--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ পাকঘৰত পোৱা মছলাবোৰ ঔষধতকৈ কোনো গুণে কম নহয়। সেই মছলাবোৰৰ ভিতৰত এটা হ’ল হালধি, যাৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ আছে, যি শৰীৰৰ বাবে বহু উপকাৰী। হালধি কেৱল আমাৰ স্বাস্থ্যৰ বাবে উপকাৰীয়েই নহয়, ই বহু ধৰণৰ বিষৰ পৰাও উপশম দিব পাৰে। নিশা শোৱাৰ আগতে হালধি মিহলাই এগিলাচ কুহুমীয়া গাখীৰ খালে শৰীৰৰ বহু ধৰণৰ বিষ উপশম হয়, কিন্তু আপুনি জানেনে যে নাভিত হালধি লগালেও বহু উপকাৰ পোৱা যায়। এনে কৰিলে পাচনতন্ত্ৰ ভাল হয়, পিৰিয়ডৰ সময়ত হোৱা বিষ হ্ৰাস হয় আৰু ভাইৰাছজনিত ৰোগ আঁতৰত থাকে। নাভিত হালধি কেতিয়া, কেনেকৈ প্ৰয়োগ কৰিব লাগে জানো আহক।

 যেতিয়া আপুনি ১-২ ঘণ্টা জিৰণি ল’ব তেতিয়া নাভিত হালধি লগাব পাৰে। এইদৰে আপোনাৰ শৰীৰে নাভিৰ জৰিয়তে হালধিৰ গুণ শোষণ কৰে। নাভিত হালধি লগোৱাৰ উত্তম সময় নিশা বুলি গণ্য কৰা হয়। সেয়েহে নিশা শোৱাৰ আগতে নাভিত হালধি লগাব পাৰে।

 নাভিত হালধি লগালে কি কি উপকাৰ হয়-

১. পিৰিয়ডৰ বিষ হ্ৰাস কৰেঃ-বহু মহিলাৰ মাহেকীয়াৰ সময়ত অত্যন্ত বিষ হয়। কিন্তু পিৰিয়ডৰ সময়ত পেটৰ বিষ আৰু ক্ৰেম্প হোৱাটো সাধাৰণ কথা আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মহিলাসকলে নাভিত হালধি লগাব পাৰে।

২. পেটৰ ফুলাঃ-বেক্টেৰিয়া প্ৰতিৰোধী গুণেৰে সমৃদ্ধ হালধিয়ে বদহজম বা কোষ্ঠকাঠিন্যৰ ফলত হোৱা পেটৰ বিষ আৰু পেট ফুলাৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ বাবে নাভিত নাৰিকল তেল আৰু হালধি মিহলাই লগাব লাগে।

৩. পাচনতন্ত্ৰ শক্তিশালী হয়ঃ-হালধিত আঁহৰ প্ৰচুৰ উৎসও থাকে, যিয়ে খাদ্য সঠিকভাৱে হজম হোৱাত সহায় কৰে। নাভিত প্ৰয়োগ কৰিলে পাচনতন্ত্ৰই সঠিকভাৱে কাম কৰে আৰু পেটৰ বিষ আৰু বদহজমৰ সমস্যাও নাইকিয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু