--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিনীতি চোপ্ৰা কেৱল বলীউডৰ অভিনেত্ৰীয় নহয়, এগৰাকী উৎকৃষ্ট গায়িকাও। বহু ছবিৰ গীতত তেওঁ নিজৰ কণ্ঠ নিগৰাইছে। পৰিনীতিয়ে স্বীকাৰ কৰিছে যে তেওঁ হাম য়াৰ নেহী, তেৰী মিট্টি, মতলবী য়াৰিয়া আদি বহু গীত গাইছে।

শেহতীয়াকৈ পৰিনীতি চোপ্ৰাই গায়ক হিচাপে মঞ্চত আত্মপ্ৰকাশ কৰিছে। চোপ্ৰাই নিজাকৈ লাইভ শ্ব’ আৰম্ভ কৰিছে। ইফালে হিন্দুস্তান টাইমছৰ সৈতে হোৱা কথা-বতৰাত অভিনেত্ৰীগৰাকীয়ে নতুন কেৰিয়াৰৰ বাবে স্বামী ৰাঘৱ চাদ্ধাক ক্ৰেডিট দি সংগীত চৰ্চাক অনুসৰণ কৰিবলৈ কেনেদৰে প্ৰেৰণা যোগাইছিল সেই কথাও উল্লেখ কৰে।

পৰিনীতি চোপ্ৰাই কয়, ‘মই এনে এজন ব্যক্তিক বিয়া কৰাইছিলো যিয়ে মোক প্ৰতিদিনে প্ৰেৰণা দিয়ে, তেওঁ মোৰ মেৰুদণ্ড আৰু তেওঁ সঁচাকৈয়ে মোক এই পদক্ষেপ ল’বলৈ প্ৰেৰণা দিছিল।’

এই সময়ছোৱাত পৰিনীতি চোপ্ৰাই মঞ্চত অভিষেক ঘটোৱাৰ কথাও উল্লেখ কৰে। পৰিনীতিয়ে কয় যে , ‘মই নিজকে পৃথিৱীৰ শীৰ্ষত অনুভৱ কৰোঁ। বিশ্বাস কৰিব পৰা নাই অৱশেষত মঞ্চত গীত পৰিবেশন কৰিলোঁ। বহু দিনৰ পৰা এই দিনটোৰ সপোন দেখি আহিছিলো। মই বিশ্বাস কৰিব পৰা নাই যে মই দ্বিতীয়টো কেৰিয়াৰ আৰম্ভ কৰিছোঁ। বৰ্তমান মই অভিনয় আৰু সংগীত সমান্তৰালভাৱে কৰাৰ সুযোগ পাইছো, যিটো পূৰ্বে কোনো বলীউডৰ অভিনেত্ৰীয়ে কৰা নাছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক