--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাস্থ্য ভালকৈ ৰাখিবলৈ পানী খোৱাটো অতি প্ৰয়োজনীয়। কোনোৱে প্লাষ্টিকৰ বটলৰ পৰা আৰু কোনোৱে ষ্টীলৰ বটলৰ পৰা পানী খাবলৈ ভাল পায়। কোনোবাই তামৰ বাচন ভাল পায়, আন কোনোবাই মাটিৰে নিৰ্মিত পাত্ৰৰ পানী ভাল পায়। আগতে অধিকাংশ লোকে তাম বা মাটিৰ কলহৰ পানী খোৱাটো পছন্দ কৰিছিল। কিন্তু আজিকালি মাটিৰ কলহৰ ব্যৱহাৰ খুব কমেইহে দেখা যায়। মাত্ৰ দুই এজনেহে আজিকালি মাটিৰ কলহৰ পানী খায়। মাটিৰ কলহৰ পানীৰ বহু উপকাৰিতা আছে। মাটিৰ কলহত ৰখা পানী খালে আপোনাৰ শৰীৰৰ বহু সমস্যাই আঁতৰি যাব। জানো আহক কি কি...

মাটিৰ কলহৰ পানীৰ উপকাৰিতা

১) পানীৰ গুণাগুণ বৃদ্ধি কৰে- মাটিৰ কলহৰ পানীৰ গুণাগুণ অতি ভাল। মাটিৰ পাত্ৰত ৰোগ প্ৰতিৰোধ কৰাৰ বহু ধৰণৰ ক্ষমতা থাকে। তদুপৰি, ই বিষাক্ত পদাৰ্থসমূহ অঁতৰাই পানীখিনি বিশুদ্ধ কৰি ৰাখে। এই কাৰণেই মাটিৰ কলহৰ পানী অতি পৰিষ্কাৰ আৰু বিশুদ্ধ। 

২) পানীৰ PH লেৱেল বেলেন্সঃ মাটিৰ কলহত ৰখা পানীৰ PH লেৱেল বেলেন্স অতি উত্তম। কলহৰ ক্ষাৰকীয় প্ৰকৃতিয়ে পানীৰ এচিডিটি নিষ্ক্ৰিয় কৰিব পাৰে, যিটো পাচনতন্ত্ৰৰ সমস্যা থকা লোকৰ বাবে অতি উপকাৰী। ক্ষাৰকীয় পানী খালে শৰীৰৰ সামগ্ৰিক PH ভাৰসাম্য উন্নত কৰাত সহায় হয়।

৩) প্ৰাকৃতিক শীতলতা- মাটিৰ কলহত পানী জমা কৰি ৰাখিলে পানী সদায় শীতল হৈ থাকে। গ্ৰীষ্মকালত মাটি কলহৰ পানী খালে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় হয় আৰু হিট ষ্ট্ৰ’কৰো পৰা হাত সাৰিব পাৰি। ই দেহ-মন বহু সময়লৈকে শীতল কৰি ৰাখে।

৪) ছানষ্ট্ৰ’ক ৰোধ- মাটিৰ কলহত থকা পানীয়ে ছানষ্ট্ৰ’কো ৰোধ কৰিব পাৰে। সাধাৰণতে শৰীৰত থকা ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত ছানষ্ট্ৰ’ক বা হিটষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। মাটিৰ পাত্ৰৰ পানীয়ে ভিটামিন আৰু খনিজ পদাৰ্থ বজাই ৰখাত সহায় কৰে যাৰ বাবে ইয়াক পান কৰাৰ ফলত ছানষ্ট্ৰ’ক ৰোধ কৰিব পৰা যায়।

৫) মেটাবলিজিম বৃদ্ধি- মাটিৰ পাত্ৰৰ পানীত টেষ্টৰনৰ সন্তুলন ৰক্ষা কৰাৰ ক্ষমতা থাকে আৰু ইয়ে শৰীৰৰ মেটাবলিজিম বৃদ্ধিত সহায় কৰে।

৬) গৰ্ভৱতী মহিলাৰ বাবে ভাল- গৰ্ভৱতী মহিলাক ফ্ৰীজত ৰখা ঠাণ্ডা পানী খাবলৈ মানা কৰা হয়। কিন্তু মাটিৰ পাত্ৰৰ পানী খোৱাত কোনো হানি নহয়।

৭)কোষ্ঠকাঠিন্য দূৰ- মাটিৰ কলহৰ পানীয়ে কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে শৰীৰ শীতল ৰাখি মানুহৰ কৰ্মশক্তিও বৃদ্ধি কৰে।

গতিকে আপুনিও ঘৰত মাটিৰ কলহ এটা আনি ৰাখক আৰু বিশুদ্ধ-পৰিস্কাৰ পানী সেৱন কৰি শৰীৰ-মন সুস্থ কৰি ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement