--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঠিকনা সলনি হ’ব প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। প্ৰায় দুটা দশকৰ পাছত এতিয়াৰে পৰা মাতৃগৃহতে থাকিব ৰাহুল গান্ধীয়ে।

যোৱা প্ৰায় দুটা দশক ধৰি ৰাহুল গান্ধীৰ ঠিকনা আছিল দিল্লীৰ ১২ নং টোগলক লেনত থকা চৰকাৰী আৱাস। ৰাহুল গান্ধীয়ে শুকুৰবাৰৰ পৰা সেই বাংলোৰ পৰা নিজৰ সামগ্ৰী স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰিছে।

অপৰাধমূলক মানহানি গোচৰত দুবছৰীয়া কাৰাদণ্ডৰ বিৰুদ্ধে সত্ৰ আদালতৰ ৰায়দানলৈ অপেক্ষা নকৰাকৈয়ে ৰাহুল চৰকাৰী আৱাস ত্যাগ কৰিলে।

শুকুৰবাৰৰ পৰা টোগলক লেনৰ চৰকাৰী বাংলোৰ পৰা ১০ জনপথৰ ছোনিয়া গান্ধীৰ বাসগৃহলৈ ৰাহুল গান্ধীৰ সামগ্ৰীসমূহ স্থানান্তৰিত কৰিবলৈ আৰম্ভ কৰে। দুখন ট্ৰাকত লৈ যোৱা হৈছিল বক্সত ভৰোৱা সামগ্ৰীসমূহ।

উল্লেখ্যে যে ‘মোডী উপাধি’ বিতৰ্কৰ বাবে চুৰাটৰ দণ্ডাধীশ আদালতে তেওঁক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছতে ৰাহুলৰ সাংসদ পদ খাৰিজ কৰা হয়। একে সময়তে সাংসদ হিচাপে উপলব্ধ চৰকাৰী আৱাস খালী কৰাৰ জাননীও এমাহৰ ভিতৰতে লাভ কৰে ৰাহুল গান্ধীয়ে। ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত চৰকাৰী আৱাস ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।

কংগ্ৰেছ নেতৃত্বৰ মতে, দণ্ডাধীশ আদালতৰ বিৰুদ্ধে আবেদন কৰা ৰাহুল গান্ধীৰ আবেদনৰ ৰায়দান অহা ২০ এপ্ৰিলত ঘোষণা কৰা হ’ব। আনহাতে, ৰাহুল গান্ধীৰ চৰকাৰী আৱাস খালী কৰিবলৈ ২২ এপ্ৰিললৈকে সময় আছে। কিন্তু ৰাহুল গান্ধীয়ে ২০ এপ্ৰিললৈ অপেক্ষা কৰিব নিবিচাৰিলে।

২০ এপ্ৰিলৰ ৰায়ত সাংসদ পদ পুনৰ ঘূৰাই পালে বা গুজৰাট উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি স্থগিত ৰাখে তেতিয়া ৰাহুল গান্ধীৰ স্থিতি কি হ’ব সেয়া হ’ব লক্ষ্যণীয়। অৱশ্যে ‘ভাৰত যোৰো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে নিজেই কৈছিল যে তেওঁৰ নিজৰ ঘৰ নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন