--°C
Loading...
Listen to Article
2 min read
80%
১৪ ফেব্ৰুৱাৰী ২০২৩, মঙলবাৰ

মেষ : আপোনাৰ সময় প্ৰেমেৰে ভৰা হ'ব। প্ৰেমাস্পদক লগ পাব। উপহাৰ পাব। ব্যৱহাৰ ভাল পাব। সংসাৰত উত্তম।

বৃষ : কাজিয়া নকৰিব। ব্যস্ততাৰ কাম বৰ্তমান স্থগিত ৰাখক। প্ৰেমত শুভ। সংসাৰ ঠিকে থাকিব।

মিথুন : মনৰ আশা পূৰণ নহ'ব। মনৰ কথা শুনি চলাৰ চেষ্টা কৰক। প্ৰেমৰ বহু ইংগিত পোৱা যাব। প্ৰেমৰ বাবে কষ্ট কৰিব লাগিব।

কৰ্কট : নতুন নতুন যোগাযোগ তৈয়াৰ হ’ব পাৰে। প্ৰেম সম্পৰ্কে সচেতন থাকক। কোনো ধৰণৰ সমস্যাই দেখা দিব পাৰে। পুৰণি প্ৰেমৰ কথাই আমনি কৰিব পাৰে।

সিংহ : দীৰ্ঘদিনৰ পৰিশ্ৰমৰ পিছত এতিয়া কিছু শান্ত হৈ বহাৰ সময়। প্ৰেমত শান্তি। আপোনজনৰ প্ৰশংসা পাব। পৰিয়ালৰো সমৰ্থন লাভ কৰিব।

কন্যা : প্ৰচুৰ পৰিকল্পনাই মূৰত ভিৰ কৰিব। সম্ভৱ–অসম্ভৱ নানা কল্পনাত মনৰ শান্তি উৰি যোৱাৰ সম্ভাৱনা। মন শান্ত কৰি ৰাখক। প্ৰেমত সংঘাত।

তুলা : সকলো মনে ভবা ধৰণে নহ’বও পাৰে। কিন্তু সেয়া সাময়িক। পৰৱৰ্তী কিছুদিনত পৰিস্থিতি পুনৰ পূৰ্বৰ দৰেই হৈ উঠিব। প্ৰেমৰ ইতিবাচক পৰিস্থিতি বজাই ৰাখক।

বৃশ্চিক : প্ৰেমত শুভ যোগ। অৰ্থনৈতিক সমৃদ্ধিৰ সম্ভাৱনা। মেজাজ ভালে থাকিব। প্ৰেমত শান্তি। আজি আপোনজনক লগ পোৱাৰ পূৰ্ণ সম্ভাৱনা। 

ধনু : বহু অমীমাংসিত সমস্যাৰ সমাধান হ’ব। জীৱনলৈ শান্তি আহিব। পৰিৱৰ্তনৰ বাবে এয়াই শ্ৰেষ্ঠ সময়। প্ৰিয়জনৰ সৈতে ভাল সময় অতিবাহিত হ’ব।

মকৰ : প্ৰেমিক-প্ৰেমিকাৰ মাজত ইতিবাচক পৰিস্থিতি তৈয়াৰ হ’ব। প্ৰেমৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এয়া আদৰ্শ সময়। সময়ত কাম শেষ কৰক। প্ৰেমত মধুৰতা।

কুম্ভ : প্ৰেমাস্পদক লগ পোৱাৰ মনৰ আশা পূৰণ নহ'ব। মানসিক প্ৰস্তুতি প্ৰয়োজনীয়। প্ৰিয়জনৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক। নুবুজিলে বিপদ নিজৰে।

মীন : ৰোমাণ্টিক জীৱনৰ আদৰ্শ সময় আজি। বিবাহৰ পৰিকল্পনা কৰা হ'ব পাৰে। বিবাহিতসকলৰ বাবেও সম্পৰ্ক সুদৃঢ় কৰাৰ সময়। প্ৰেমত অফুৰন্ত সুখ-শান্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক