--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালত এতিয়া উছাহৰ অন্ত নাই। কিয়নো পৰিয়ালটোলৈ আহিল নতুন আলহী। বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট আৰু অভিনেতা ৰণবীৰ কাপুৰে প্ৰথম সন্তানক তেওঁলোকৰ জীৱনলৈ আদৰণি জনালে। আলিয়াৰ কোলা শুৱনি কৰিলে কন্যা সন্তানে। দুয়োজনেই কিছুসময় পূৰ্বে চিকিৎসালয়ত উপস্থিত হৈছে। চিকিৎসালয়ৰ বাহিৰত দম্পতীহালক দেখি অনুৰাগীৰ উত্তেজনা অধিক হৈ পৰিছিল। সকলোৱে এতিয়া বাট চাই আছে কণমানি আলহীজনীক এবাৰ চাবলৈ।


খবৰ অনুসৰি, নৱেম্বৰ মাহত এইচ এন ৰিলায়েন্স হাস্পতালত আলিয়া ভাটে সন্তান প্ৰসৱ কৰাৰ কথা আছিল। এনে পৰিস্থিতিত আজি পুৱা আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক এইচ এন ৰিলায়েন্স হাস্পতাললৈ যোৱা দেখি অনুৰাগীসকল ছুপাৰ এক্সাইটেড হৈ পৰিছিল। কাপুৰ পৰিয়ালৰ লগতে এতিয়া ৰণবীৰ-আলিয়াৰ সকলো অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে কণমানি অতিথিজনীক চাবৰ বাবে।

 

উল্লেখযোগ্য যে, এই বৰ্ষৰে ১৪ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল এই দুই তাৰকা। বিবাহৰ কিছুদিন পাছতে আলিয়াই সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীক জনাইছিল ভাল খবৰটো। আনহাতে গৰ্ভৱতী হৈ থকা অৱস্থাতে আলিয়াই শ্বুটিং কৰিছিল হলীউডৰ ছবি। শেহতীয়া বলীউড ছবি ব্ৰহ্মাস্ত্ৰৰো প্ৰমোচনত কৰিছিল অংশগ্ৰহণ। কাপুৰ পৰিয়ালত ইতিমধ্যে আৰম্ভ হৈছে চেলিব্ৰেচন। হাস্পতালত স্বামী ৰণবীৰ কাপুৰৰ সৈতে উপস্থিত আছে আলিয়াৰ মাতৃ চনী ৰাজদান আৰু শাহু নীতু কাপুৰ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু