--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী মন্ত্ৰীয়ে এখন চৰকাৰী বিদ্যালয়ৰ শৌচাগাৰ পৰিষ্কাৰ কৰি সমাজলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰেৰণ কৰে। মন্ত্ৰীগৰাকীৰ এই কাৰ্যক সকলোৱে শলাগ লোৱা দেখা গৈছে। মধ্যপ্ৰদেশৰ শক্তি মন্ত্ৰী প্ৰধুমান সিং টোমৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এখন চৰকাৰী বিদ্যালয়ৰ শৌচালয় পৰিষ্কাৰ কৰি মানুহক বুজায় যে পৰিষ্কাৰ-পৰিচ্ছন্নতাইহে এখন সুস্থ সমাজ গঢ়িব পাৰে। মন্ত্ৰী প্ৰধুমান সিং টোমৰে কয় যে, বিদ্যালয়খন পৰিদৰ্শন কৰোতে "এগৰাকী ছাত্ৰীয়ে মোক কৈছিল যে বিদ্যালয়খনৰ শৌচালয়ত কোনো পৰিষ্কাৰ পৰিচ্ছন্নতা নাই, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয়।"

আৰু পঢ়কঃ জন্মদিনৰ উপহাৰ! ২ বছৰীয়া পুত্ৰক চন্দ্ৰৰ মাটি কিনি উপহাৰ দিলে পিতৃয়ে!

এই কথা শুনি শক্তিমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ শৌচাগাৰলৈ গৈ নিজৰ হাতেৰে শৌচাগাৰ পৰিষ্কাৰ কৰে। শক্তি মন্ত্ৰী প্ৰধুমান সিং টোমৰে গোটেই শৌচালয়টো খুব সুন্দৰকৈ পৰিষ্কাৰ কৰি তুলে। তেওঁ লগতে কয়, "মই ৩০ দিনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিশ্ৰুতি লৈছো আৰু মই প্ৰতিদিনে কোনো প্ৰতিষ্ঠানলৈ যাম আৰু ইয়াক পৰিষ্কাৰ কৰিম, মই বিচাৰো যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাৰ্তা সকলো লোকৰ ওচৰলৈ যাওক, মই এনে কৰি আছো যাতে সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি অনুপ্ৰাণিত হয়।"

শক্তি মন্ত্ৰী প্ৰধুমান সিং টোমৰ

পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ লোকসকলক আহ্বান জনোৱাৰ উপৰিও তেওঁ পৌৰ নিগমৰ বিষয়াসকলক প্ৰতিদিনে বিদ্যালয়সমূহৰ শৌচালয় পৰিষ্কাৰ কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে শক্তি মন্ত্ৰী প্ৰধুমান সিঙক ইয়াৰ আগতে কেইবাবাৰো ৰাজহুৱা শৌচালয় পৰিষ্কাৰ কৰা আৰু ৰাস্তাত ঝাড়ু দিয়া দেখা গৈছিল।

আৰু পঢ়কঃ লুভীয়া দৰা! বিয়া মণ্ডপত কইনাঘৰৰ পৰা উৰাই-ঘূৰাই পিটন খালে দৰাই


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন