--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ মণ্ডল জিলা। চৰকাৰী পৰিসংখ্যা অনুসৰি ছত্তীশগড়ৰ সীমান্তৱৰ্তী এই জিলাখনৰ অধিকাংশ বাসিন্দা জনজাতীয় সম্প্ৰদায়ৰ। এই জিলাৰ দুৰ্গম গাঁওবোৰত শিক্ষাৰ পোহৰ বিশেষ বিয়পি পৰা নাই।

মণ্ডল জিলাৰ দণ্ডাধীশ হৰ্ষিকা সিং। এইজন আই এ এছ বিষয়াই মণ্ডলত দায়িত্ব লোৱাৰ পিছতে জিলাখনৰ উন্নয়নমূলক কামত গুৰুত্ব আৰোপ কৰিছে। একে সময়তে তেওঁ এটা অতিৰিক্ত দায়িত্বও কান্ধত তুলি লৈছে।

হৰ্ষিকাই গাঁৱে গাঁৱে গৈ শিক্ষাৰ প্ৰসাৰৰ বাবে উদ্যোগ লৈছে। জনজাতীয় সম্প্ৰদায়ৰ লোকক বিশেষকৈ মহিলাসকলক শিক্ষিত কৰাৰ বাবে তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। লক্ষ্যত উপনীত হ’বলৈ অক্লান্তভাৱে কাম কৰিছে।

২০১১ চনৰ পৰিসংখ্যা অনুসৰি, মণ্ডল জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল মাত্ৰ ৫৬ শতাংশ। জিলাখনৰ ৬৮ শতাংশ বাসিন্দা আছিল স্বাক্ষৰ। জিলা দণ্ডাধীশ হৰ্ষিকাই এই স্বাক্ষৰৰ সংখ্যা ১০০ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে।

হৰ্ষিকাই কয় যে শিক্ষাৰ অভাৱত প্ৰতিদিনে গাঁৱে গাঁৱে বহু লোকক প্ৰতাৰণা কৰা হৈছে। দুষ্কৃতিকাৰীসকলে বেংকৰ কামত প্ৰতাৰণা কৰি তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ধন আত্মসাৎ কৰিছে। ইয়াৰ প্ৰতিবাদ কৰিবলৈ কোনো নাই।

জিলাখনৰ এগৰাকী ৩৮ বছৰীয়া মহিলাই কয় যে তেওঁ প্ৰতিদিনে অলপ অলপকৈ বেংকত ধন সঞ্চয় কৰি আছিল। পৰিকল্পনা আছিল সেই টকাৰে জীয়েকক স্কুললৈ যাবলৈ চাইকেল এখন কিনিবলৈ। কিন্তু সঞ্চয়ৰ ধন মাজভাগতে বন্ধ হৈ গ’ল।

এদিন মহিলাগৰাকীয়ে হঠাৎ বেংকলৈ গৈ গম পালে যে তাইৰ একাউণ্টত মাত্ৰ কেইশমান টকাহে আছে। তেওঁক প্ৰতাৰণা কৰা হৈছে বুলি উপলব্ধি কৰিছিল কিন্তু কাৰো বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কোনো উপায় নাছিল। কাৰণ মহিলাসকলে শিক্ষিত নহয়।

হৰ্ষিকাৰ মতে, শিক্ষাৰ অভাৱৰ বাবেই গাঁওখনৰ মহিলাসকলক ছলনা কৰি বিভিন্ন নথি-পত্ৰত তেওঁলোকৰ আঙুলিৰ ছাপ লোৱা হয়। ফলত তেওঁলোকে কষ্টোপাৰ্জিত ধন হেৰুৱাবলগীয়া হয়। গাঁৱৰ পুৰুষৰ ক্ষেত্ৰতো একেই কথা।

স্বাক্ষৰ প্ৰচাৰৰ এই কাৰ্যসূচীত নিজেই গাঁৱে গাঁৱে ঘূৰি ফুৰিছে হৰ্ষিকাই। তেওঁ গাঁওবাসীক আখৰ শিকোৱা আৰম্ভ কৰিছে। দিন ৰাতিৰ বিভিন্ন সময়ত হৰ্ষিকাক গাঁৱে গাঁৱে বিচৰণ কৰা দেখা যায়।

হৰ্ষিকাৰ এই পদক্ষেপৰ কথা জানিব পৰাৰ পাছত জিলাখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত লোকো আগবাঢ়ি আহিছে। ইতিমধ্যে প্ৰায় ২৫ হাজাৰ স্বেচ্ছাসেৱক গোট খাইছে। বেছিভাগেই গাঁৱৰ মানুহক বিনামূলীয়াকৈ শিক্ষাদান কৰিছে।

কেৱল নাম লিখিবলৈ শিকোৱাই নহয়, মণ্ডল জিলাৰ জনজাতীয় গাঁওবাসীক টকা গণিবলৈও শিকোৱা হৈছে। গাঁৱৰ মহিলাসকলক হিন্দীত পঢ়া-শুনা শিকোৱা হৈছে।

গাঁৱৰ চুকে-কোণে শিক্ষাৰ পোহৰ বিয়পাই দিয়াৰ এই সংগ্ৰাম সহজ নাছিল। হৰ্ষিকাই কয় যে বহু ক্ষেত্ৰত গাঁৱৰ ৰাইজৰ বাসস্থান আৰু কৰ্মক্ষেত্ৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ ব্যৱস্থা কৰিব লগা হয়।

হৰ্ষিকাই গাঁৱৰ নিৰক্ষৰ পুৰুষৰ বাবে বিশেষ ৰাতিৰ ক্লাছৰ ব্যৱস্থা কৰিলে। মহিলাও তাত শিকিবলৈ আহে। শাহুৱেকে বোৱাৰীৰ হাতত ধৰি লিখিবলৈ শিকিছে।

গাঁৱৰ মানুহে কয় যে প্ৰথম শিক্ষা শিকিবলৈ গৈ বহুতে উজুটি খাইছে। হিন্দী বৰ্ণমালা তেওঁলোকৰ মূৰৰ ওপৰেৰে গৈছে। বাৰে বাৰে হিচাপবোৰ গোলমাল কৰি পেলাইছে। ফলত আৰম্ভণিতে শিক্ষণৰ প্ৰতি কোনো আগ্ৰহ নাছিল।

কিন্তু দিন আগবাঢ়ি যোৱাৰ লগে লগে গাঁৱৰ মানুহৰ ভয় নোহোৱা হৈ গ’ল। ইয়াৰ বিপৰীতে তেওঁলোকৰ শিক্ষাৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠিছে। আই এ এছ হৰ্ষিকাৰ এই পদক্ষেপে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু