--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ১০ বছৰ বয়স। এই বয়সতে উত্তৰ প্ৰদেশৰ অয়ন গুপ্তাই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এক নজিৰ গঢ়ি তুলিলে। উত্তৰ প্ৰদেশ ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১০ বছৰীয়া সুখ্যাতিৰে উত্তীৰ্ণ হয় অয়ন৷ লাভ কৰে ৭৬.৬৭ শতাংশ নম্বৰ। হিন্দীত ৭৩, ইংৰাজীত ৭৪, গণিতত ৮২, বিজ্ঞানত ৮৩, সমাজবিজ্ঞানত ৭৮ আৰু কম্পিউটাৰত ৭০ লাভ কৰে শিশুটিয়ে।

নিয়ম অনুসৰি উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা প্ৰাৰ্থীৰ নূন্যতম বয়স ১৪ বছৰ। অৱশ্যে তেওঁৰ স্কুলৰ প্ৰধান শিক্ষকে ব’ৰ্ডৰ পৰা বিশেষ অনুমতি লৈ অয়নক পৰীক্ষা দিবলৈ দিয়ে৷

গ্ৰেটাৰ নয়ডাৰ বাসিন্দা অয়ন৷ দেউতাক চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু মাক এগৰাকী গৃহিণী। অয়নৰ পিতৃ-মাতৃৰ মতে, ক’ভিডৰ সময়ত অয়নে নিজৰ ক্লাছত সকলো পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত তেওঁতকৈ উচ্চ শ্ৰেণীৰ কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে। তেওঁৰ বাবে সুকীয়া টিউটৰৰো ব্যৱস্থা কৰা হয়। ব’ৰ্ডৰ বিশেষ অনুমতি লৈ পৰীক্ষা দিব পৰা বিদ্যালয় এখনত অয়নক ভৰ্তি কৰা হৈছিল।

অয়নে বুলন্দশ্বহৰৰ জাহাংগীৰাবাদৰ শিৱকুমাৰ জনতা ইণ্টাৰ স্কুলত অধ্যয়ন কৰি আছে। সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ প্ৰকাশ আগৰৱালাই কয়, “অয়ন এক অসাধাৰণ প্ৰতিভা। সি নৱম শ্ৰেণীত নামভৰ্তি কৰিছিল আৰু তাৰ আগতে হোম স্কুলত পঢ়িছিল। এতিয়া দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাল ফলাফল দেখুৱাইছে।’’

অয়নৰ দেউতাকে ক’লে, “সঁচা কথা ক’বলৈ গ’লে আমি সকলোৱে নিশ্চিত আছিলো যে অয়নে ভাল নম্বৰ পাব। মাথোঁ আমি হিন্দীৰ বিষয়ে নিশ্চিত নাছিলোঁ, কাৰণ হিন্দীত সি অলপ দুৰ্বল।''

দশম শ্ৰেণীৰ পৰীক্ষাত ক্লিয়াৰ হোৱাৰ পিছত অয়নে আগলৈ অভিযন্তা হ’ব বিচৰাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে। ইতিমধ্যে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ বাবে পঢ়া আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন