--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰেমিকাই অভিমানতে প্ৰেমিকক ক’লে যে ''তুমি যদি মোক লগ কৰিবলৈ নাহা তেন্তে মই একো নাখাও।'' এই কথাত চিন্তিত হৈ পৰিল প্ৰেমিক। প্ৰেমিকাই নাখালে তেওঁ থাকিব কেনেকৈ? প্ৰেমিকাই নাখাওঁ বুলি কোৱাত ছটফটনি লাগিল প্ৰেমিকৰ। মাজতে প্ৰেমিকাক প্ৰেমিকে ফোন কৰি সুধিলে ''কিবা খালানে?'' তেতিয়া প্ৰেমিকাই ক’লে যে ''তুমি মোক লগ নকৰালৈকে মই মুখত খুদকণ এটাও নিদিও।'' 

এই কথাত আৱেগিক হৈ ২০০ কিলোমিটাৰ যাত্ৰা কৰি প্ৰেমিকাৰ ওচৰলৈ ঢপলিয়াই আহিল প্ৰেমিক। প্ৰেমিকৰ ঘৰ বিহাৰৰ গয়াত আৰু প্ৰেমিকাৰ ঘৰ বিহাৰৰ মুজাফ্ফৰপুৰত। প্ৰেমিকজনে মুজাফ্ফৰপুৰ ষ্টেছনত উপস্থিত হৈ প্ৰেমিকাক ফোন কৰি মাতি পঠিয়ায়। ষ্টেচনত দুয়ো দুয়োকে লগ কৰে। দুয়োজনে জংচন চৌহদত বহি কথা পাতি আছিল। কিছু সময় কথা পতাৰ পাছত দুয়ো অশ্লীল কাম কৰিবলৈ আৰম্ভ কৰে। এই কথা চকুত পৰে ৰে’লৱে আৰক্ষীৰ। প্ৰেমিক-প্ৰেমিকাই পুলিচক দেখি পলাবলৈ চেষ্টা কৰিছিল কিন্তু আৰক্ষীয়ে দুয়োকে আটক কৰে। দুয়োকে সোধা-পোছা কৰা হ’ল। সন্তোষজনক উত্তৰ নিদিয়াৰ বাবে দুয়োকে থানালৈ লৈ অনা হয়। 

আৰক্ষীৰ জেৰাত পোহৰলৈ আহে যে ল’ৰা আৰু ছোৱালী দুয়োৰে বয়স ১৭ বছৰ। দুয়োজনে দুমাহ আগতে ইনষ্টাগ্ৰামত চিনাকি হৈছিল। প্ৰথমে ল'ৰাটোৱে ছোৱালীজনীক ফল’ কৰিছিল তাৰপাছত ছোৱালীজনীয়ে ল’ৰাজনক ফল’ বেক কৰে। দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হ’ল। কিছুদিনৰ পাছত দুয়োজনে ইজনে সিজনৰ ফোন নম্বৰ এক্সচেঞ্জ কৰে। তাৰপাছত ফোনত দুয়োৰে সঘনাই বাৰ্তালাপ হ’ল। দুয়োৰে মাজত ভাল বন্ধুত্ব গঢ় লৈ উঠিল।

কথা পাতি থাকোঁতে বন্ধুত্ব প্ৰেমলৈ পৰিণত হ’ল। প্ৰেমিকক লগ পাবৰ বাবে উত্ৰাৱল হৈ উঠিল প্ৰেমিকা। সেয়ে তেওঁ প্ৰেমিকক লগ কৰিবলৈ মাতে আৰু লগ নকৰালৈকে একো নাখাও বুলি জেদ ধৰে। ইয়াৰ পাছতেই প্ৰেমিকে প্ৰেমিকাৰ মন ভাল লগাবলৈ মুজাফ্ফৰপুৰলৈ আহে। এই গোচৰত ৰে’লৱেৰ অধীক্ষক দীনেশ সাহুৱে কয় যে দুয়োজনকে ষ্টেচনত আপত্তিজনক অৱস্থাত ধৰা পেলোৱা হৈছে। জেৰাৰ অন্তত দুয়োকে আত্মীয়ৰ হাতত গতাই দিয়া হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ