ভাবো এদিনীয়া ক্ৰিকেটে এজন বেটছমেনক সম্পূৰ্ণৰূপে পৰীক্ষা কৰে।''

এদিনীয়া ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমৰ আন এটা কাৰণ বুলি কয় কোহলীয়ে। তেওঁ কয়, ‘এদিনীয়া ক্ৰিকেটে সদায় মোৰ শ্ৰেষ্ঠখিনি উলিয়াই আনে। পৰিস্থিতি অনুসৰি খেলাৰ প্ৰত্যাহ্বানটো মোৰ বৰ ভাল লাগে। মই বিচাৰো দলটোৱে জয়ী হওক। সহায় কৰিব বিচাৰে সদায় সেইটো চেষ্টা কৰক। সেইবাবেই মই কওঁ, এদিনীয়া ক্ৰিকেটে আপোনাক ধাৰাবাহিকভাৱে নিজকে পৰীক্ষা কৰাৰ সুযোগ দিয়ে। মোৰ বেটিঙত সকলো পৰীক্ষা কৰিলোঁ। সেইবাবেই এদিনীয়া ক্ৰিকেটত বেটিং কৰি আটাইতকৈ বেছি ভাল লাগে।’’

ক্ৰিকেট বিশেষজ্ঞৰ মতে টেষ্ট ক্ৰিকেটত খেলুৱৈৰ দক্ষতা পৰীক্ষা কৰা হয়। কোহলী সেই মতৰ সমৰ্থক নহয়। এদিন ক্ৰিকেট তেওঁৰ বাবে আটাইতকৈ উপভোগ্য। আগন্তুক এছিয়া কাপ আৰু বিশ্বকাপ উপভোগ কৰিব বিচাৰিছে কোহলীয়ে। ২০২৩ চনত কোহলীয়ে ১২খন এদিনীয়াত ৫৫৪ ৰান সংগ্ৰহ কৰিছিল। গড় ৫০.৩৬।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক