--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহিল বিজেপি। ৰাজ্যখনত বিজেপিৰ এই চমৎকাৰ জয়ৰ অন্তৰালত ক্ৰিয়া কৰিলে কেইবাটাও কাৰকে। এই কাৰকসমূহৰ ভিতৰত অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে ৰাজ্যখনৰ নাৰী সমাজৰ বিজেপিৰ প্ৰতি সমৰ্থন। 

মোদী মেজিকৰ লগতে নাৰী সমাজৰ বিপুল সমৰ্থনেও মধ্যপ্ৰদেশত পুনৰ ক্ষমতাত অধিষ্ঠিত কৰিলে গেৰুৱা দলক। ৰাজ্যখনত বিজেপিক পুনৰ শাসন ক্ষমতা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে এখন মহিলা কল্যাণকামী আঁচনিয়ে। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ মহিলাসকলক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ বাবে বিশেষভাৱে প্ৰণয়ন কৰিছিল এই আঁচনিখন। আঁচনিখনৰ নাম হৈছে ‘লাডলী বেহনা যোজনা’। এই আঁচনিখনে সামৰি লৈছে ৰাজ্যখনৰ এক কোটি ৩১ লাখকৈ মহিলাক। 

বিধানসভা নিৰ্বাচনৰ কিছুমাহ পূৰ্বে মুখ্যমন্ত্ৰী চৌহানে ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছিল আঁচনিখন। আঁচনিখনৰ অন্তৰ্গত মধ্যপ্ৰদেশৰ এক কোটি ৩১ লাখ মহিলাক প্ৰতি মাহে প্ৰদান কৰা হৈছিল ১২৫০ টকাকৈ। এই আঁচনিখনেই বিজেপিৰ বাবে পৰিণত হৈছিল মাষ্টাৰষ্ট্ৰোক হিচাপে। ‘লাডলী বেহনা যোজনা’ই ৰাজ্যখনত বিজেপিৰ বাবে বৃহৎ সমৰ্থকৰ ভেটি নিৰ্মাণ কৰিছিল। প্ৰতি মাহে আৰ্থিক সাহায্য লাভ কৰি এই এক কোটিৰো অধিক মহিলা কৃতজ্ঞ হৈ পৰিছিল বিজেপি চৰকাৰৰ প্ৰতি। এই আৰ্থিক সাহায্যৰ পৰা ৰাজ্যখনৰ দৰিদ্ৰ মহিলা সমাজ বিশেষভাৱে উপকৃত হৈছিল। 

শিৱৰাজ সিঙে নিজকে মধ্যপ্ৰদেশৰ কন্যাসকলৰ মামা হিচাপে পৰিচয় দিয়ে। এগৰাকী মোমায়েক হিচাপেই তেওঁ ৰাজ্যখনৰ মহিলা সমাজৰ বাবে এই আঁচনি ৰূপায়ণ কৰিছে বুলি নিৰ্বাচনী প্ৰচাৰ সভাতো প্ৰায়েই উল্লেখ কৰিছিল। ইফালে, নিৰ্বাচনী ইস্তাহাৰত এই আৰ্থিক সাহায্যৰ পৰিমাণ ১৫০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। এই প্ৰতিশ্ৰুতিত ৰাজ্যখনৰ মহিলা সমাজ প্ৰায় পূৰ্ণ মাত্ৰাত হৈ পৰিছিল বিজেপিমুখী। 

ইয়াৰ পাছতে মধ্যপ্ৰদেশৰ মহিলা সমাজৰ বুজন অংশই কৃতজ্ঞতা প্ৰকাশ কৰিয়েই মামা শিৱৰাজৰ পক্ষত ভোট দিছিল। ৰাজ্যখনৰ মুঠ ভোটাৰৰ প্ৰায় অৰ্ধাংশ এই মহিলা ভোটাৰসকলে বিজেপিৰ পক্ষে ভোট দিয়াত গেৰুৱা দলৰ বাবে বিজয় সহজসাধ্য হৈ পৰিছিল। আনহাতে, ৰাজ্যখনত ৰন্ধন গেছৰ চিলিণ্ডাৰ ৪৫০ টকাতে প্ৰদান কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল বিজেপিৰ। এই প্ৰতিশ্ৰুতিয়েও ৰাজ্যখনৰ মহিলাসকলক আকৃষ্ট কৰিছিল। পাকঘৰৰ দায়িত্ব পালন কৰা সকলো নাৰীয়েই উৎফুল্লিত হৈ পৰিছিল বিজেপিৰ এই প্ৰতিশ্ৰুতিত। 

এনেদৰে মধ্য প্ৰদেশত চতুৰ ৰাজনীতিক শিৱৰাজ সিং চৌহানে নিৰ্বাচনৰ কিছুমাহ পূ্ৰ্বৰে পৰাই আৰম্ভ কৰিছিল হিতাধিকাৰী ৰাজনীতি। হিতাধিকাৰী ৰাজনীতিৰ কৌশলৰেই নাৰী সমাজক বিজেপিৰ সমৰ্থক কৰি তুলিছিল শিৱৰাজ সিঙে। হিতাধিকাৰী ৰাজনীতিৰেই শিৱৰাজ সিঙে গঢ়ি তুলিছিল নাৰী সমাজৰ মাজত বিজেপিৰ বৃহৎ ভোটবেংক। আজি নিৰ্বাচনৰ ফলাফলৰ পাছত প্ৰমাণ হ’ল মধ্যপ্ৰদেশত বিজেপিৰ হিতাধিকাৰী ৰাজনীতিৰ সুফল। বিধানসভা সমষ্টিসমূহত বিজেপিৰ জয়লাভৰ সহায়ক হৈ পৰে মহিলাসকলৰ ভোট। এতিয়া মধ্যপ্ৰদেশত গঠন হ’বলগীয়া নতুন বিজেপি চৰকাৰে কিদৰে নাৰী সমাজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰে সেয়া হৈ পৰিছে লক্ষণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু