--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলিউডত আজি আনন্দৰ সীমা নাই। সন্তান জন্ম হৈছে আলিয়া ভাটৰ। বিয়াৰ প্ৰায় সাত মাহৰ পাছতে ৰণবীৰ-আলিয়াৰ মাজলৈ আহিছে এটি কন্যা সন্তান।

চলিত বৰ্ষৰ ১৪ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল দুয়োগৰাকী তাৰকা। জুন মাহত সামাজিক মাধ্যমযোগে আলিয়া গৰ্ভৱতী বুলি খবৰ দিয়া হৈছিল।

তাৰপাছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। বিয়াৰ দুমাহৰ পাছতে আলিয়া সন্তানসম্ভৱা হোৱাৰ খবৰে যথেষ্ট আমোদ দিছিল অনুৰাগীসকল।

কিন্তু কেৱল আলিয়াই নহয়, তেওঁৰ পূৰ্বে বহুকেইগৰাকী অভিনেত্ৰীয়ে গৰ্ভধাৰণৰ পাছতহে বিয়া কৰাইছিল। চাও আহক এখন তালিকা-

এইক্ষেত্ৰত প্ৰথমেই থাকিব নেহা ধুপীয়াৰ নাম। ২০১৮ চনত অংগদ বেদীৰ স’তে বলিউডৰ সাহসী অভিনেত্ৰীগৰাকীৰ বিয়া হয়। বিয়াৰ এক মাহৰ পাছতে নেহা গৰ্ভৱতী হোৱাৰ খবৰ পোৱা যায়। অৰ্থাৎ বিয়াৰ সময়ত তিনি মাহৰ গৰ্ভৱতী আছিল নেহা। গৰ্ভধাৰণৰ ফলস্বৰূপে অভিনেত্ৰীগৰাকীৰ এটি কন্যা শিশুৰ জন্ম হৈছিল।

নীনা গুপ্তা আৰু ভিভ ৰিচাৰ্ডছৰ সম্পৰ্কৰ কথা সৰ্বজনবিদীত। ৱেষ্ট ইণ্ডিজৰ কালজয়ী ক্ৰিকেটাৰগৰাকীৰ ঔৰষত বিবাহ বহিৰ্ভূতভাৱে অভিনেত্ৰী নীনাই এগৰাকী কন্যা জন্ম দিছিল। কন্যাসন্তানগৰাকীৰ নাম দিয়া হৈছিল মাচাবা। সন্তান জন্ম হ’লেও তেওঁলোকে কোনো দিন বৈবাহিক বান্ধোনেৰে বান্ধ খোৱা নাছিল।

সাৰিকা আৰু কমল হাছানৰ কন্যা শ্ৰুতি হাছান। বৰ্তমান দক্ষিণ ভাৰত তথা বলিউডৰ তাৰকা শ্ৰুতিক সাৰিকাৰ জন্ম হৈছিল। কিন্তু কমল হাছানৰে বিবাহৰ পূৰ্বেই শ্ৰুতিক জন্ম দিয়া হৈছিল। দুবছৰৰ পাছতহে সাৰিকা-কমলৰ মাজত বিবাহ হৈছিল।

নাটাছা ষ্টানকোভিক। তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছা এগৰাকী অভিনেত্ৰীও। ২০২০ চনৰ ১ জানুৱাৰীত দুয়ো বিয়াত বহে। বিয়াৰ পাঁচ মাহৰ পাছতে তেওঁলোকৰ সংসাৰলৈ পুত্ৰসন্তান অগস্ত্যৰ আগমণ ঘটে। অৰ্থাৎ বিয়াৰ পূৰ্বেই সন্তান ধাৰণ কৰিছিল নাটাছাই।

২০১০ চনৰ ছেপ্টেম্বৰ মাহত বিবাহপাশত আৱদ্ধ হয় বলিউডৰ দুই তাৰকা কংকনা সেন শৰ্মা আৰু ৰণবীৰ শ্বুৰী। পৰবৰ্তী বৰ্ষৰ মাৰ্চত পুত্ৰ হাৰুণৰ জন্ম দিয়ে কংকনাই। অৰ্থাৎ বিয়াৰ পূৰ্বেই সন্তানসম্ভৱা হৈছিল অভিনেত্ৰীগৰাকী।

বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ব্যৱসায়ী বৈভৱ ৰেখীক বিয়া কৰায় দিয়াই। বিয়াৰ ডেৰমাহৰ পাছতে সন্তানসম্ভৱা হোৱাৰ কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে। এটি পুত্ৰসন্তানৰ মাতৃ হয় তেওঁ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু