--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ১৪ মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সেইদিনাই গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতেৰে ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰা হ'ব। উল্লেখযোগ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল।

তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে। 

উল্লেখ্য যে, ২০১৬ চনত বিজেপি চৰকাৰে শাসন ভাৰ গ্ৰহণ কৰাৰ পিছতেই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ ১৬০ বিঘা ভূমি বেদখল মুক্ত কৰি সেই স্থানতেই ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণকাৰ্য্য আৰম্ভ কৰিছিল।

যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰি কাম কাজৰ খতিয়ান ল'ব। আজি এই বটদ্ৰৱা প্ৰকল্পস্থলীত উপস্থিত হৈ, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে পৰিদৰ্শন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী