--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেতা বৰুণ ধাৱন এইকেইদিন ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি ‘ভেড়িয়া’ৰ প্ৰচাৰত। ছবিখনৰ বেংগিং ট্ৰেইলাৰ মুকলি কৰা হৈছে যিয়ে দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল। একে সময়তে বৰুণ ধাৱনৰ ইচ্ছাধাৰী ভেড়িয়া ৰূপটোৱে দৰ্শকক বৰ আকৰ্ষণ কৰিছে। এই সকলোবোৰৰ মাজতে অভিনেতাগৰাকীয়ে নিজৰ বিষয়ে এনে প্ৰকাশ কৰিছে যিয়ে অনুৰাগীক চিন্তিত কৰি তুলিছে। শেহতীয়াকৈ এটা অনুষ্ঠানৰ সময়ত বৰুণ ধাৱনে কয় যে তেওঁৰ এটা গুৰুতৰ ৰোগ হৈছে যাৰ বাবে তেওঁ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

আচলতে ভেড়িয়াৰ প্ৰচাৰৰ সময়ত বৰুণ ধাৱনক ক'ভিদৰ পাছত বক্স অফিচলৈ ঘূৰি অহাৰ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল। এই সময়ত অভিনেতাগৰাকীয়ে কয় যে ক'ভিদৰ পাছত তেওঁ ছবি সন্দৰ্ভত অধিক হেঁচা অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে। কেৱল এয়াই নহয়, তেওঁৰ শেষৰখন ছবি ‘জুগ জগ জিঅ’ৰ শ্বুটিংৰ সময়ত তেওঁ বহুত কষ্ট কৰিবলগীয়া হৈছিল আৰু ইয়াৰ বাবেই তেওঁ ভেষ্টিবুলাৰ হাইপ’ফংচন নামৰ ৰোগত আক্ৰান্ত হৈছিল। এই ৰোগে তেওঁক বহুত মানসিক চাপত পেলাইছিল।

ভেষ্টিবুলাৰ হাইপ’ফাংচন কি?
ভেষ্টিবুলাৰ হাইপ’ফংচন হৈছে কাণৰ ভিতৰৰ অংশত হোৱা এক বিকাৰ। ইয়াৰ বাবে ৰোগীৰ মগজুলৈ বাৰ্তা প্ৰেৰণ কৰাত সমস্যাৰ সৃষ্টি হয়। ইয়াৰ লগতে ই মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় আৰু ৰোগীৰ ভাৰসাম্য হেৰুৱাই পেলায়।

এই ৰোগৰ কথা কৈ বৰুণ ধাৱনে ইণ্ডিয়া টুডেক দিয়া সাক্ষাৎকাৰত কয়, ‘ক'ভিদৰ পাছত কথাবোৰ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰাৰ লগে লগে মানুহে কামৰ পাছত দৌৰিবলৈ আৰম্ভ কৰিছিল আৰু মোৰ ক্ষেত্ৰতো একই হ'ল  মই মোৰ ছবি জুগ জুগ জিঅ’ৰ বাবে বহুত কষ্ট কৰিলোঁ। এনে লাগিল যেন মই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছোঁ। ছবিখনৰ বাবে ইমান হেঁচা কিয় লৈছিলো নাজানো কিন্তু এতিয়া বন্ধ কৰি দিলোঁ। মোৰ কি হ'ল নাজানো?'

বৰুণে আৰু ক’লে, ‘মোৰ ভেষ্টিবুলাৰ হাইপ’ফাংচন নামৰ ৰোগ আছে। ইয়াৰ বাবেই মই বহুত বিচলিত হৈছো কিন্তু ইয়াৰ পিছতো মই বহুত কষ্ট কৰিছো। নিজৰ ওপৰত মোৰ ভাৰসাম্য হেৰাই গৈছিল।

ভেড়িয়া কেতিয়া মুক্তি দিব?
২৫ নৱেম্বৰত ডাঙৰ পৰ্দাত মুক্তি পাব ভেড়িয়া। বৰুণ ধাৱনৰ উপৰিও অভিষেক বেনাৰ্জী আৰু কৃতি ছাননক ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক