--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লোক সভাত কেন্দ্রীয় চৰকাৰে সোমবাৰে এই তথ্য দাখিল কৰি কয় যে মেঘালয়, তেলেংগানা আৰু অন্ধ্র প্রদেশত চৰকাৰী বিদ্যালয় হ্রাস হোৱাৰ হাৰ অতি বেছি।

ডিজিটেল ডেস্ক: চৰকাৰী শিক্ষা ব্যৱস্থাত আমূল পৰিবর্তন হৈছে বুলি কেন্দ্রীয় চৰকাৰে দাবী কৰি আহিছে যদিও খোদ চৰকাৰী তথ্যতে দেশৰ প্রাথমিক শিক্ষাৰ ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে। সমগ্র দেশজুৰি এবছৰত প্রায় ১০ হাজাৰখন চৰকাৰী প্রাথমিক বিদ্যালয় বন্ধ হৈ পৰিছে। লোক সভাত কেন্দ্রীয় চৰকাৰে সোমবাৰে এই তথ্য দাখিল কৰি কয় যে মেঘালয়, তেলেংগানা আৰু অন্ধ্র প্রদেশত চৰকাৰী বিদ্যালয় হ্রাস হোৱাৰ হাৰ অতি বেছি।


ডি এম কেৰ সাংসদ টি এন বালুৰ এটা লিখিত প্রশ্নৰ উত্তৰত শিক্ষা মন্ত্র্যালয়ে 'ইউ ডাইচ+' তথ্যৰ ভিত্তিত কয় যে প্রাথমিক স্তৰৰ চৰকাৰী বিদ্যালয়ৰ সংখ্যা ২০২৪-২৫ চনৰ ৮,৮৯,৮০৬খনৰ তুলনাত ২০২৫-২৬ চনত ৮,৭৯,৯৪০ খনলৈ কমিছে। 


এই তথ্য মতে, সমগ্র দেশত এবছৰত ৯,৮৬৬খন চৰকাৰী প্রাথমিক বিদ্যালয় বন্ধ হৈ পৰিছে। কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ছাত্র-ছাত্রীৰ সংখ্যা হ্রাস পোৱাৰ বাবে আৰু শিক্ষার্থীয়ে আধাতে স্কুল এৰা (ড্রপ আউট) প্রতিৰোধ কৰিবলৈ পদক্ষেপ লোৱাৰ বাবে বৃহৎ সংখ্যক চৰকাৰী প্রাথমিক বিদ্যালয় বন্ধ কৰিব লগা হৈছে। অৱশ্যে, শিক্ষার্থীৰ অভাৱৰ বাবে কিমানখন চৰকাৰী প্রাথমিক বিদ্যালয় বন্ধ কৰিব লগা হৈছে, তাৰ হিচাপ সঠিককৈ শিক্ষা মন্ত্র্যালয়ে নিদিলে। কিন্তু দুটা শৈক্ষিক বর্ষত চৰকাৰী প্রাথমিক বিদ্যালয় বন্ধ হোৱাৰ সামগ্রিক সংখ্যাহে প্রকাশ কৰিলে। মেঘালয়ত চৰকাৰী প্রাথমিক বিদ্যালয়ৰ সংখ্যা এবছৰৰ ব্যৱধানত ৭,৬৩৩খনৰ পৰা ৫৪৫৯ খনলৈ হ্রাস পাইছে। এবছৰত ২,১৭৪খন চৰকাৰী স্কুল মেঘালয়ত বন্ধ হৈ পৰিছে। তেলেংগানাত ১,৯৬১খন আৰু অন্ধ্র প্রদেশত ১৪৪৬খন চৰকাৰী প্রাথমিক বিদ্যালয় এবছৰত বন্ধ কৰা হৈছে। 


আনহাতে, মধ্য প্রদেশত ১,০৪৩খন, কর্ণাটকত ৬১৫খন, পশ্চিম বংগত ৫৮৭খন, ৰাজস্থানত ৪৭৩খন, মহাৰাষ্ট্ৰত ৩৫৭খন, হিমাচল প্রদেশত ২৫৯খন আৰু অসমত ২০৯খন চৰকাৰী প্রাথমিক বিদ্যালয় এবছৰত হ্রাস পাইছে। চৰকাৰী প্রাথমিক বিদ্যালয় থকাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ আগবাঢ়ি আছে। এবছৰত উত্তৰ প্রদেশত ১,৩৪,১১৫খনৰ পৰা ১,৩৩,৯৪৮ খন চৰকাৰী প্রাথমিক বিদ্যালয় হৈছে। আনহাতে, বিহাৰত চৰকাৰী প্রাথমিক বিদ্যালয় এবছৰত ৬৬,৮০৩খনৰ পৰা ৬৬.৯১৫ খনলৈ বৃদ্ধি পাইছে। ঠিক সেইদৰে ছট্টিশগড়তো ৪৩,৮৩৬খনৰ পৰা ৪৩,৮৫৩খনলৈ চৰকাৰী প্রাথমিক বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাইছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক