--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঠিকনা সলনি হ’ব প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। প্ৰায় দুটা দশকৰ পাছত এতিয়াৰে পৰা মাতৃগৃহতে থাকিব ৰাহুল গান্ধীয়ে।

যোৱা প্ৰায় দুটা দশক ধৰি ৰাহুল গান্ধীৰ ঠিকনা আছিল দিল্লীৰ ১২ নং টোগলক লেনত থকা চৰকাৰী আৱাস। ৰাহুল গান্ধীয়ে শুকুৰবাৰৰ পৰা সেই বাংলোৰ পৰা নিজৰ সামগ্ৰী স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰিছে।

অপৰাধমূলক মানহানি গোচৰত দুবছৰীয়া কাৰাদণ্ডৰ বিৰুদ্ধে সত্ৰ আদালতৰ ৰায়দানলৈ অপেক্ষা নকৰাকৈয়ে ৰাহুল চৰকাৰী আৱাস ত্যাগ কৰিলে।

শুকুৰবাৰৰ পৰা টোগলক লেনৰ চৰকাৰী বাংলোৰ পৰা ১০ জনপথৰ ছোনিয়া গান্ধীৰ বাসগৃহলৈ ৰাহুল গান্ধীৰ সামগ্ৰীসমূহ স্থানান্তৰিত কৰিবলৈ আৰম্ভ কৰে। দুখন ট্ৰাকত লৈ যোৱা হৈছিল বক্সত ভৰোৱা সামগ্ৰীসমূহ।

উল্লেখ্যে যে ‘মোডী উপাধি’ বিতৰ্কৰ বাবে চুৰাটৰ দণ্ডাধীশ আদালতে তেওঁক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছতে ৰাহুলৰ সাংসদ পদ খাৰিজ কৰা হয়। একে সময়তে সাংসদ হিচাপে উপলব্ধ চৰকাৰী আৱাস খালী কৰাৰ জাননীও এমাহৰ ভিতৰতে লাভ কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত চৰকাৰী আৱাস ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।

কংগ্ৰেছ নেতৃত্বৰ মতে, দণ্ডাধীশ আদালতৰ বিৰুদ্ধে আবেদন কৰা ৰাহুল গান্ধীৰ আবেদনৰ ৰায়দান অহা ২০ এপ্ৰিলত ঘোষণা কৰা হ’ব। আনহাতে, ৰাহুল গান্ধীৰ চৰকাৰী আৱাস খালী কৰিবলৈ ২২ এপ্ৰিললৈকে সময় আছে। কিন্তু ৰাহুল গান্ধীয়ে ২০ এপ্ৰিললৈ অপেক্ষা কৰিব নিবিচাৰিলে।

২০ এপ্ৰিলৰ ৰায়ত সাংসদ পদ পুনৰ ঘূৰাই পালে বা গুজৰাট উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি স্থগিত ৰাখে তেতিয়া ৰাহুল গান্ধীৰ স্থিতি কি হ’ব সেয়া হ’ব লক্ষ্যণীয়। অৱশ্যে ‘ভাৰত যোৰো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে নিজেই কৈছিল যে তেওঁৰ নিজৰ ঘৰ নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ