--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশত হোৰাহোৰে খহিছে কংগ্ৰেছৰ ভেটি।  এক কথাত মধ্য প্ৰদেশত কংগ্ৰেছৰ বিভাজন এতিয়া স্পষ্ট হৈ পৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা মধ্য প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰেশ পাচৌৰীয়ে  কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। 

প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁক শনিবাৰে ভূপালৰ দলীয় কাৰ্যালয়ত বিজেপিক পতাকা প্ৰদান কৰে। তেওঁৰ লগতে আন কেইবাজনো কংগ্ৰেছ নেতায়ো বিজেপিত যোগদান কৰে। লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনেদৰে বহু কংগ্ৰেছ নেতাই বিজেপিত যোগদান নিঃসন্দেহে কংগ্ৰেছৰ বাবে এটা ডাঙৰ বিফলতা। কংগ্ৰেছ নেতাসকলৰ এনেধৰণৰ বিজেপি-যোগদানৰ বাবে মধ্য প্ৰদেশত শতিকা প্ৰাচীন  দলটো এতিয়া অসহায় হৈ পৰিছে। 

বিজেপিত যোগদান কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি সুৰেশে কয়, "যেতিয়া মই ৰাজনীতিত প্ৰৱেশ কৰিছিলো, মোৰ উদ্দেশ্য আছিল দেশৰ সেৱা কৰা। স্বাধীন ভাৰতৰ লক্ষ্য আছিল এখন জাতিহীন আৰু শ্ৰেণীহীন সমাজ গঢ়ি তোলা। কিন্তু যোৱা কেইদিনমানত কংগ্ৰেছ নেতৃত্বই লোৱা সিদ্ধান্তবোৰ মোৰ গ্ৰহণযোগ্য হোৱা নাছিল।  "ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী বৰ্জনৰ আহ্বানৰ সময়ত   কংগ্ৰেছে ব্যৱহাৰ কৰা ভাষা অতি হতাশাজনক বুলিও তেওঁ কয় ।

 কংগ্ৰেছৰ সূত্ৰ অনুসৰি সুৰেশ যোৱা বছৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। কংগ্ৰেছৰ প্ৰচাৰতো তেওঁক বেছি দেখা পোৱা যোৱা নাছিল। ফলস্বৰূপে, তেওঁ বিজেপিত যোগদান কৰিব পাৰে বুলি এক ইঙ্গিত পোৱা গৈছিল। সুৰেশৰ উপৰি  কংগ্ৰেছৰ প্ৰাক্তন সাংসদ গজেন্দ্ৰ সিং ৰাজুখেদী, প্ৰাক্তন বিধায়ক সঞ্জয় শুক্লা, বিশাল পেটেল, অৰ্জুন পলিয়া, সতপাল পালিয়া আৰু ভূপাল জিলা কংগ্ৰেছৰ সভাপতি কৈলাশ মিশ্ৰয়ো বিজেপিত যোগদান কৰে।

শেহতীয়াকৈ, মধ্য প্ৰদেশত প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু তেওঁৰ পুত্ৰ নকুল নাথে বিজেপিত যোগদান কৰিব বুলি ব্যাপক জল্পনা-কল্পনা চলি আছে।  অৱশ্যে কমল নাথে  কৈছে যে তেওঁ বিজেপিত যোগদান কৰা নাই। যদিও কমলে বিজেপিত যোগদান কৰা নাই, কংগ্ৰেছে মধ্য প্ৰদেশত দলৰ অৱক্ষয়  অব্যাহত ৰাখিছে। শেহতীয়াকৈ, কমল নাথৰ গৃহ সমষ্টি ছিন্দৱাৰাত ১,৫০০ কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে বিজেপিত যোগদান কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ