--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘ উত্‍কণ্ঠাৰ অন্তত বিগত বৰ্ষৰ ৯ ডিচেম্বৰত কেটৰিনা কাঈফ আৰু বিকি কৌশলে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু বিয়াৰ পাছত হনীমুনলৈ যোৱাৰ পৰিৱৰ্তে দুয়োজন তাৰকা ছবিৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত হৈ পৰিছিল। অৱশ্যে, ব্যস্ত সময়সূচীৰ মাজতো বলীউডৰ হট দম্পতীক সাগৰৰ পাৰত একান্ত নিবিড় মুহূৰ্ত কটোৱা দেখা গৈছিল। বিকি-কেটৰিনা তেতিয়া ক’লৈ গৈছিল সেই বিষয়ে কিন্তু কোনেও নাজানে। শেহতীয়াকৈ, বলীউডত কেটৰিনাক লৈ উঠিছে গুঞ্জন। কেটৰিনা কাঈফ হেনো মাতৃ হ'বলৈ ওলাইছে। অতি সোনকালে কেটৰিনা আৰু বিকিয়ে অনুৰাগীৰ সৈতে এই কথাৰ ভাগ বতৰা কৰিব বুলিও হৈছে চৰ্চা।

শেহতীয়াকৈ, কেটৰিনাৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত  কেটৰিনাক ঢিলা কাপোৰ পিন্ধি থকা দেখিবলৈ পোৱা গৈছে। আৰু কেটৰিনাক এই ৰূপত দেখি অভিনেত্ৰীগৰাকী গৰ্ভৱতী হোৱাৰ অনুমান  কৰিছে অনুৰাগীয়ে।

আজিৰ পৰা কেইমাহমান পূৰ্বে, সোনম কাপুৰকো ঢিলা কাপোৰ পিন্ধি বিমানবন্দৰৰ পৰা ওলাই যোৱা দেখা গৈছিল। ঘটনাটোৰ কেইদিনমান পাছতে, সোনম কাপুৰে ছ'চিয়েল মিডিয়াত মাতৃ হোৱাৰ বাতৰি প্ৰকাশ কৰিছিল।  সোনমে মাতৃ হোৱাৰ খবৰৰ উত্‍কণ্ঠা মাৰ নেযাওতেই এইবাৰ কথা প্ৰসংগলৈ আহি কেটৰিনা।বলীউডৰ বাহিৰে-ভিতৰে কেটৰিনা গৰ্ভৱতী হোৱাৰ খবৰ বিয়পি পৰিছে। অৱশ্যে, কেটৰিনা বা বিকিয়ে এতিয়ালৈকে এই বিষয়ে কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে।

ইফালে, কেইদিনমান পূৰ্বে ছলমান খানে 'টাইগাৰ-৩' ছবিখনৰ ট্ৰিজাৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। য'ত কেটৰিনাক সম্পূৰ্ণৰূপে একচন অৱতাৰত দেখিবলৈ পোৱা গৈছিল। তেওঁলোকৰ বিয়াৰ পাছত এই ছবিখনৰ দৃশ্যগ্ৰহণৰ কামতে ব্যস্ত হৈ পৰিছিল কেটৰিনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ