--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ১৫ বছৰৰ বিজেপি ৰাজত্বৰ অৱসান ঘটাই দিল্লী পৌৰনিগম দখল কৰিলে আম আদমী পাৰ্টিয়ে। এই ঐতিহাসিক জয়ৰ পাছতে অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদ কামনা কৰিছে।

দলৰ বিজয়ৰ পাছত ভোটাৰ আৰু দলীয় কৰ্মীসকলক ধন্যবাদ জনায়। ৰাজধানীৰ উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্যৰ প্ৰয়োজন বুলিও তেওঁ কয়।

“কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰীৰ আৰ্শীবাদ বিচাৰো।”- কেজৰিৱালে কয়।

 “বিজেপি আৰু কংগ্ৰেছক আমি আমাৰ কাষত বিচাৰো। একেলগে আমি দিল্লীক আৰু উন্নত কৰি তুলিম।”- কেজৰিৱালে কয়।

আনহাতে, দিল্লী পৌৰ নিগমত কিয় আপ বিজয়ী হৈছে তাৰো ব্যাখ্যা দাঙি ধৰে কেজৰিৱালে। কয় যে হস্পিতাল, স্কুলৰ উন্নতিৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছে তেওঁৰ চৰকাৰে। এইবাৰ জনতাই দিল্লীক দুৰ্নীতিমুক্ত কৰাৰ দায়িত্ব দিছে বুলি তেওঁ অনুভৱ ব্যক্ত কৰে।

উল্লেখ্য যে ২৫০ খন আসনবিশিষ্ট দিল্লী পৌৰনিগমত আপে ১৩৪ খন আসনত বিজয়ী হয়। বিজেপিৰ দখললৈ যায় ১০৪খন আসন। কংগ্ৰেছে ৯ আৰু অন্যান্য দলসমূহে লাভ কৰিছে ৩খন আসন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু