--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে মায়াৱতীৰ  বহুজন সমাজ পাৰ্টি তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰিবলৈ লৈছে। মায়াৱতীৰ দলৰআম্বেদকাৰ নগৰৰ সাংসদ ৰীতেশ পাণ্ডেই বিজেপিত যোগদান কৰিছে৷  ৰিতেশে দেওবাৰে পুৱা দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছিল। তাৰ পিছতে তেওঁ বিজেপিত যোগদান কৰে৷ ৰীতেশে কয়  যে তেওঁৰ দীৰ্ঘদিন ধৰি দলৰ সৈতে কোনো সম্পৰ্ক নাছিল। দলৰ  সভালৈও তেওঁক  মতা হোৱা নাছিল।আনকি  মায়াৱতীৰ সৈতেও যোগাযোগ কৰাটো সম্ভৱ হৈ উঠা  নাছিল।

 সূত্ৰ অনুসৰি, বিজেপিয়ে ৰীতেশক তেওঁৰ পুৰণি সমষ্টি আম্বেদকাৰ নগৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে। মায়াৱতীৰ বিএছপিৰ আন তিনিজন সাংসদে বিজেপিৰ সৈতে যোগাযোগ কৰি থকা বুলি জানিব পৰা গৈছে৷  দলটোৰ এই তিনি নেতাই  সেউজ সংকেত পোৱাৰ লগে লগে গেৰুৱা শিবিৰত  যোগ দিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ উল্লেখ্য বিএছপিয়ে সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতা কৰি ২০১৯ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। 

মায়াৱতীৰ  দলে উত্তৰ প্ৰদেশত ১০ খন আসন লাভ কৰিছিল। কিন্তু এইবাৰ মায়াৱতী কোনো শিবিৰৰ সৈতে মিত্ৰতাত নাই। তেওঁ আনকি বিজেপিকো  বিৰোধিতা কৰা নাই অথচ তেওঁ পোনপটীয়াকৈ এন ডি এতো যোগদান কৰা নাই । দলটোৰ এতিয়া ভোটৰ বাবে কোনো প্ৰস্তুতি নাই বুলি চৰ্চা চলিছে। বিএছপিৰ সাংসদসকল তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে৷  গতিকে সাংসদসকলে ভোটৰ দিন  ঘোষণাৰ আগতে নিজৰ বাবে 'বিকল্প' বিচাৰি আছে।

কেৱল বিজেপিয়েই নহয়, বিএছপিৰ সাংসদসকলে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ সৈতেও যোগাযোগ কৰি আছে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি মায়াৱতীৰ দলৰ তিনিজন সাংসদে বিজেপিৰ সৈতে, তিনিজনে সমাজবাদী পাৰ্টিৰ সৈতে আৰু এজনে কংগ্ৰেছৰ সৈতে যোগাযোগত আছে। বহিষ্কৃত বিএছপি সাংসদ দানিশ আলীয়ে ইতিমধ্যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগদান কৰিছে। তেওঁ কংগ্ৰেছৰ টিকটত আমৰোহাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু