--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰেমিকাই অভিমানতে প্ৰেমিকক ক’লে যে ''তুমি যদি মোক লগ কৰিবলৈ নাহা তেন্তে মই একো নাখাও।'' এই কথাত চিন্তিত হৈ পৰিল প্ৰেমিক। প্ৰেমিকাই নাখালে তেওঁ থাকিব কেনেকৈ? প্ৰেমিকাই নাখাওঁ বুলি কোৱাত ছটফটনি লাগিল প্ৰেমিকৰ। মাজতে প্ৰেমিকাক প্ৰেমিকে ফোন কৰি সুধিলে ''কিবা খালানে?'' তেতিয়া প্ৰেমিকাই ক’লে যে ''তুমি মোক লগ নকৰালৈকে মই মুখত খুদকণ এটাও নিদিও।'' 

এই কথাত আৱেগিক হৈ ২০০ কিলোমিটাৰ যাত্ৰা কৰি প্ৰেমিকাৰ ওচৰলৈ ঢপলিয়াই আহিল প্ৰেমিক। প্ৰেমিকৰ ঘৰ বিহাৰৰ গয়াত আৰু প্ৰেমিকাৰ ঘৰ বিহাৰৰ মুজাফ্ফৰপুৰত। প্ৰেমিকজনে মুজাফ্ফৰপুৰ ষ্টেছনত উপস্থিত হৈ প্ৰেমিকাক ফোন কৰি মাতি পঠিয়ায়। ষ্টেচনত দুয়ো দুয়োকে লগ কৰে। দুয়োজনে জংচন চৌহদত বহি কথা পাতি আছিল। কিছু সময় কথা পতাৰ পাছত দুয়ো অশ্লীল কাম কৰিবলৈ আৰম্ভ কৰে। এই কথা চকুত পৰে ৰে’লৱে আৰক্ষীৰ। প্ৰেমিক-প্ৰেমিকাই পুলিচক দেখি পলাবলৈ চেষ্টা কৰিছিল কিন্তু আৰক্ষীয়ে দুয়োকে আটক কৰে। দুয়োকে সোধা-পোছা কৰা হ’ল। সন্তোষজনক উত্তৰ নিদিয়াৰ বাবে দুয়োকে থানালৈ লৈ অনা হয়। 

আৰক্ষীৰ জেৰাত পোহৰলৈ আহে যে ল’ৰা আৰু ছোৱালী দুয়োৰে বয়স ১৭ বছৰ। দুয়োজনে দুমাহ আগতে ইনষ্টাগ্ৰামত চিনাকি হৈছিল। প্ৰথমে ল'ৰাটোৱে ছোৱালীজনীক ফল’ কৰিছিল তাৰপাছত ছোৱালীজনীয়ে ল’ৰাজনক ফল’ বেক কৰে। দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হ’ল। কিছুদিনৰ পাছত দুয়োজনে ইজনে সিজনৰ ফোন নম্বৰ এক্সচেঞ্জ কৰে। তাৰপাছত ফোনত দুয়োৰে সঘনাই বাৰ্তালাপ হ’ল। দুয়োৰে মাজত ভাল বন্ধুত্ব গঢ় লৈ উঠিল।

কথা পাতি থাকোঁতে বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল। প্ৰেমিকক লগ পাবৰ বাবে উত্ৰাৱল হৈ উঠিল প্ৰেমিকা। সেয়ে তেওঁ প্ৰেমিকক লগ কৰিবলৈ মাতে আৰু লগ নকৰালৈকে একো নাখাও বুলি জেদ ধৰে। ইয়াৰ পাছতেই প্ৰেমিকে প্ৰেমিকাৰ মন ভাল লগাবলৈ মুজাফ্ফৰপুৰলৈ আহে। এই গোচৰত ৰে’লৱেৰ অধীক্ষক দীনেশ সাহুৱে কয় যে দুয়োজনকে ষ্টেচনত আপত্তিজনক অৱস্থাত ধৰা পেলোৱা হৈছে। জেৰাৰ অন্তত দুয়োকে আত্মীয়ৰ হাতত গতাই দিয়া হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন