--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনিও যৌৱন ধৰি ৰাখিব বিচাৰে নেকি? মুখৰ ছালখন উজ্জ্বল কৰি ৰখাটো প্ৰায় প্ৰতিগৰাকী মহিলাৰে কাম্য। কিন্তু বয়সৰ লেখেৰে আগুৱাই গৈ থাকোতে মুখমণ্ডলৰ ছালত সূক্ষ্ম ৰেখা, ছাল কোঁচ খোৱাকে ধৰি কিছুমান সমস্যাই দেখা দিয়ে।

ছালৰ যত্নৰ বাবে মহিলাসকলে সাধাৰণতে প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলেও বয়স বৃদ্ধিৰ লক্ষণবোৰ বহুসময়ত প্ৰতিফলিত হৈ পৰে। কিন্তু যদি আপুনি এগৰাকী মহিলা, তেন্তে আপুনি ৩০ বছৰ বয়সৰ পাছত কিছুমান স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিলে বয়সে আপোনাৰ ছালত ধৰা দিব নোৱাৰে। 

মাত্ৰ তিনিবিধ ফল খায়েই আপুনি আপোনাৰ ছালখনক চিৰযৌৱনা কৰি ৰাখিব পাৰে। কি এই তিনিবিধ ফল৷ জানো আহক—

কল: কলক ছালৰ বাবে এক আশীৰ্বাদ বুলি গণ্য কৰা হয়। কল পটাছিয়ামযুক্ত হোৱাৰ লগতে ইয়াত মেগনেছিয়ামো যথেষ্ট ভাল পৰিমাণত পোৱা যায়। কলক ভাল এণ্টি-এজিং ফল বুলিও গণ্য কৰা হয়। কলে ছালৰ কোষবোৰ হাইড্ৰেটেড ৰাখে, যিয়ে ছাল স্বাস্থ্যৱান কৰি ৰাখে। 

কিৱি: কিৱিত থকা ভিটামিন-চিয়ে ছালখনক টান কৰি ৰাখে। কিৱি খালে বয়স বৃদ্ধিৰ স্বাভাৱিক প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে। এই ফল দৈনিক খালে, ছালৰ যৌৱন অক্ষুন্ন ৰখাত সহায় হয়৷

অমিতা: অমিতাত ভিটামিন-চিৰ লগতে লাইকোপেন নামৰ এণ্টি-অক্সিডেণ্ট থাকে। যিয়ে ছালৰ ওপৰত মুক্ত ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰে। সেয়ে ছালখন উজ্জ্বল দেখায়। তদুপৰি, অমিতাত পোৱা এণ্টি-অক্সিডেণ্টৰ বাবে ছাল কোঁচ খোৱা সমস্যা হ্ৰাস বহুপৰিমাণে হ্ৰাস হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ