--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ মণ্ডল জিলা। চৰকাৰী পৰিসংখ্যা অনুসৰি ছত্তীশগড়ৰ সীমান্তৱৰ্তী এই জিলাখনৰ অধিকাংশ বাসিন্দা জনজাতীয় সম্প্ৰদায়ৰ। এই জিলাৰ দুৰ্গম গাঁওবোৰত শিক্ষাৰ পোহৰ বিশেষ বিয়পি পৰা নাই।

মণ্ডল জিলাৰ দণ্ডাধীশ হৰ্ষিকা সিং। এইজন আই এ এছ বিষয়াই মণ্ডলত দায়িত্ব লোৱাৰ পিছতে জিলাখনৰ উন্নয়নমূলক কামত গুৰুত্ব আৰোপ কৰিছে। একে সময়তে তেওঁ এটা অতিৰিক্ত দায়িত্বও কান্ধত তুলি লৈছে।

হৰ্ষিকাই গাঁৱে গাঁৱে গৈ শিক্ষাৰ প্ৰসাৰৰ বাবে উদ্যোগ লৈছে। জনজাতীয় সম্প্ৰদায়ৰ লোকক বিশেষকৈ মহিলাসকলক শিক্ষিত কৰাৰ বাবে তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে। লক্ষ্যত উপনীত হ’বলৈ অক্লান্তভাৱে কাম কৰিছে।

২০১১ চনৰ পৰিসংখ্যা অনুসৰি, মণ্ডল জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল মাত্ৰ ৫৬ শতাংশ। জিলাখনৰ ৬৮ শতাংশ বাসিন্দা আছিল স্বাক্ষৰ। জিলা দণ্ডাধীশ হৰ্ষিকাই এই স্বাক্ষৰৰ সংখ্যা ১০০ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে।

হৰ্ষিকাই কয় যে শিক্ষাৰ অভাৱত প্ৰতিদিনে গাঁৱে গাঁৱে বহু লোকক প্ৰতাৰণা কৰা হৈছে। দুষ্কৃতিকাৰীসকলে বেংকৰ কামত প্ৰতাৰণা কৰি তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ধন আত্মসাৎ কৰিছে। ইয়াৰ প্ৰতিবাদ কৰিবলৈ কোনো নাই।

জিলাখনৰ এগৰাকী ৩৮ বছৰীয়া মহিলাই কয় যে তেওঁ প্ৰতিদিনে অলপ অলপকৈ বেংকত ধন সঞ্চয় কৰি আছিল। পৰিকল্পনা আছিল সেই টকাৰে জীয়েকক স্কুললৈ যাবলৈ চাইকেল এখন কিনিবলৈ। কিন্তু সঞ্চয়ৰ ধন মাজভাগতে বন্ধ হৈ গ’ল।

এদিন মহিলাগৰাকীয়ে হঠাৎ বেংকলৈ গৈ গম পালে যে তাইৰ একাউণ্টত মাত্ৰ কেইশমান টকাহে আছে। তেওঁক প্ৰতাৰণা কৰা হৈছে বুলি উপলব্ধি কৰিছিল কিন্তু কাৰো বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কোনো উপায় নাছিল। কাৰণ মহিলাসকলে শিক্ষিত নহয়।

হৰ্ষিকাৰ মতে, শিক্ষাৰ অভাৱৰ বাবেই গাঁওখনৰ মহিলাসকলক ছলনা কৰি বিভিন্ন নথি-পত্ৰত তেওঁলোকৰ আঙুলিৰ ছাপ লোৱা হয়। ফলত তেওঁলোকে কষ্টোপাৰ্জিত ধন হেৰুৱাবলগীয়া হয়। গাঁৱৰ পুৰুষৰ ক্ষেত্ৰতো একেই কথা।

স্বাক্ষৰ প্ৰচাৰৰ এই কাৰ্যসূচীত নিজেই গাঁৱে গাঁৱে ঘূৰি ফুৰিছে হৰ্ষিকাই। তেওঁ গাঁওবাসীক আখৰ শিকোৱা আৰম্ভ কৰিছে। দিন ৰাতিৰ বিভিন্ন সময়ত হৰ্ষিকাক গাঁৱে গাঁৱে বিচৰণ কৰা দেখা যায়।

হৰ্ষিকাৰ এই পদক্ষেপৰ কথা জানিব পৰাৰ পাছত জিলাখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত লোকো আগবাঢ়ি আহিছে। ইতিমধ্যে প্ৰায় ২৫ হাজাৰ স্বেচ্ছাসেৱক গোট খাইছে। বেছিভাগেই গাঁৱৰ মানুহক বিনামূলীয়াকৈ শিক্ষাদান কৰিছে।

কেৱল নাম লিখিবলৈ শিকোৱাই নহয়, মণ্ডল জিলাৰ জনজাতীয় গাঁওবাসীক টকা গণিবলৈও শিকোৱা হৈছে। গাঁৱৰ মহিলাসকলক হিন্দীত পঢ়া-শুনা শিকোৱা হৈছে।

গাঁৱৰ চুকে-কোণে শিক্ষাৰ পোহৰ বিয়পাই দিয়াৰ এই সংগ্ৰাম সহজ নাছিল। হৰ্ষিকাই কয় যে বহু ক্ষেত্ৰত গাঁৱৰ ৰাইজৰ বাসস্থান আৰু কৰ্মক্ষেত্ৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ ব্যৱস্থা কৰিব লগা হয়।

হৰ্ষিকাই গাঁৱৰ নিৰক্ষৰ পুৰুষৰ বাবে বিশেষ ৰাতিৰ ক্লাছৰ ব্যৱস্থা কৰিলে। মহিলাও তাত শিকিবলৈ আহে। শাহুৱেকে বোৱাৰীৰ হাতত ধৰি লিখিবলৈ শিকিছে।

গাঁৱৰ মানুহে কয় যে প্ৰথম শিক্ষা শিকিবলৈ গৈ বহুতে উজুটি খাইছে। হিন্দী বৰ্ণমালা তেওঁলোকৰ মূৰৰ ওপৰেৰে গৈছে। বাৰে বাৰে হিচাপবোৰ গোলমাল কৰি পেলাইছে। ফলত আৰম্ভণিতে শিক্ষণৰ প্ৰতি কোনো আগ্ৰহ নাছিল।

কিন্তু দিন আগবাঢ়ি যোৱাৰ লগে লগে গাঁৱৰ মানুহৰ ভয় নোহোৱা হৈ গ’ল। ইয়াৰ বিপৰীতে তেওঁলোকৰ শিক্ষাৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠিছে। আই এ এছ হৰ্ষিকাৰ এই পদক্ষেপে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement