--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘ উত্‍কণ্ঠাৰ অন্তত বিগত বৰ্ষৰ ৯ ডিচেম্বৰত কেটৰিনা কাঈফ আৰু বিকি কৌশলে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু বিয়াৰ পাছত হনীমুনলৈ যোৱাৰ পৰিৱৰ্তে দুয়োজন তাৰকা ছবিৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত হৈ পৰিছিল। অৱশ্যে, ব্যস্ত সময়সূচীৰ মাজতো বলীউডৰ হট দম্পতীক সাগৰৰ পাৰত একান্ত নিবিড় মুহূৰ্ত কটোৱা দেখা গৈছিল। বিকি-কেটৰিনা তেতিয়া ক’লৈ গৈছিল সেই বিষয়ে কিন্তু কোনেও নাজানে। শেহতীয়াকৈ, বলীউডত কেটৰিনাক লৈ উঠিছে গুঞ্জন। কেটৰিনা কাঈফ হেনো মাতৃ হ'বলৈ ওলাইছে। অতি সোনকালে কেটৰিনা আৰু বিকিয়ে অনুৰাগীৰ সৈতে এই কথাৰ ভাগ বতৰা কৰিব বুলিও হৈছে চৰ্চা।

শেহতীয়াকৈ, কেটৰিনাৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত  কেটৰিনাক ঢিলা কাপোৰ পিন্ধি থকা দেখিবলৈ পোৱা গৈছে। আৰু কেটৰিনাক এই ৰূপত দেখি অভিনেত্ৰীগৰাকী গৰ্ভৱতী হোৱাৰ অনুমান  কৰিছে অনুৰাগীয়ে।

আজিৰ পৰা কেইমাহমান পূৰ্বে, সোনম কাপুৰকো ঢিলা কাপোৰ পিন্ধি বিমানবন্দৰৰ পৰা ওলাই যোৱা দেখা গৈছিল। ঘটনাটোৰ কেইদিনমান পাছতে, সোনম কাপুৰে ছ'চিয়েল মিডিয়াত মাতৃ হোৱাৰ বাতৰি প্ৰকাশ কৰিছিল।  সোনমে মাতৃ হোৱাৰ খবৰৰ উত্‍কণ্ঠা মাৰ নেযাওতেই এইবাৰ কথা প্ৰসংগলৈ আহি কেটৰিনা।বলীউডৰ বাহিৰে-ভিতৰে কেটৰিনা গৰ্ভৱতী হোৱাৰ খবৰ বিয়পি পৰিছে। অৱশ্যে, কেটৰিনা বা বিকিয়ে এতিয়ালৈকে এই বিষয়ে কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে।

ইফালে, কেইদিনমান পূৰ্বে ছলমান খানে 'টাইগাৰ-৩' ছবিখনৰ ট্ৰিজাৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। য'ত কেটৰিনাক সম্পূৰ্ণৰূপে একচন অৱতাৰত দেখিবলৈ পোৱা গৈছিল। তেওঁলোকৰ বিয়াৰ পাছত এই ছবিখনৰ দৃশ্যগ্ৰহণৰ কামতে ব্যস্ত হৈ পৰিছিল কেটৰিনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু