--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহিল বিজেপি। ৰাজ্যখনত বিজেপিৰ এই চমৎকাৰ জয়ৰ অন্তৰালত ক্ৰিয়া কৰিলে কেইবাটাও কাৰকে। এই কাৰকসমূহৰ ভিতৰত অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে ৰাজ্যখনৰ নাৰী সমাজৰ বিজেপিৰ প্ৰতি সমৰ্থন। 

মোদী মেজিকৰ লগতে নাৰী সমাজৰ বিপুল সমৰ্থনেও মধ্যপ্ৰদেশত পুনৰ ক্ষমতাত অধিষ্ঠিত কৰিলে গেৰুৱা দলক। ৰাজ্যখনত বিজেপিক পুনৰ শাসন ক্ষমতা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে এখন মহিলা কল্যাণকামী আঁচনিয়ে। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ মহিলাসকলক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে বিশেষভাৱে প্ৰণয়ন কৰিছিল এই আঁচনিখন। আঁচনিখনৰ নাম হৈছে ‘লাডলী বেহনা যোজনা’। এই আঁচনিখনে সামৰি লৈছে ৰাজ্যখনৰ এক কোটি ৩১ লাখকৈ মহিলাক। 

বিধানসভা নিৰ্বাচনৰ কিছুমাহ পূৰ্বে মুখ্যমন্ত্ৰী চৌহানে ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছিল আঁচনিখন। আঁচনিখনৰ অন্তৰ্গত মধ্যপ্ৰদেশৰ এক কোটি ৩১ লাখ মহিলাক প্ৰতি মাহে প্ৰদান কৰা হৈছিল ১২৫০ টকাকৈ। এই আঁচনিখনেই বিজেপিৰ বাবে পৰিণত হৈছিল মাষ্টাৰষ্ট্ৰোক হিচাপে। ‘লাডলী বেহনা যোজনা’ই ৰাজ্যখনত বিজেপিৰ বাবে বৃহৎ সমৰ্থকৰ ভেটি নিৰ্মাণ কৰিছিল। প্ৰতি মাহে আৰ্থিক সাহায্য লাভ কৰি এই এক কোটিৰো অধিক মহিলা কৃতজ্ঞ হৈ পৰিছিল বিজেপি চৰকাৰৰ প্ৰতি। এই আৰ্থিক সাহায্যৰ পৰা ৰাজ্যখনৰ দৰিদ্ৰ মহিলা সমাজ বিশেষভাৱে উপকৃত হৈছিল। 

শিৱৰাজ সিঙে নিজকে মধ্যপ্ৰদেশৰ কন্যাসকলৰ মামা হিচাপে পৰিচয় দিয়ে। এগৰাকী মোমায়েক হিচাপেই তেওঁ ৰাজ্যখনৰ মহিলা সমাজৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছে বুলি নিৰ্বাচনী প্ৰচাৰ সভাতো প্ৰায়েই উল্লেখ কৰিছিল। ইফালে, নিৰ্বাচনী ইস্তাহাৰত এই আৰ্থিক সাহায্যৰ পৰিমাণ ১৫০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। এই প্ৰতিশ্ৰুতিত ৰাজ্যখনৰ মহিলা সমাজ প্ৰায় পূৰ্ণ মাত্ৰাত হৈ পৰিছিল বিজেপিমুখী। 

ইয়াৰ পাছতে মধ্যপ্ৰদেশৰ মহিলা সমাজৰ বুজন অংশই কৃতজ্ঞতা প্ৰকাশ কৰিয়েই মামা শিৱৰাজৰ পক্ষত ভোট দিছিল। ৰাজ্যখনৰ মুঠ ভোটাৰৰ প্ৰায় অৰ্ধাংশ এই মহিলা ভোটাৰসকলে বিজেপিৰ পক্ষে ভোট দিয়াত গেৰুৱা দলৰ বাবে বিজয় সহজসাধ্য হৈ পৰিছিল। আনহাতে, ৰাজ্যখনত ৰন্ধন গেছৰ চিলিণ্ডাৰ ৪৫০ টকাতে প্ৰদান কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল বিজেপিৰ। এই প্ৰতিশ্ৰুতিয়েও ৰাজ্যখনৰ মহিলাসকলক আকৃষ্ট কৰিছিল। পাকঘৰৰ দায়িত্ব পালন কৰা সকলো নাৰীয়েই উৎফুল্লিত হৈ পৰিছিল বিজেপিৰ এই প্ৰতিশ্ৰুতিত। 

এনেদৰে মধ্য প্ৰদেশত চতুৰ ৰাজনীতিক শিৱৰাজ সিং চৌহানে নিৰ্বাচনৰ কিছুমাহ পূ্ৰ্বৰে পৰাই আৰম্ভ কৰিছিল হিতাধিকাৰী ৰাজনীতি। হিতাধিকাৰী ৰাজনীতিৰ কৌশলৰেই নাৰী সমাজক বিজেপিৰ সমৰ্থক কৰি তুলিছিল শিৱৰাজ সিঙে। হিতাধিকাৰী ৰাজনীতিৰেই শিৱৰাজ সিঙে গঢ়ি তুলিছিল নাৰী সমাজৰ মাজত বিজেপিৰ বৃহৎ ভোটবেংক। আজি নিৰ্বাচনৰ ফলাফলৰ পাছত প্ৰমাণ হ’ল মধ্যপ্ৰদেশত বিজেপিৰ হিতাধিকাৰী ৰাজনীতিৰ সুফল। বিধানসভা সমষ্টিসমূহত বিজেপিৰ জয়লাভৰ সহায়ক হৈ পৰে মহিলাসকলৰ ভোট। এতিয়া মধ্যপ্ৰদেশত গঠন হ’বলগীয়া নতুন বিজেপি চৰকাৰে কিদৰে নাৰী সমাজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰে সেয়া হৈ পৰিছে লক্ষণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ