--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ কেইবাটাও ৰেল ষ্টেচন বোমাৰে উৰুৱাই দিয়া হ’ব। মংগলবাৰে মুম্বাই আৰক্ষীয়ে এই ভাবুকি লাভ কৰে। তাৰপাছতে দাদৰ, কুৰ্লা আৰু চিএচএমটি ষ্টেশ্যনত ব্যাপক সতৰ্কতা অৱলম্বন কৰে।

তিনিওটা ষ্টেচনতে তন্ন তন্নকৈ তালাচি চলায় আৰক্ষীয়ে। কিন্তু সন্দেহজনক কোনো বিচাৰি পোৱা নগ’ল।

ক’ৰপৰা ফোনকলটো আহিছিল তাৰ তদন্ত চলায় আৰক্ষীয়ে। জানিব পাৰে যে ঔৰংগাবাদৰ পৰা এই ভাবুকি দিয়া হৈছিল। ঔৰংগাবাদ আৰক্ষীৰ সহায়ত এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।


গ্ৰেপ্তাৰ কৰাৰ পাছতে অভিযুক্তগৰাকীয়ে যি ভাষ্য প্ৰদান কৰিলে, তাকে লৈ বিমোৰত পৰিছে আৰক্ষী। অভিযুক্তগৰাকীয়ে দাবী কৰে যে মদৰ নিচাতে তেওঁ এই ভাবুকি দিছিল। ৪, ৫ আৰু ৬ ডিচেম্বৰত তিনিওটা ষ্টেশ্যনত অত্যন্ত ভীৰ হৈছিল। এই ভীৰ দেখিয়েই নিচাসক্ত অৱস্থাত তেওঁৰ ভাবুকি দিবলৈ মন গ’ল।

অভিযুক্তৰ এই ভাষ্য অৱশ্যে সহজে লোৱা নাই আৰক্ষীয়ে। ফোনকলটোৰ আঁৰৰ ৰহস্যৰ তদন্ত চলাবলৈ আৰম্ভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু