--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তাল পাকিস্তানৰ ৰাজনৈতিক বাতাবৰণ। ইয়াৰ মূলতে হৈছে ইমৰান খান। বিগত কেইদিনমান ধৰি চলি থকা নাটকৰ অন্তত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ পদ হেৰুৱাইছে। তেওঁৰ জীৱনৰ এই নাটকীয় পট পৰিৱৰ্তনৰ সময়তে পোহৰলৈ আহিছে ইমৰান খানৰ অতীত। এসময়ত পাকিস্তানৰ অধিনায়ক হিচাপে বিশ্বকাপ বিজয়ী ইমৰানৰ গ্লেমাৰ জগতৰ সম্পৰ্ক আছিল অবিচ্ছিন্ন। ইমৰানৰ অতীতৰ সেই কাহিনীবোৰে আজিও মানুহৰ মুখে মুখে। মুম্বাইৰ চলচ্চিত্ৰ জগতৰ সৈতে ইমৰানৰ আছিল ভাল সম্পৰ্ক। হেণ্ডচাম ইমৰানৰ সন্মুখত যেন ক্লিন বোল্ড হৈ গৈছিল জিনাত আমান, শ্বাবানা আজমীৰ দৰে তাৰকা। কিন্তু বলীউডত ইমৰানক লৈ আটাইতকৈ চৰ্চিত গুঞ্জন আছিল ৰেখাক লৈ। পাক অধিনায়কৰ সৈতে ৰেখাই বিবাহপাশত আৱদ্ধ হোৱাৰো হেনো উঠিছিল গুঞ্জন!

আচলতে হৈছিল কি? মন কৰিবলগীয়া যে, সেই সময়ত প্ৰায়ে ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হৈছিল। ফলস্বৰূপে, দুয়োখন দেশৰ ক্ৰিকেটাৰসকলৰ মাজত গঢ় লৈ উঠিছিল ঘনিষ্ঠ সম্পৰ্কই। এনেকৈ ভাৰতলৈ অহা যোৱা কৰি থকাৰ সময়তে তেতিেয়াৰ বোম্বাইৰ  গ্লেমাৰ জগতৰ কেইবাগৰাকী তাৰকাৰ সৈতে ভাল সম্পৰ্কই গঢ় লৈ উঠিছিল ইমৰানৰ। আন তাৰকাৰ সৈতে হোৱাৰ দৰে ৰেখাৰ সৈতেও ইমৰানৰ সাক্ষাত্‍ হৈছিল। বলীউড তেতিয়া ৰেখা মানেই যেন এক আলোড়ন! দিন যায় মানে গ্লেমাৰ জগতৰ একচত্ৰী ‘সম্ৰাজ্ঞী’ৰ সৈতে গভীৰ হৈ উঠে ইমৰানৰ সম্পৰ্ক। কথাবোৰ ৰৈ বৈ গৈছিল সকলোতে। আনকি সেই সময়ত এবাৰ বাতৰি কাকতত এটা প্ৰতিবেদনো প্ৰকাশ পাইছিল ৰেখা-ইমৰানক লৈ। প্ৰতিবেদনত স্পষ্টকৈ লিখা আছিল যে, ‘ৰেখা আৰু ইমৰানৰ সম্পৰ্ক এনে পৰ্যায়ত উপনীত হৈছিল যে তেওঁলোক বিবাহপাশত আৱদ্ধ হোৱাৰো সিদ্ধান্ত লৈ পেলাইছিল।’

প্ৰতিবেদনত উল্লেখ থকা অনুসৰি,  বোম্বাইৰ সমুদ্ৰ তীৰত ওচৰত খোজ কাঢ়ি থকা দেখা গৈছিল ইমৰান-ৰেখাক। ইয়াৰোপৰি দুয়োকে বিভিন্ন ঠাইত নাইট ক্লাব বা প্ৰেম শিৱৰ গোড্ৰেজৰ ঘৰত সময় কটোৱা দেখা গৈছিল। ইমৰানে সেই সময়ত প্ৰায় এমাহ বোম্বাইত আছিল! ৰেখাৰ মাতৃয়ো হেনো ইমৰানৰ সৈতে জীয়েকৰ সম্পৰ্কক লৈ উৎসাহিত আছিল। ইমৰানতকৈ ভাল আৰু কোন হ’ব পাৰে বুলিও ৰেখাৰ মাতৃয়ে কোৱা বুলি প্ৰকাশ পাইছিল প্ৰতিবেদনখনত! ইমৰানক পৰিয়ালৰ এজন সদস্য কৰি লোৱাত ৰেখাৰ মাতৃৰ যে কোনো আপত্তি যে নাছিল সেই কথা স্পষ্ট হৈ পৰিছিল।

ইমান গভীৰ প্ৰেম!তথাপি  শেষ মুহূৰ্তত দুয়ো একেলগ হ’ব নোৱাৰিলে।  প্ৰত্যক্ষদৰ্শীৰ মতে তেওঁলোকে সেই সময়ত ইজনে সিজনৰ চকুতে নিজকে হেৰুৱাই পেলাইছিল হেনো। তেন্তে এই সম্পৰ্কই কিয় পূৰ্ণতা নাপালে? তেনে প্ৰশ্নও উঠিছিল সেই সময়ত। ৰেখাই কেতিয়াও এই সম্পৰ্কত কোনো ধৰণৰ মন্তব্য কৰা নাছিল। কিন্তু ইমৰান আছিল স্পষ্টবাদী। ৰেখা সম্পৰ্কত ইমৰানৰ বিবৃতিও প্ৰকাশ পাইছিল প্ৰতিবেদনখনত। তেতিয়াৰ 'গ্লেমাৰ বয়'ৰ স্পষ্টমত, অভিনেত্ৰীৰ সংগ অলপ সময়ৰ বাবেই ভাল লাগে। মই তেওঁৰ সৈতে অলপ সময় কটাই আগবাঢ়িব যাবলৈ ভাল পাওঁ। মই কেতিয়াও চিনেমাৰ নায়িকাক বিয়া কৰাৰ কথা কল্পনা কৰিব নোৱাৰো।’

ইয়াৰ পৰা এইটোৱে স্পষ্ট যে, এই সম্পৰ্কক লৈ যিমানেই গুঞ্জন নুঠক লাগে শেষমুহূৰ্ত পৰ্যন্ত ই ফলপ্ৰসূ নহ’ল। বৰঞ্চ গ্লেমাৰ জগতৰ দুই নক্ষত্ৰই কম সময়ৰ সেই ঘনিষ্ঠতা ৰক্ষা কৰি নিজৰ জীৱনৰ পথত আগবাঢ়ি গৈছিল। সম্পৰ্কই পূৰ্ণতা নাপালেও ৰোমাঞ্চৰ কুঁৱলী আজিও অব্যাহত । ইমৰানৰ গাদীচ্যুত হোৱাৰ এই কঠিন সময়তে পুনৰ একেটা কাহিনীয়ে চৰ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ