--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাস্থ্য ভালকৈ ৰাখিবলৈ পানী খোৱাটো অতি প্ৰয়োজনীয়। কোনোৱে প্লাষ্টিকৰ বটলৰ পৰা আৰু কোনোৱে ষ্টীলৰ বটলৰ পৰা পানী খাবলৈ ভাল পায়। কোনোবাই তামৰ বাচন ভাল পায়, আন কোনোবাই মাটিৰে নিৰ্মিত পাত্ৰৰ পানী ভাল পায়। আগতে অধিকাংশ লোকে তাম বা মাটিৰ কলহৰ পানী খোৱাটো পছন্দ কৰিছিল। কিন্তু আজিকালি মাটিৰ কলহৰ ব্যৱহাৰ খুব কমেইহে দেখা যায়। মাত্ৰ দুই এজনেহে আজিকালি মাটিৰ কলহৰ পানী খায়। মাটিৰ কলহৰ পানীৰ বহু উপকাৰিতা আছে। মাটিৰ কলহত ৰখা পানী খালে আপোনাৰ শৰীৰৰ বহু সমস্যাই আঁতৰি যাব। জানো আহক কি কি...

মাটিৰ কলহৰ পানীৰ উপকাৰিতা

১) পানীৰ গুণাগুণ বৃদ্ধি কৰে- মাটিৰ কলহৰ পানীৰ গুণাগুণ অতি ভাল। মাটিৰ পাত্ৰত ৰোগ প্ৰতিৰোধ কৰাৰ বহু ধৰণৰ ক্ষমতা থাকে। তদুপৰি, ই বিষাক্ত পদাৰ্থসমূহ অঁতৰাই পানীখিনি বিশুদ্ধ কৰি ৰাখে। এই কাৰণেই মাটিৰ কলহৰ পানী অতি পৰিষ্কাৰ আৰু বিশুদ্ধ। 

২) পানীৰ PH লেৱেল বেলেন্সঃ মাটিৰ কলহত ৰখা পানীৰ PH লেৱেল বেলেন্স অতি উত্তম। কলহৰ ক্ষাৰকীয় প্ৰকৃতিয়ে পানীৰ এচিডিটি নিষ্ক্ৰিয় কৰিব পাৰে, যিটো পাচনতন্ত্ৰৰ সমস্যা থকা লোকৰ বাবে অতি উপকাৰী। ক্ষাৰকীয় পানী খালে শৰীৰৰ সামগ্ৰিক PH ভাৰসাম্য উন্নত কৰাত সহায় হয়।

৩) প্ৰাকৃতিক শীতলতা- মাটিৰ কলহত পানী জমা কৰি ৰাখিলে পানী সদায় শীতল হৈ থাকে। গ্ৰীষ্মকালত মাটি কলহৰ পানী খালে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় হয় আৰু হিট ষ্ট্ৰ’কৰো পৰা হাত সাৰিব পাৰি। ই দেহ-মন বহু সময়লৈকে শীতল কৰি ৰাখে।

৪) ছানষ্ট্ৰ’ক ৰোধ- মাটিৰ কলহত থকা পানীয়ে ছানষ্ট্ৰ’কো ৰোধ কৰিব পাৰে। সাধাৰণতে শৰীৰত থকা ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত ছানষ্ট্ৰ’ক বা হিটষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। মাটিৰ পাত্ৰৰ পানীয়ে ভিটামিন আৰু খনিজ পদাৰ্থ বজাই ৰখাত সহায় কৰে যাৰ বাবে ইয়াক পান কৰাৰ ফলত ছানষ্ট্ৰ’ক ৰোধ কৰিব পৰা যায়।

৫) মেটাবলিজিম বৃদ্ধি- মাটিৰ পাত্ৰৰ পানীত টেষ্টৰনৰ সন্তুলন ৰক্ষা কৰাৰ ক্ষমতা থাকে আৰু ইয়ে শৰীৰৰ মেটাবলিজিম বৃদ্ধিত সহায় কৰে।

৬) গৰ্ভৱতী মহিলাৰ বাবে ভাল- গৰ্ভৱতী মহিলাক ফ্ৰীজত ৰখা ঠাণ্ডা পানী খাবলৈ মানা কৰা হয়। কিন্তু মাটিৰ পাত্ৰৰ পানী খোৱাত কোনো হানি নহয়।

৭)কোষ্ঠকাঠিন্য দূৰ- মাটিৰ কলহৰ পানীয়ে কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে শৰীৰ শীতল ৰাখি মানুহৰ কৰ্মশক্তিও বৃদ্ধি কৰে।

গতিকে আপুনিও ঘৰত মাটিৰ কলহ এটা আনি ৰাখক আৰু বিশুদ্ধ-পৰিস্কাৰ পানী সেৱন কৰি শৰীৰ-মন সুস্থ কৰি ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু