--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী মন্ত্ৰীয়ে এখন চৰকাৰী বিদ্যালয়ৰ শৌচাগাৰ পৰিষ্কাৰ কৰি সমাজলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰেৰণ কৰে। মন্ত্ৰীগৰাকীৰ এই কাৰ্যক সকলোৱে শলাগ লোৱা দেখা গৈছে। মধ্যপ্ৰদেশৰ শক্তি মন্ত্ৰী প্ৰধুমান সিং টোমৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এখন চৰকাৰী বিদ্যালয়ৰ শৌচালয় পৰিষ্কাৰ কৰি মানুহক বুজায় যে পৰিষ্কাৰ-পৰিচ্ছন্নতাইহে এখন সুস্থ সমাজ গঢ়িব পাৰে। মন্ত্ৰী প্ৰধুমান সিং টোমৰে কয় যে, বিদ্যালয়খন পৰিদৰ্শন কৰোতে "এগৰাকী ছাত্ৰীয়ে মোক কৈছিল যে বিদ্যালয়খনৰ শৌচালয়ত কোনো পৰিষ্কাৰ পৰিচ্ছন্নতা নাই, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয়।"

আৰু পঢ়কঃ জন্মদিনৰ উপহাৰ! ২ বছৰীয়া পুত্ৰক চন্দ্ৰৰ মাটি কিনি উপহাৰ দিলে পিতৃয়ে!

এই কথা শুনি শক্তিমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ শৌচাগাৰলৈ গৈ নিজৰ হাতেৰে শৌচাগাৰ পৰিষ্কাৰ কৰে। শক্তি মন্ত্ৰী প্ৰধুমান সিং টোমৰে গোটেই শৌচালয়টো খুব সুন্দৰকৈ পৰিষ্কাৰ কৰি তুলে। তেওঁ লগতে কয়, "মই ৩০ দিনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিশ্ৰুতি লৈছো আৰু মই প্ৰতিদিনে কোনো প্ৰতিষ্ঠানলৈ যাম আৰু ইয়াক পৰিষ্কাৰ কৰিম, মই বিচাৰো যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাৰ্তা সকলো লোকৰ ওচৰলৈ যাওক, মই এনে কৰি আছো যাতে সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি অনুপ্ৰাণিত হয়।"

শক্তি মন্ত্ৰী প্ৰধুমান সিং টোমৰ

পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ লোকসকলক আহ্বান জনোৱাৰ উপৰিও তেওঁ পৌৰ নিগমৰ বিষয়াসকলক প্ৰতিদিনে বিদ্যালয়সমূহৰ শৌচালয় পৰিষ্কাৰ কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে শক্তি মন্ত্ৰী প্ৰধুমান সিঙক ইয়াৰ আগতে কেইবাবাৰো ৰাজহুৱা শৌচালয় পৰিষ্কাৰ কৰা আৰু ৰাস্তাত ঝাড়ু দিয়া দেখা গৈছিল।

আৰু পঢ়কঃ লুভীয়া দৰা! বিয়া মণ্ডপত কইনাঘৰৰ পৰা উৰাই-ঘূৰাই পিটন খালে দৰাই


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ