--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ১৪ মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সেইদিনাই গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতেৰে ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰা হ'ব। উল্লেখযোগ্য যে, ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰিছিল।

তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য্য খটোৱা অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে। 

উল্লেখ্য যে, ২০১৬ চনত বিজেপি চৰকাৰে শাসন ভাৰ গ্ৰহণ কৰাৰ পিছতেই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ ১৬০ বিঘা ভূমি বেদখল মুক্ত কৰি সেই স্থানতেই ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণকাৰ্য্য আৰম্ভ কৰিছিল।

যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰি কাম কাজৰ খতিয়ান ল'ব। আজি এই বটদ্ৰৱা প্ৰকল্পস্থলীত উপস্থিত হৈ, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে পৰিদৰ্শন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু