--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'এনিমেল' ছবিত কৰা অপূৰ্ব  অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা অৰ্জন কৰা ৰণবীৰ কাপুৰ এইবাৰ সাজু হৈছে তেওঁৰ নতুন ছবি  'ৰামায়ণ' ৰ শ্বুটিঙৰ বাবে।  কাপুৰে  'ৰামায়ণ' ছবিখনৰ বাবে কঠোৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ছবি খনত ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰে।সেয়ে আহাৰ-বিহাৰৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰিছে ৰণবীৰে। মাংস ৰণবীৰৰ প্ৰিয় খাদ্য। কিন্তু ৰামৰ চৰিত্ৰত অভিনয় কৰিব বাবেই তেওঁ খাদ্যৰ তালিকাৰ পৰা মাংস একেবাৰে বাদ দিছে। একেদৰে মদো তেওঁ আৰু কিছুদিনলৈ পান নকৰে।ৰামৰ চৰিত্ৰটোৰ বাবেই  তেওঁ সুৰাপানো ত্যাগ কৰিছে বুলি ৰণবীৰৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে। 

ৰণবীৰে ছবি খনৰ বাবে লণ্ডন আৰু মুম্বাইত শ্বুটিঙৰ   ১২০  দিনৰ দীঘলীয়া কাৰ্সূচী গ্ৰহণ কৰিছে। ৰণবীৰে এই বছৰৰ মাৰ্চৰ পৰা 'ৰামায়ণ'ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব। পৰিচালক নীতিশ তিৱাৰীয়ে ছবি খনৰ সৰ্বাংগ সুন্দৰ আৰু নিখুঁত কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তেওঁ যোৱা বছৰৰ অদিপুৰুষ ছবিৰ বাবেহোৱা  বিতৰ্কৰ পৰা  বহু কথাই শিকিছে। 
নীতিশৰ ছবি  'ৰামায়ণ'ৰ বেছিভাগ  দৃশ্যগ্ৰহণ মুম্বাইত কৰা হ'ব। দুমাহ মুম্বাইত শ্বুটিং কৰাৰ পিছত দলটোৱে  লণ্ডনলৈ উৰা মাৰিব।  দক্ষিণৰ তাৰকা যশেও ৰণবীৰৰ সৈতে লণ্ডনলৈ যাব।  দুয়োজন অভিনেতাই লণ্ডনত কিছুমান গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিব।

ৰণবীৰে স্বেচ্ছাই এই ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ ৰামৰ অৱতাৰত অভিনয় কৰাৰ বাবে বিশেষ ধ্যানো কৰি আছে। বাতৰি অনুসৰি ছবি খনত বিজয় সেতুপতিক বিভীষণ,  ছানী দেওলক হনুমান, ববি দেওলক কুম্ভকৰ্ণ, চাই পল্লৱীক সীতাৰ চৰিত্ৰত দেখা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক