--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন পুৰুষৰ দৃষ্টিত মাতৃ আৰু পত্নীৰ দুয়োৰে স্থান ভিন্ন। এজন পুৰুষৰ জীৱনত মাতৃ আৰু পত্নীয়ে উল্লেখনীয় ভূমিকা পালন কৰে। মাতৃ আৰু পত্নীৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা আগবঢ়াইছে বলীউডৰ মহানায়ক অমিতাভ বচ্চনে। তেওঁ কয় যে ''মা আৰু পত্নী দুয়ো আমাক মৰম কৰে। দুয়ো আমাৰ বাবে ত্যাগ কৰে। দুয়োগৰাকীয়ে আমাৰ বাবে খাদ্য ৰান্ধে। দুয়ো আমাৰ ঘৰখন ঘৰ কৰি তোলে। দুয়ো আমাৰ বাবে প্ৰাৰ্থনা কৰে। দুয়ো সদায় আমাৰ বাবে অপেক্ষা কৰে। দুয়োগৰাকীয়ে আমাৰ বাবে জীয়াই থাকে.... তেন্তে কিয়...আমি মাতৃ আৰু পত্নীৰ মাজৰ পাৰ্থক্য বিচাৰ কৰো। 

'আমি সদায় পত্নীক লৈ ধেমেলীয়া কৌতুক, মিম প'ষ্ট কৰো আৰু মাতৃৰ বাবে সদায় সন্মানজনক উক্তি প'ষ্ট কৰো। মই মাতৃ আৰু পত্নীৰ মাজত দেখা একমাত্ৰ পাৰ্থক্যটো হ'ল এগৰাকীয়ে আপোনাক পৃথিৱীলৈ আনে... আৰু আনগৰাকীয়ে আপোনাক নিজৰ পৃথিৱী বুলি ভাবে। পুৰুষে সদায় গুৰুত্বপূৰ্ণ আলোচনা, বিষয়, সিদ্ধান্ত, পৰিকল্পনা আদিত নিজৰ পত্নীক প্ৰায়ে আওকাণ কৰে, কাৰণ তেওঁলোকে ভাবে যে সেইবোৰ চম্ভালিবলৈ পত্নী অদক্ষ।

প্ৰিয় পুৰুষসকল এটা কথা সঁচা যে আপোনাৰ মাতৃয়ে আপোনাক লিডাৰ বনাবলৈ ত্যাগ কৰে কিন্তু পত্নীয়ে আপোনাৰ লিডাৰশ্বিপ বজাই ৰাখিবলৈ ত্যাগ কৰে...আপোনাৰ মাতৃয়ে আপোনাৰ মৰম আৰু যত্ন গোটেই জীৱনত পায়..কিন্তু এগৰাকী পত্নীয়ে আপোনাৰ সম্পূৰ্ণ মনোযোগ পায় তেতিয়াহে পায় যেতিয়া তেওঁৰ জীৱনৰ অন্তিম সময় আহি পায়।

অনুগ্ৰহ কৰি আপোনাৰ পত্নীক ইমানেই গুৰুত্ব দিয়ক যাতে তেওঁ অনুভৱ কৰিব পাৰে যে তেওঁ কেৱল পিতৃৰ ৰাজকুমাৰী নহয়, স্বামীৰ ৰাণীও হয়।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement