--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে মায়াৱতীৰ  বহুজন সমাজ পাৰ্টি তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰিবলৈ লৈছে। মায়াৱতীৰ দলৰআম্বেদকাৰ নগৰৰ সাংসদ ৰীতেশ পাণ্ডেই বিজেপিত যোগদান কৰিছে৷  ৰিতেশে দেওবাৰে পুৱা দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছিল। তাৰ পিছতে তেওঁ বিজেপিত যোগদান কৰে৷ ৰীতেশে কয়  যে তেওঁৰ দীৰ্ঘদিন ধৰি দলৰ সৈতে কোনো সম্পৰ্ক নাছিল। দলৰ  সভালৈও তেওঁক  মতা হোৱা নাছিল।আনকি  মায়াৱতীৰ সৈতেও যোগাযোগ কৰাটো সম্ভৱ হৈ উঠা  নাছিল।

 সূত্ৰ অনুসৰি, বিজেপিয়ে ৰীতেশক তেওঁৰ পুৰণি সমষ্টি আম্বেদকাৰ নগৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে। মায়াৱতীৰ বিএছপিৰ আন তিনিজন সাংসদে বিজেপিৰ সৈতে যোগাযোগ কৰি থকা বুলি জানিব পৰা গৈছে৷  দলটোৰ এই তিনি নেতাই  সেউজ সংকেত পোৱাৰ লগে লগে গেৰুৱা শিবিৰত  যোগ দিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ উল্লেখ্য বিএছপিয়ে সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতা কৰি ২০১৯ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। 

মায়াৱতীৰ  দলে উত্তৰ প্ৰদেশত ১০ খন আসন লাভ কৰিছিল। কিন্তু এইবাৰ মায়াৱতী কোনো শিবিৰৰ সৈতে মিত্ৰতাত নাই। তেওঁ আনকি বিজেপিকো  বিৰোধিতা কৰা নাই অথচ তেওঁ পোনপটীয়াকৈ এন ডি এতো যোগদান কৰা নাই । দলটোৰ এতিয়া ভোটৰ বাবে কোনো প্ৰস্তুতি নাই বুলি চৰ্চা চলিছে। বিএছপিৰ সাংসদসকল তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে৷  গতিকে সাংসদসকলে ভোটৰ দিন  ঘোষণাৰ আগতে নিজৰ বাবে 'বিকল্প' বিচাৰি আছে।

কেৱল বিজেপিয়েই নহয়, বিএছপিৰ সাংসদসকলে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ সৈতেও যোগাযোগ কৰি আছে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি মায়াৱতীৰ দলৰ তিনিজন সাংসদে বিজেপিৰ সৈতে, তিনিজনে সমাজবাদী পাৰ্টিৰ সৈতে আৰু এজনে কংগ্ৰেছৰ সৈতে যোগাযোগত আছে। বহিষ্কৃত বিএছপি সাংসদ দানিশ আলীয়ে ইতিমধ্যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগদান কৰিছে। তেওঁ কংগ্ৰেছৰ টিকটত আমৰোহাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী