--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ পাকঘৰত পোৱা মছলাবোৰ ঔষধতকৈ কোনো গুণে কম নহয়। সেই মছলাবোৰৰ ভিতৰত এটা হ’ল হালধি, যাৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ আছে, যি শৰীৰৰ বাবে বহু উপকাৰী। হালধি কেৱল আমাৰ স্বাস্থ্যৰ বাবে উপকাৰীয়েই নহয়, ই বহু ধৰণৰ বিষৰ পৰাও উপশম দিব পাৰে। নিশা শোৱাৰ আগতে হালধি মিহলাই এগিলাচ কুহুমীয়া গাখীৰ খালে শৰীৰৰ বহু ধৰণৰ বিষ উপশম হয়, কিন্তু আপুনি জানেনে যে নাভিত হালধি লগালেও বহু উপকাৰ পোৱা যায়। এনে কৰিলে পাচনতন্ত্ৰ ভাল হয়, পিৰিয়ডৰ সময়ত হোৱা বিষ হ্ৰাস হয় আৰু ভাইৰাছজনিত ৰোগ আঁতৰত থাকে। নাভিত হালধি কেতিয়া, কেনেকৈ প্ৰয়োগ কৰিব লাগে জানো আহক।

 যেতিয়া আপুনি ১-২ ঘণ্টা জিৰণি ল’ব তেতিয়া নাভিত হালধি লগাব পাৰে। এইদৰে আপোনাৰ শৰীৰে নাভিৰ জৰিয়তে হালধিৰ গুণ শোষণ কৰে। নাভিত হালধি লগোৱাৰ উত্তম সময় নিশা বুলি গণ্য কৰা হয়। সেয়েহে নিশা শোৱাৰ আগতে নাভিত হালধি লগাব পাৰে।

 নাভিত হালধি লগালে কি কি উপকাৰ হয়-

১. পিৰিয়ডৰ বিষ হ্ৰাস কৰেঃ-বহু মহিলাৰ মাহেকীয়াৰ সময়ত অত্যন্ত বিষ হয়। কিন্তু পিৰিয়ডৰ সময়ত পেটৰ বিষ আৰু ক্ৰেম্প হোৱাটো সাধাৰণ কথা আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মহিলাসকলে নাভিত হালধি লগাব পাৰে।

২. পেটৰ ফুলাঃ-বেক্টেৰিয়া প্ৰতিৰোধী গুণেৰে সমৃদ্ধ হালধিয়ে বদহজম বা কোষ্ঠকাঠিন্যৰ ফলত হোৱা পেটৰ বিষ আৰু পেট ফুলাৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ বাবে নাভিত নাৰিকল তেল আৰু হালধি মিহলাই লগাব লাগে।

৩. পাচনতন্ত্ৰ শক্তিশালী হয়ঃ-হালধিত আঁহৰ প্ৰচুৰ উৎসও থাকে, যিয়ে খাদ্য সঠিকভাৱে হজম হোৱাত সহায় কৰে। নাভিত প্ৰয়োগ কৰিলে পাচনতন্ত্ৰই সঠিকভাৱে কাম কৰে আৰু পেটৰ বিষ আৰু বদহজমৰ সমস্যাও নাইকিয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক