--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত আজি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ  ৰাইগড় জিলাৰ পুৰণি মুম্বাই-পুনে ঘাইপথত যাত্ৰীবাহী এখন বাছ ঘাইপথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। ফলত বাছখনৰ ১২ গৰাকী যাত্ৰী নিহত হোৱাৰ লগতে ২৭ গৰাকী আহত হয়।

এটা লোকশিল্প প্ৰদৰ্শন কৰা দলৰ সদস্য কঢ়িয়াই অনা ব্যক্তিগত বাছখন পুনেৰ পৰা মুম্বাইলৈ গৈ থকা অৱস্থাতে পুৱা প্ৰায় ৪:৫০ বজাত ঘাইপথৰ শ্বিংৰোবা মন্দিৰৰ সমীপৰ এক দ খাৱৈত বাগৰি পৰে বুলি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

স্থানীয় খোপোলি থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে মুম্বাইৰ গোৰেগাঁৱৰ পৰা ‘বাজী প্ৰভু ভাদক গ্ৰুপ’ নামৰ লোকশিল্প দল এটাৰ সদস্যক লৈ আহিছিল বাছখন। পুনে জিলাৰ পিমপ্ৰী চিঞ্চৱাদ অঞ্চলত এক অনুষ্ঠানত অংশ লৈ গোৰেগাঁৱলৈ উভতি আহিছিল দলটো।

বিষয়াগৰাকীয়ে সদৰী কৰা মতে, আজি পুৱতি নিশা ১ বজাত বাছখন অনুস্থানৰস্থলীৰ পৰা ওলাই আহিছিল বাছখন। এই দুৰ্ঘটনাত ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২৭ গৰাকী লোক আহত হোৱা বুলি তেওঁ লগতে কয়।

ইফালে ৰায়গড় জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে, ঘটনাত নিহত তথা আহত হোৱা লোকসকল মুম্বাইৰ ছিয়ন আৰু গোৰেগাঁও আৰু চুবুৰীয়া পালঘৰ জিলাৰ ভিৰাৰৰ বাসিন্দা।

আহতসকলক খোপোলি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলিও তেওঁ লগতে কয়। মৃত তথা আহত লোকসকল ১৮ৰ পৰা ২৫ বছৰ বয়সৰ বুলি আৰক্ষীয়ে সদৰী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন