--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ বাবে নামভৰ্তিৰ ক্ষেত্ৰত দাৰিদ্র্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীৰ বাবে নিৰ্ধাৰিত মাচুল দুগুণলৈ বৃদ্ধি কৰা হৈছে।

ডিজিটেল ডেস্ক: ৰাজ্যৰ দাৰিদ্র্য সীমাৰেখাৰ তলৰ মেধাৱী শিক্ষাৰ্থীৰ বাবে মহঙা হ'বলৈ গৈ আছে চৰকাৰী খণ্ডৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা। ৰাজ্যৰ চৌদিশে অভাৱনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাজ্যৰ দাৰিদ্র্য সীমাৰেখাৰ তলৰ মেধাৱী শিক্ষাৰ্থীৰ মূৰত এইবাৰ ৰামটাঙোন শোধাবলৈ সাজু হৈছে শিক্ষা বিভাগো। চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ বাবে নামভৰ্তিৰ ক্ষেত্ৰত দাৰিদ্র্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীৰ বাবে নিৰ্ধাৰিত মাচুল দুগুণলৈ বৃদ্ধি কৰা হৈছে। চৰকাৰে হঠাৎ এম বি বি এছ পাঠ্যক্ৰমৰ মাচুল দুগুণলৈ বৃদ্ধি কৰাত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে নতুন নিয়মৰ মাজেৰে তিনিটা শাখাৰে মাচুল পৃথক পৃথক হ'ব।


উল্লেখযোগ্য যে এইবাৰ নতুনকৈ নামভৰ্তি কৰিবলগীয়া এম বি বি এছ পাঠ্যক্ৰমৰ শিক্ষার্থীয়ে দুগুণ মাচুল বহন কৰিব লাগিব। বিগত বৰ্ষলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল আছিল কেৱল ২৪০০ টকা। কিন্তু এইবাৰৰ পৰা দাৰিদ্র্য সীমাৰেখাৰ তলৰ শ্ৰেণীৰ শিক্ষার্থীয়েও মাচুল ভৰিব লাগিব ৫০০০ টকাকৈ। এই মাচুল চৰকাৰে নিৰ্ধাৰণ কৰা মাচুলহে। ইয়াৰ উপৰি প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ে নির্ধাৰণ কৰা বেচৰকাৰী মাচুল বছৰি ২০-২২ হাজাৰ টকা ভৰিব লাগিব শিক্ষার্থীসকলে। 


লক্ষণীয় যে বিগত ৩০ আগষ্টতে অসম চৰকাৰে কেবিনেটত এই সিদ্ধান্ত গ্রহণ কৰিছিল। তাৰ পাছতে যোৱা ২৪ ছেপ্টেম্বৰত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে জাননী জাৰি কৰি এইকথা ৰাজহুৱা কৰে। তাৰ পাছতে দৰিদ্ৰ শিক্ষাৰ্থীৰ মাজত একপ্ৰকাৰ হাহাকাৰ সৃষ্টি হৈছে। এই জাননী অনুসৰি এইবছৰৰ পৰা এম বি বি এছ শিক্ষাত তিনিটা শাখাৰ জৰিয়তে নামভর্তি হ'ব। তিনিওটা শাখাতে নামভৰ্তিৰ মাচুল পৃথক পৃথক হ'ব। সেই অনুসৰি বছৰি ৯ লাখতকৈ অধিক ধন আয় কৰা পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে এম বি বি এছ পাঠ্যক্রমত নামভৰ্তিৰ চৰকাৰী মাচুল হ'ব ১ লাখ টকা। বছৰি ৪-৯ লাখ টকা আয় কৰা পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে নামভৰ্তিৰ চৰকাৰী মাচুল হ'ব ৫০ হাজাৰ টকা। আনহাতে দাৰিদ্র্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীৰ বাবে নামভৰ্তিৰ চৰকাৰী মাচুল হ'ব ৫ হাজাৰ টকা। 


উল্লেখযোগ্য যে ৰাজ্যৰ মুঠ ১৪খন চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত মুঠ ১৮২৫খন আসন। জি এম চি এইচ আৰু এ এম চি এইচত সর্বাধিক ২৫০খনকৈ আসন আছে। শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ১৫০খন, যোৰহাট, বৰপেটা, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ১২৫খনকৈ, ডিফু, কোকৰাঝাৰ, নলবাৰী, লখিমপুৰ, নগাঁও, তিনিচুকীয়া, প্রাগজ্যোতিষপুৰ, বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ১০০খনকৈ আসন আছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী