--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ্কট ৰোগ চিকিৎসা বিজ্ঞানৰ এক দুৰাৰোগ বুলি গণ্য কৰা হয়। চিকিৎসা বিজ্ঞানত ইয়াক মেলিগেনণ্ট নিঅ’প্লাজম বুলিও জনা যায়। এই ৰোগত মৃত্যু হাৰ অধিক হয় আৰু এই ৰোগ সহজে ধৰা নপৰে। প্ৰাথমিক অৱস্থাত এই ৰোগ ধৰা পৰিলে নিৰাময় সম্ভৱ হৈ উঠে। দুশৰো অধিক কৰ্কট ৰোগৰ প্ৰকাৰ আছে। যাৰ চিকিৎসা পদ্ধতিবোৰো সুকীয়া সুকীয়া। 

স্মৰ্তব্য যে ইংলেণ্ডে অতিশীঘ্ৰে কেন্সাৰ ৰোগীৰ চিকিৎসাৰ বাবে এক অনন্য পদ্ধতি বাছি ওলাইছে। য’ত এজন কেন্সাৰ ৰোগীক মাত্ৰ ৭ মিনিটৰ বেজী দিয়া হ’ব। ব্ৰিটেইনৰ চৰকাৰী স্বাস্থ্য সেৱা (এন এইচ এছ) হৈছে বিশ্বৰ প্ৰথমটো সংস্থা যিয়ে এই ধৰণৰ কৰ্কট ৰোগীৰ বাবে বেজী আৰম্ভ কৰিবলৈ ওলাইছে। এই বেজী আৰম্ভ কৰাৰ আঁৰৰ কাৰণ হ’ল-চিকিৎসাৰ বাবে লোৱা সময় হ্ৰাস কৰা।

বেজীযুক্ত চিকিৎসা পদ্ধতি আঁৰৰ কাৰণটো হ’ল-প্ৰতি বছৰে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা বাঢ়ি আছে। প্ৰতি বছৰে লাখ লাখ লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। মহিলাৰ স্তন আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ বিপৰীতে পুৰুষৰ প্ৰষ্টেট কেন্সাৰৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু যদি প্ৰথম পৰ্যায়ত কেন্সাৰ ধৰা পৰে, তেন্তে ইয়াৰ চিকিৎসা সম্ভৱপৰ হয়। কিন্তু ইয়াৰ বাবে লোৱা সময় অতি দীঘলীয়া। সেয়েহে এই বেজী ব্ৰিটিছ মেডিচিনছ এণ্ড হেল্থকেয়াৰ প্ৰডাক্টছ ৰেগুলেটৰী এজেন্সী (MHRA)ৰ অনুমোদন লাভ কৰিছে। অনুমোদনৰ পাছত এন এইচ এছ ইংলেণ্ডৰ তথ্য অনুসৰি ইমিউন’থেৰাপি এটেজ’লিজুমেব ঔষধেৰে চিকিৎসা কৰা বহু ৰোগীক ছালৰ তলত বেজী দিয়া হ’ব। ইয়াৰ লগতে কেন্সাৰৰ চিকিৎসাত লগা সময়ো হ্ৰাস পাব। এটেজ’লিজুমেব, যাক টেচেণ্ট্ৰিক বুলিও কোৱা হয়। টেচেণ্ট্ৰিক হৈছে এটা মনোক্ল’নেল এন্টিব’ডি। যিয়ে কেন্সাৰ ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত বহু পৰিমাণে প্ৰভাৱ পেলায়। ইয়াক পোনে পোনে ৰোগীৰ শিৰাত ড্ৰিপৰ জৰিয়তে দিয়া হ’ব। ৰ’চ প্ৰডাক্টছ লিমিটেডৰ মেডিকেল ডাইৰেক্টৰ মাৰিয়াছ শ্ব’ল্টজৰ মতে পোনে পোনে শিৰালৈ পঠিয়াবলৈ ৩০ৰ পৰা ৬০ মিনিট নহয়, ৭ মিনিট সময় লাগিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত