--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ১০ বছৰ বয়স। এই বয়সতে উত্তৰ প্ৰদেশৰ অয়ন গুপ্তাই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এক নজিৰ গঢ়ি তুলিলে। উত্তৰ প্ৰদেশ ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১০ বছৰীয়া সুখ্যাতিৰে উত্তীৰ্ণ হয় অয়ন৷ লাভ কৰে ৭৬.৬৭ শতাংশ নম্বৰ। হিন্দীত ৭৩, ইংৰাজীত ৭৪, গণিতত ৮২, বিজ্ঞানত ৮৩, সমাজবিজ্ঞানত ৭৮ আৰু কম্পিউটাৰত ৭০ লাভ কৰে শিশুটিয়ে।

নিয়ম অনুসৰি উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা প্ৰাৰ্থীৰ নূন্যতম বয়স ১৪ বছৰ। অৱশ্যে তেওঁৰ স্কুলৰ প্ৰধান শিক্ষকে ব’ৰ্ডৰ পৰা বিশেষ অনুমতি লৈ অয়নক পৰীক্ষা দিবলৈ দিয়ে৷

গ্ৰেটাৰ নয়ডাৰ বাসিন্দা অয়ন৷ দেউতাক চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু মাক এগৰাকী গৃহিণী। অয়নৰ পিতৃ-মাতৃৰ মতে, ক’ভিডৰ সময়ত অয়নে নিজৰ ক্লাছত সকলো পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত তেওঁতকৈ উচ্চ শ্ৰেণীৰ কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে। তেওঁৰ বাবে সুকীয়া টিউটৰৰো ব্যৱস্থা কৰা হয়। ব’ৰ্ডৰ বিশেষ অনুমতি লৈ পৰীক্ষা দিব পৰা বিদ্যালয় এখনত অয়নক ভৰ্তি কৰা হৈছিল।

অয়নে বুলন্দশ্বহৰৰ জাহাংগীৰাবাদৰ শিৱকুমাৰ জনতা ইণ্টাৰ স্কুলত অধ্যয়ন কৰি আছে। সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ প্ৰকাশ আগৰৱালাই কয়, “অয়ন এক অসাধাৰণ প্ৰতিভা। সি নৱম শ্ৰেণীত নামভৰ্তি কৰিছিল আৰু তাৰ আগতে হোম স্কুলত পঢ়িছিল। এতিয়া দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাল ফলাফল দেখুৱাইছে।’’

অয়নৰ দেউতাকে ক’লে, “সঁচা কথা ক’বলৈ গ’লে আমি সকলোৱে নিশ্চিত আছিলো যে অয়নে ভাল নম্বৰ পাব। মাথোঁ আমি হিন্দীৰ বিষয়ে নিশ্চিত নাছিলোঁ, কাৰণ হিন্দীত সি অলপ দুৰ্বল।''

দশম শ্ৰেণীৰ পৰীক্ষাত ক্লিয়াৰ হোৱাৰ পিছত অয়নে আগলৈ অভিযন্তা হ’ব বিচৰাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে। ইতিমধ্যে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ বাবে পঢ়া আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ