--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ্কট ৰোগ চিকিৎসা বিজ্ঞানৰ এক দুৰাৰোগ বুলি গণ্য কৰা হয়। চিকিৎসা বিজ্ঞানত ইয়াক মেলিগেনণ্ট নিঅ’প্লাজম বুলিও জনা যায়। এই ৰোগত মৃত্যু হাৰ অধিক হয় আৰু এই ৰোগ সহজে ধৰা নপৰে। প্ৰাথমিক অৱস্থাত এই ৰোগ ধৰা পৰিলে নিৰাময় সম্ভৱ হৈ উঠে। দুশৰো অধিক কৰ্কট ৰোগৰ প্ৰকাৰ আছে। যাৰ চিকিৎসা পদ্ধতিবোৰো সুকীয়া সুকীয়া। 

স্মৰ্তব্য যে ইংলেণ্ডে অতিশীঘ্ৰে কেন্সাৰ ৰোগীৰ চিকিৎসাৰ বাবে এক অনন্য পদ্ধতি বাছি ওলাইছে। য’ত এজন কেন্সাৰ ৰোগীক মাত্ৰ ৭ মিনিটৰ বেজী দিয়া হ’ব। ব্ৰিটেইনৰ চৰকাৰী স্বাস্থ্য সেৱা (এন এইচ এছ) হৈছে বিশ্বৰ প্ৰথমটো সংস্থা যিয়ে এই ধৰণৰ কৰ্কট ৰোগীৰ বাবে বেজী আৰম্ভ কৰিবলৈ ওলাইছে। এই বেজী আৰম্ভ কৰাৰ আঁৰৰ কাৰণ হ’ল-চিকিৎসাৰ বাবে লোৱা সময় হ্ৰাস কৰা।

বেজীযুক্ত চিকিৎসা পদ্ধতি আঁৰৰ কাৰণটো হ’ল-প্ৰতি বছৰে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা বাঢ়ি আছে। প্ৰতি বছৰে লাখ লাখ লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। মহিলাৰ স্তন আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ বিপৰীতে পুৰুষৰ প্ৰষ্টেট কেন্সাৰৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু যদি প্ৰথম পৰ্যায়ত কেন্সাৰ ধৰা পৰে, তেন্তে ইয়াৰ চিকিৎসা সম্ভৱপৰ হয়। কিন্তু ইয়াৰ বাবে লোৱা সময় অতি দীঘলীয়া। সেয়েহে এই বেজী ব্ৰিটিছ মেডিচিনছ এণ্ড হেল্থকেয়াৰ প্ৰডাক্টছ ৰেগুলেটৰী এজেন্সী (MHRA)ৰ অনুমোদন লাভ কৰিছে। অনুমোদনৰ পাছত এন এইচ এছ ইংলেণ্ডৰ তথ্য অনুসৰি ইমিউন’থেৰাপি এটেজ’লিজুমেব ঔষধেৰে চিকিৎসা কৰা বহু ৰোগীক ছালৰ তলত বেজী দিয়া হ’ব। ইয়াৰ লগতে কেন্সাৰৰ চিকিৎসাত লগা সময়ো হ্ৰাস পাব। এটেজ’লিজুমেব, যাক টেচেণ্ট্ৰিক বুলিও কোৱা হয়। টেচেণ্ট্ৰিক হৈছে এটা মনোক্ল’নেল এন্টিব’ডি। যিয়ে কেন্সাৰ ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত বহু পৰিমাণে প্ৰভাৱ পেলায়। ইয়াক পোনে পোনে ৰোগীৰ শিৰাত ড্ৰিপৰ জৰিয়তে দিয়া হ’ব। ৰ’চ প্ৰডাক্টছ লিমিটেডৰ মেডিকেল ডাইৰেক্টৰ মাৰিয়াছ শ্ব’ল্টজৰ মতে পোনে পোনে শিৰালৈ পঠিয়াবলৈ ৩০ৰ পৰা ৬০ মিনিট নহয়, ৭ মিনিট সময় লাগিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস