--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলিউডত আজি আনন্দৰ সীমা নাই। সন্তান জন্ম হৈছে আলিয়া ভাটৰ। বিয়াৰ প্ৰায় সাত মাহৰ পাছতে ৰণবীৰ-আলিয়াৰ মাজলৈ আহিছে এটি কন্যা সন্তান।

চলিত বৰ্ষৰ ১৪ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল দুয়োগৰাকী তাৰকা। জুন মাহত সামাজিক মাধ্যমযোগে আলিয়া গৰ্ভৱতী বুলি খবৰ দিয়া হৈছিল।

তাৰপাছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। বিয়াৰ দুমাহৰ পাছতে আলিয়া সন্তানসম্ভৱা হোৱাৰ খবৰে যথেষ্ট আমোদ দিছিল অনুৰাগীসকল।

কিন্তু কেৱল আলিয়াই নহয়, তেওঁৰ পূৰ্বে বহুকেইগৰাকী অভিনেত্ৰীয়ে গৰ্ভধাৰণৰ পাছতহে বিয়া কৰাইছিল। চাও আহক এখন তালিকা-

এইক্ষেত্ৰত প্ৰথমেই থাকিব নেহা ধুপীয়াৰ নাম। ২০১৮ চনত অংগদ বেদীৰ স’তে বলিউডৰ সাহসী অভিনেত্ৰীগৰাকীৰ বিয়া হয়। বিয়াৰ এক মাহৰ পাছতে নেহা গৰ্ভৱতী হোৱাৰ খবৰ পোৱা যায়। অৰ্থাৎ বিয়াৰ সময়ত তিনি মাহৰ গৰ্ভৱতী আছিল নেহা। গৰ্ভধাৰণৰ ফলস্বৰূপে অভিনেত্ৰীগৰাকীৰ এটি কন্যা শিশুৰ জন্ম হৈছিল।

নীনা গুপ্তা আৰু ভিভ ৰিচাৰ্ডছৰ সম্পৰ্কৰ কথা সৰ্বজনবিদীত। ৱেষ্ট ইণ্ডিজৰ কালজয়ী ক্ৰিকেটাৰগৰাকীৰ ঔৰষত বিবাহ বহিৰ্ভূতভাৱে অভিনেত্ৰী নীনাই এগৰাকী কন্যা জন্ম দিছিল। কন্যাসন্তানগৰাকীৰ নাম দিয়া হৈছিল মাচাবা। সন্তান জন্ম হ’লেও তেওঁলোকে কোনো দিন বৈবাহিক বান্ধোনেৰে বান্ধ খোৱা নাছিল।

সাৰিকা আৰু কমল হাছানৰ কন্যা শ্ৰুতি হাছান। বৰ্তমান দক্ষিণ ভাৰত তথা বলিউডৰ তাৰকা শ্ৰুতিক সাৰিকাৰ জন্ম হৈছিল। কিন্তু কমল হাছানৰে বিবাহৰ পূৰ্বেই শ্ৰুতিক জন্ম দিয়া হৈছিল। দুবছৰৰ পাছতহে সাৰিকা-কমলৰ মাজত বিবাহ হৈছিল।

নাটাছা ষ্টানকোভিক। তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছা এগৰাকী অভিনেত্ৰীও। ২০২০ চনৰ ১ জানুৱাৰীত দুয়ো বিয়াত বহে। বিয়াৰ পাঁচ মাহৰ পাছতে তেওঁলোকৰ সংসাৰলৈ পুত্ৰসন্তান অগস্ত্যৰ আগমণ ঘটে। অৰ্থাৎ বিয়াৰ পূৰ্বেই সন্তান ধাৰণ কৰিছিল নাটাছাই।

২০১০ চনৰ ছেপ্টেম্বৰ মাহত বিবাহপাশত আৱদ্ধ হয় বলিউডৰ দুই তাৰকা কংকনা সেন শৰ্মা আৰু ৰণবীৰ শ্বুৰী। পৰবৰ্তী বৰ্ষৰ মাৰ্চত পুত্ৰ হাৰুণৰ জন্ম দিয়ে কংকনাই। অৰ্থাৎ বিয়াৰ পূৰ্বেই সন্তানসম্ভৱা হৈছিল অভিনেত্ৰীগৰাকী।

বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জা। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ব্যৱসায়ী বৈভৱ ৰেখীক বিয়া কৰায় দিয়াই। বিয়াৰ ডেৰমাহৰ পাছতে সন্তানসম্ভৱা হোৱাৰ কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে। এটি পুত্ৰসন্তানৰ মাতৃ হয় তেওঁ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক