--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেতা বৰুণ ধাৱন এইকেইদিন ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি ‘ভেড়িয়া’ৰ প্ৰচাৰত। ছবিখনৰ বেংগিং ট্ৰেইলাৰ মুকলি কৰা হৈছে যিয়ে দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল। একে সময়তে বৰুণ ধাৱনৰ ইচ্ছাধাৰী ভেড়িয়া ৰূপটোৱে দৰ্শকক বৰ আকৰ্ষণ কৰিছে। এই সকলোবোৰৰ মাজতে অভিনেতাগৰাকীয়ে নিজৰ বিষয়ে এনে প্ৰকাশ কৰিছে যিয়ে অনুৰাগীক চিন্তিত কৰি তুলিছে। শেহতীয়াকৈ এটা অনুষ্ঠানৰ সময়ত বৰুণ ধাৱনে কয় যে তেওঁৰ এটা গুৰুতৰ ৰোগ হৈছে যাৰ বাবে তেওঁ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

আচলতে ভেড়িয়াৰ প্ৰচাৰৰ সময়ত বৰুণ ধাৱনক ক'ভিদৰ পাছত বক্স অফিচলৈ ঘূৰি অহাৰ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল। এই সময়ত অভিনেতাগৰাকীয়ে কয় যে ক'ভিদৰ পাছত তেওঁ ছবি সন্দৰ্ভত অধিক হেঁচা অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে। কেৱল এয়াই নহয়, তেওঁৰ শেষৰখন ছবি ‘জুগ জগ জিঅ’ৰ শ্বুটিংৰ সময়ত তেওঁ বহুত কষ্ট কৰিবলগীয়া হৈছিল আৰু ইয়াৰ বাবেই তেওঁ ভেষ্টিবুলাৰ হাইপ’ফংচন নামৰ ৰোগত আক্ৰান্ত হৈছিল। এই ৰোগে তেওঁক বহুত মানসিক চাপত পেলাইছিল।

ভেষ্টিবুলাৰ হাইপ’ফাংচন কি?
ভেষ্টিবুলাৰ হাইপ’ফংচন হৈছে কাণৰ ভিতৰৰ অংশত হোৱা এক বিকাৰ। ইয়াৰ বাবে ৰোগীৰ মগজুলৈ বাৰ্তা প্ৰেৰণ কৰাত সমস্যাৰ সৃষ্টি হয়। ইয়াৰ লগতে ই মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় আৰু ৰোগীৰ ভাৰসাম্য হেৰুৱাই পেলায়।

এই ৰোগৰ কথা কৈ বৰুণ ধাৱনে ইণ্ডিয়া টুডেক দিয়া সাক্ষাৎকাৰত কয়, ‘ক'ভিদৰ পাছত কথাবোৰ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰাৰ লগে লগে মানুহে কামৰ পাছত দৌৰিবলৈ আৰম্ভ কৰিছিল আৰু মোৰ ক্ষেত্ৰতো একই হ'ল  মই মোৰ ছবি জুগ জুগ জিঅ’ৰ বাবে বহুত কষ্ট কৰিলোঁ। এনে লাগিল যেন মই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছোঁ। ছবিখনৰ বাবে ইমান হেঁচা কিয় লৈছিলো নাজানো কিন্তু এতিয়া বন্ধ কৰি দিলোঁ। মোৰ কি হ'ল নাজানো?'

বৰুণে আৰু ক’লে, ‘মোৰ ভেষ্টিবুলাৰ হাইপ’ফাংচন নামৰ ৰোগ আছে। ইয়াৰ বাবেই মই বহুত বিচলিত হৈছো কিন্তু ইয়াৰ পিছতো মই বহুত কষ্ট কৰিছো। নিজৰ ওপৰত মোৰ ভাৰসাম্য হেৰাই গৈছিল।

ভেড়িয়া কেতিয়া মুক্তি দিব?
২৫ নৱেম্বৰত ডাঙৰ পৰ্দাত মুক্তি পাব ভেড়িয়া। বৰুণ ধাৱনৰ উপৰিও অভিষেক বেনাৰ্জী আৰু কৃতি ছাননক ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু