--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ১৫ বছৰৰ বিজেপি ৰাজত্বৰ অৱসান ঘটাই দিল্লী পৌৰনিগম দখল কৰিলে আম আদমী পাৰ্টিয়ে। এই ঐতিহাসিক জয়ৰ পাছতে অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদ কামনা কৰিছে।

দলৰ বিজয়ৰ পাছত ভোটাৰ আৰু দলীয় কৰ্মীসকলক ধন্যবাদ জনায়। ৰাজধানীৰ উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্যৰ প্ৰয়োজন বুলিও তেওঁ কয়।

“কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰীৰ আৰ্শীবাদ বিচাৰো।”- কেজৰিৱালে কয়।

 “বিজেপি আৰু কংগ্ৰেছক আমি আমাৰ কাষত বিচাৰো। একেলগে আমি দিল্লীক আৰু উন্নত কৰি তুলিম।”- কেজৰিৱালে কয়।

আনহাতে, দিল্লী পৌৰ নিগমত কিয় আপ বিজয়ী হৈছে তাৰো ব্যাখ্যা দাঙি ধৰে কেজৰিৱালে। কয় যে হস্পিতাল, স্কুলৰ উন্নতিৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছে তেওঁৰ চৰকাৰে। এইবাৰ জনতাই দিল্লীক দুৰ্নীতিমুক্ত কৰাৰ দায়িত্ব দিছে বুলি তেওঁ অনুভৱ ব্যক্ত কৰে।

উল্লেখ্য যে ২৫০ খন আসনবিশিষ্ট দিল্লী পৌৰনিগমত আপে ১৩৪ খন আসনত বিজয়ী হয়। বিজেপিৰ দখললৈ যায় ১০৪খন আসন। কংগ্ৰেছে ৯ আৰু অন্যান্য দলসমূহে লাভ কৰিছে ৩খন আসন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক