--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত আজি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ  ৰাইগড় জিলাৰ পুৰণি মুম্বাই-পুনে ঘাইপথত যাত্ৰীবাহী এখন বাছ ঘাইপথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। ফলত বাছখনৰ ১২ গৰাকী যাত্ৰী নিহত হোৱাৰ লগতে ২৭ গৰাকী আহত হয়।

এটা লোকশিল্প প্ৰদৰ্শন কৰা দলৰ সদস্য কঢ়িয়াই অনা ব্যক্তিগত বাছখন পুনেৰ পৰা মুম্বাইলৈ গৈ থকা অৱস্থাতে পুৱা প্ৰায় ৪:৫০ বজাত ঘাইপথৰ শ্বিংৰোবা মন্দিৰৰ সমীপৰ এক দ খাৱৈত বাগৰি পৰে বুলি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

স্থানীয় খোপোলি থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে মুম্বাইৰ গোৰেগাঁৱৰ পৰা ‘বাজী প্ৰভু ভাদক গ্ৰুপ’ নামৰ লোকশিল্প দল এটাৰ সদস্যক লৈ আহিছিল বাছখন। পুনে জিলাৰ পিমপ্ৰী চিঞ্চৱাদ অঞ্চলত এক অনুষ্ঠানত অংশ লৈ গোৰেগাঁৱলৈ উভতি আহিছিল দলটো।

বিষয়াগৰাকীয়ে সদৰী কৰা মতে, আজি পুৱতি নিশা ১ বজাত বাছখন অনুস্থানৰস্থলীৰ পৰা ওলাই আহিছিল বাছখন। এই দুৰ্ঘটনাত ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২৭ গৰাকী লোক আহত হোৱা বুলি তেওঁ লগতে কয়।

ইফালে ৰায়গড় জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, ঘটনাত নিহত তথা আহত হোৱা লোকসকল মুম্বাইৰ ছিয়ন আৰু গোৰেগাঁও আৰু চুবুৰীয়া পালঘৰ জিলাৰ ভিৰাৰৰ বাসিন্দা।

আহতসকলক খোপোলি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলিও তেওঁ লগতে কয়। মৃত তথা আহত লোকসকল ১৮ৰ পৰা ২৫ বছৰ বয়সৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement