--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্য প্ৰদেশৰ এটা আশ্চৰ্যকৰ ঘটনা৷ চিকিৎসা শিক্ষাৰ সঞ্চালক এগৰাকীয়ে নিজে চলাই আছিল এজন ভুৱা চিকিৎসা মহাবিদ্যালয়৷ 

মধ্যপ্ৰদেশত আছে শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰ৷ আৰু বিজেপি চৰকাৰৰ দিনতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে সঞ্চালকগৰাকীয়ে৷ এতিয়া প্ৰশ্ন উঠিছে, এই ভয়ংকৰ কাণ্ডৰ পাছতো কিয় নীৰৱতা অৱলম্বন কৰিছিল ৰাজ্য চৰকাৰখনে? দেশৰ একাংশ সাংবাদিকে মন্তব্য কৰিছে যে বিজেপিৰ শাসনৰ অধীনত যি আত্মবিশ্বাসেৰে দুৰ্নীতি সংঘটিত হয় সেয়া আশ্চৰ্যজনক। কেলেংকাৰীৰ ওপৰত কেলেংকাৰী কৰি ধৰা পৰিলেও কোনো গুৰুত্ব আৰোপ নকৰে চৰকাৰে৷ 

শেহতীয়াকৈ, চিবিআই-এ মধ্যপ্ৰদেশৰ ৬০০খনতকৈও অধিক নাৰ্চিং মহাবিদ্যালয় সম্পৰ্কে অনুসন্ধান চলোৱাৰ পাছত তেনে বহু প্ৰতিষ্ঠান উপযুক্ত অনুষদ বা আন্তঃগাঁথনি অবিহনে চলি আছে বুলি জানিব পৰা গৈছে৷ ‘এনডিটিভি’য়ে ৰাজ্যখনৰ ৰাজধানীত এনে এখন চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিছিল আৰু দেখিছিল যে দাবীবোৰ সঁচা। 

ৰাজ্যখনত এনে ভুৱা নাৰ্চিং মহাবিদ্যালয় চলোৱাৰ অভিযোগৰ মাজতে আগষ্টত এনে ১৯খন প্ৰতিষ্ঠানৰ স্বীকৃতি বাতিল কৰা হৈছিল। পৰৱৰ্তী মাহত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে ২০২০-২১বৰ্ষত ৰাজ্যখনত পঞ্জীয়ন কৰা সকলো ৬৭০খন নাৰ্চিং মহাবিদ্যালয়ৰ চিবিআই তদন্তৰ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু