--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালত এতিয়া উছাহৰ অন্ত নাই। কিয়নো পৰিয়ালটোলৈ আহিল নতুন আলহী। বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট আৰু অভিনেতা ৰণবীৰ কাপুৰে প্ৰথম সন্তানক তেওঁলোকৰ জীৱনলৈ আদৰণি জনালে। আলিয়াৰ কোলা শুৱনি কৰিলে কন্যা সন্তানে। দুয়োজনেই কিছুসময় পূৰ্বে চিকিৎসালয়ত উপস্থিত হৈছে। চিকিৎসালয়ৰ বাহিৰত দম্পতীহালক দেখি অনুৰাগীৰ উত্তেজনা অধিক হৈ পৰিছিল। সকলোৱে এতিয়া বাট চাই আছে কণমানি আলহীজনীক এবাৰ চাবলৈ।


খবৰ অনুসৰি, নৱেম্বৰ মাহত এইচ এন ৰিলায়েন্স হাস্পতালত আলিয়া ভাটে সন্তান প্ৰসৱ কৰাৰ কথা আছিল। এনে পৰিস্থিতিত আজি পুৱা আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক এইচ এন ৰিলায়েন্স হাস্পতাললৈ যোৱা দেখি অনুৰাগীসকল ছুপাৰ এক্সাইটেড হৈ পৰিছিল। কাপুৰ পৰিয়ালৰ লগতে এতিয়া ৰণবীৰ-আলিয়াৰ সকলো অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে কণমানি অতিথিজনীক চাবৰ বাবে।

 

উল্লেখযোগ্য যে, এই বৰ্ষৰে ১৪ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল এই দুই তাৰকা। বিবাহৰ কিছুদিন পাছতে আলিয়াই সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীক জনাইছিল ভাল খবৰটো। আনহাতে গৰ্ভৱতী হৈ থকা অৱস্থাতে আলিয়াই শ্বুটিং কৰিছিল হলীউডৰ ছবি। শেহতীয়া বলীউড ছবি ব্ৰহ্মাস্ত্ৰৰো প্ৰমোচনত কৰিছিল অংশগ্ৰহণ। কাপুৰ পৰিয়ালত ইতিমধ্যে আৰম্ভ হৈছে চেলিব্ৰেচন। হাস্পতালত স্বামী ৰণবীৰ কাপুৰৰ সৈতে উপস্থিত আছে আলিয়াৰ মাতৃ চনী ৰাজদান আৰু শাহু নীতু কাপুৰ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক